ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত পূৰ্ণ প্ৰস্তুতিৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে শাসকীয় কংগ্ৰেছ আৰু বিজেপি৷ অহা ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ আগে আগে নিজৰ নিজৰ ঘোষণা পত্ৰ প্ৰকাশেৰে ভোটাৰক আকৃষ্ট কৰিবলৈ জোৰদাৰ নীতি অৱলম্বন কৰিছে দুয়ো দলে৷
কিছুদিন পূৰ্বে কৰ্ণাটকত শাসকীয় কংগ্ৰেছ দলৰ হৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰ্ণাটক উন্নয়নৰ বিভিন্ন দিশ সামৰি ঘোষণা পত্ৰ প্ৰকাশ কৰে৷ তাৰ পিছতে শুকুৰবাৰে বিজেপিয়েও নিজৰ দলৰ ঘোষণা পত্ৰ প্ৰকাশ কৰি কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত অৱৰ্তীৰ্ণ হয়৷
বিজেপিয়ে ঘোষণা পত্ৰত ৰাজ্যখনৰ বিভিন্ন উন্নয়নকামী দিশ সাঙুৰি লয়৷ মহিলাসকলৰ বিকাশৰ পৰা দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছ বিতৰণকে ধৰি বিভিন্ন উন্নয়য়নৰ প্ৰস্তাৱ উত্থাপন কৰি বিজেপিয়ে ৰাজ্যখনৰ ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে৷
শুকুৰবাৰে প্ৰকাশ কৰা বিজেপিৰ ঘোষণা পত্ৰত মহিলাসকলক ২ লাখ পৰ্যন্ত লোনত ১ শতাংশ সুদ নিৰ্ধাৰণেৰে মহিলা সকলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰা হয়৷ তদুপৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলক ফ্ৰী স্মাৰ্ট ফোন প্ৰদান কৰা হ’ব বুলিও বিজেপিয়ে ঘোষণা পত্ৰত উল্লেখ কৰে৷
আনহাতে জীৱ-জন্তুৰ বাবে ৩০০০ কোটি টকা প্ৰদান কৰাৰ লগতে খৰাং পীড়িত অঞ্চলৰ ২০ লাখ কৃষকক ১০,০০০ টকাকৈ আৰ্থিক অনুদান প্ৰদানৰ ঘোষণা কৰে বিজেপিয়ে৷ পানী যোগান প্ৰকল্পৰ বাবে ১.৫ লাখ কোটি আৰু কৃষকৰ পানী পাম্পৰ বাবে ১০ ঘন্টা বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি ঘোষণা পত্ৰত প্ৰকাশ কৰে৷
ইফালে বিজেপিয়ে কৰ্ণাটকৰ নিৰ্বাচনী ঘোষণা পত্ৰত গো-হত্যা ৰোধ, ভাগ্যলক্ষ্মী আঁচনিৰ জৰিয়তে মধ্যম আৰু নিম্ন বৰ্গৰ মহিলাক ১-২ লাখ আৰ্থিক ঋণ প্ৰদান, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাৰ বিয়াত ৩ গ্ৰামৰ সোণৰ মংগলসূত্ৰ প্ৰদান, চাকৰিৰ বাবে ২৫০ কোটি টকা আবন্টন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
৩০০ৰো অধিক অন্নপূৰ্ণা কেন্টিন নিৰ্মাণ, ৪০০গৰাকী অনুসূচিত জনজাতিৰ শিশুক বিদেশত শিক্ষা লাভ কৰাৰ সুবিধা প্ৰদান, ৭৫০০ কোটি টকাৰ বাজেটেৰে অবিচি সকলৰ বাবে দোকান নিৰ্মাণ কৰাৰ সুবিধা, ২৪ ঘন্টাই দুৰ্নীতি নিবাৰণ হেল্পলাইন, শিক্ষাৰ্থীসকলৰ স্নাতক পৰ্যন্ত বিনামূলীয়া শিক্ষা লাভৰ ব্যৱস্থা প্ৰদান আদি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নৰ প্ৰতিশ্ৰুতি বিজেপিয়ে ঘোষণাপত্ৰযোগে প্ৰকাশ কৰে৷
ইফালে কংগ্ৰেছে প্ৰকাশ কৰা ঘোষমা পত্ৰখনতো কৰ্ণাটকৰ বিভিন্ন উন্নয়নৰ দিশ সাঙুৰি লোৱা হৈছিল৷ তাৰ ভিতৰত কংগ্ৰেছে প্ৰদান কৰা দুৰ্নীতিমুক্ত কৰ্ণাটক গঢ়াৰ প্ৰতিশ্ৰুতি, মহিলাসকলৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে কংগ্ৰেছে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছিল৷