newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ১০৪ খন আসনত জয়ী হৈছে। কংগ্ৰেছে এতিয়া লৈ ৭৭ খন আসনত জয়ী হোৱাৰ লগতে এখন আসনত আগবাঢ়ি আছে৷ জেডিএছে ৩৭ খন আসনত জয়ী হোৱাৰ লগতে এখন আসনত আগবাঢ়ি আছে৷
জেডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা ক্ষীণ দেখা গৈছে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰি ৰ’ব বুলি কৰা অনুমান সঁচা হৈছে৷
তাৰ মাজত শিৱসেনাই সহযোগী বিজেপিক তীব্ৰ আক্ৰমণ কৰিছে৷ মহাৰাষ্ট্ৰত বিজেপিৰ সৈতে একেলগে মিত্ৰজোঁটৰ চৰকাৰ চলাই থকা শিৱসনোই এবাৰ বেলটেৰে ভোট অনুষ্ঠিত কৰাৰ প্ৰত্যাহ্বান জনাই বিজেপিক৷ শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেই কয় ‘‘এবাৰ ইভিএমৰ সলনি বেলট পেপাৰেৰে নিৰ্বিচন অনুষ্ঠিত কৰিলে বিজেপিৰ সকলো ভুল দূৰ হ’ব৷’’