newsnextone.com | ডিজিটেল ডেস্কঃ আস্থা ভোটৰ পূৰ্বেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে বিজেপি আৰু কৰ্ণাটকৰ ৰাজ্যপালক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ আৰু আন আন দলে৷ বিধানসভাত আবেগিক ভাষণ প্ৰদান কৰি বিএছ য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমে তীব্ৰ আক্ৰমণ কৰে ৰাজ্যপাল ভেজুভাই বালাক৷
#WATCH Derogatory statement by Congress' Sanjay Nirupam, says, 'Iss desh mein wafadari ka naya kirtimaan sthaapit kiya hai Vajubhai Vala (#Karnataka Guv) ji ne, ab shayad India ka har aadmi apne kutte ka naam Vajubhai Vala hi rakhega kyunki isse zyada wafaadaar koi ho nahi sakta' pic.twitter.com/P0EtWWo58i
— ANI (@ANI) May 19, 2018
সঞ্জয় নিৰুপমে কয় যে এই খন দেশত আনুগত্য প্ৰকাশ কৰি নতুন ইতিহাস ৰচিলে ভেজুভাই বালাই৷ এইখন দেশৰ প্ৰায় মানুহে এতিয়া কুকুৰৰ নাম ভেজুভাই বালা ৰাখিব৷ কিয়নো ইয়াতকৈ বেছি আনুগত্য প্ৰকাশ আন কোনেও কৰিব নোৱাৰে৷ কংগ্ৰেছ নেতাই এনেদৰে আক্ৰমণ কৰে ৰাজ্যপালগৰাকীক৷