newsnextone.com | ডিজিটেল ডেস্কঃ মোজাফ্ফৰনগৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ সৈতে বিহাৰৰ এগৰাকী মন্ত্ৰীৰ স্বামীৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল। স্বামী জড়িত থকাৰ অভিযোগ উত্থাপন হৈ অহাত বিহাৰৰ সমাজ কল্যাণ মন্ত্ৰী মঞ্জু বৰ্মাই অৱশেষত মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে বুধবাৰে। এই কাণ্ডৰ তদন্ত চিবিআয়ে কৰি আছে। অনুমান কৰা মতে, মঞ্জু বৰ্মাৰ স্বামী চন্দ্ৰ শেখৰ বৰ্মাক জেৰা কৰিব পাৰে চিবিআয়ে। চিবিআয়ে জেৰা কৰাৰ পূৰ্বেই সমাজকল্যাণ মন্ত্ৰী মঞ্জু বৰ্মাই পদত্যাগ কৰে।
I resigned because media and opposition had created a furore
— ANI (@ANI) August 8, 2018
, but I have full faith in CBI and Judiciary, I am sure truth will be out and my husband will come out clean: Manju Verma,Bihar Minister who resigned. #MuzaffarpurShelterHome pic.twitter.com/PGDTPC94Vm
মোজাফ্ফৰনগৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ মুল অভিযুক্ত ব্ৰজেশ ঠাকুৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হয় মঞ্জু বৰ্মাৰ স্বামীৰ বিৰুদ্ধে। অভিযোগ মতে সমাজকল্যাণ মন্ত্ৰী মঞ্জু বৰ্মাৰ স্বামীয়ে সম্পৰ্ক বজাই চলিছিল ব্ৰজেশ ঠাকুৰৰ সৈতে। বিৰোধী দলে মন্ত্ৰীৰ স্বামীয়ে এই কাণ্ডৰ সৈতে জৰিত থকাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ খাতিৰত মন্ত্ৰীগৰাকীক পদত্যগ দাবী কৰিছিল। দিল্লীৰ যন্তৰ-মন্তৰত দেশৰ সকলো বিৰোধী দলে প্ৰতিবাদ পৰ্যন্ত সাব্যস্ত কৰিছিল।
Muzaffarpur Shelter Home Case: Bihar Minister Manju Verma resigns. Her husband has been accused of having links with alleged mastermind Brajesh Thakur pic.twitter.com/ayxu5mo6xj
— ANI (@ANI) August 8, 2018
তাৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কাৰোবাৰ বিৰুদ্ধে তথ্য নাথাকিলে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰো বুলি কৈছিল। ইয়াৰ মাজতে একাংশ সংবাদ মাধ্যমে মন্ত্ৰীগৰাকীৰ স্বামীয়ে নিয়মতি ভাৱে ধৰ্ষণ কাণ্ডৰ ঘটনাৰ মুল অভিযুক্ত ব্ৰজেশৰ ঠাকুৰৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ খবৰ প্ৰচাৰ কৰাৰ পিছতে পদত্যাগ কৰে মন্ত্ৰীগৰাকীয়ে।
Call records of accused Brajesh Thakur should be made public, we will then see who all he used to talk to: Manju Verma,Bihar Minister who resigned. #MuzaffarpurShelterHome pic.twitter.com/Vmxl3bTzNz
— ANI (@ANI) August 8, 2018
মোজাফ্ফৰনগৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিহাৰৰ বিৰোধী দল আৰজেডিয়ে। বৰ্তমানৰ আৰজেডি নেতা তথা লালু প্ৰসাদ যাদবৰ পুত্ৰ তেজস্বী যাদৱে শনিবাৰে দিল্লীত যন্তৰ-মন্তৰত প্ৰতিবাদ কৰাৰ লগতে দেশৰ সকলো বিৰোধী দল প্ৰতিবাদত চামিল হৈ ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে মন্ত্ৰীগৰাকীক পদত্যাগৰ দাবী উত্থাপন কৰিছিল।
উল্লেখ্য যে, অভিভাৱকহীন, গৃহহীন কিশোৰী আৰু যুৱতীক ৰখা হৈছিল বালিকা গৃহত। ৩৪ গৰাকী কিশোৰী আৰু যুৱতীক প্ৰতিদিনে ধৰ্ষণ কৰা হৈছিল। কিশোৰী আৰু যুৱতীক বাহিৰলৈ ওলাই আহিব দিয়া হোৱা নাছিল। অকথ্য শৰিৰীক নিৰ্যাতন দি ধৰ্ষণ কৰা হৈছিল। যাৰ ফলত তিনিগৰাকী কিশোৰীৰ মৃত্যু হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ দেশত। বিৰোধী দলে বিহাৰ চৰকাৰে মহিলাক সুৰক্ষা দিয়াৰ ব্যৰ্থ হোৱাৰ লগতে এই ঘটনাত বিহাৰ চৰকাৰৰ লোক জৰিত থকা বুলি দাবী কৰি আহিছে।