♦ ভূমি ৰাজহ আইন ১৮৮৬ৰ সংশোধনীৰ বাবে খচৰা প্ৰস্তুত
♦ অসম ভূমি সুৰক্ষা মহাসভাৰ মাৰ্চত অভিৱৰ্তন
♦ আহিব উদ্ধৱ থাকৰে
গুৱাহাটীঃ আজি অসম ভুমি সুৰক্ষা মহাসভাই দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে যোৱা ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অৱস্থিত চিলাৰায় ভৱনত অসম ভূমি সুৰক্ষা একশ্বন কমিটীৰ উদ্যোগত বিশেষ সভা এখন অনুষ্ঠিত কৰিছিল ।
একশ্বন কমিটীৰ অধ্যক্ষ বিমল চন্দ্ৰ শইকীয়াই বিশেষ সভাখনৰ ব্যাখ্যা কৰি কয় যে যোৱা ১২-১২-২০১৮ অসম ভুমি মহাসভাৰ ১৯ জনীয়া প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি অসম ভূমি ৰাজহ আইন ১৮৮৬ ৰ "দশম অধ্যায়ৰ সংশোধনী খচৰা প্ৰস্তাৱ " সমন্বিতে পাঁচ দফীয়া দাবী চনদ আৰু স্মাৰক-পত্ৰ এখন চৰকাৰক দাখিল কৰিবলৈ প্ৰয়াস কৰিছিল ৷
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ বাবে ২৫ দিন অপেক্ষা কৰি সঁহাৰি নোপোৱাত সভাৰ সিদ্ধান্ত অনুসৰি ৯ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বিহিত ব্যৱস্থাৰ বাবে স্মাৰক-পত্ৰ আৰু সংশোধনী খচৰা প্ৰস্তাৱ একেলগে প্ৰেৰণ কৰে।
অসমৰ পিছপৰা শ্ৰেণীসমূহৰ ভুমি সুৰক্ষা ব্যৱস্থা থকা অসম ভূমি আৰু ৰাজহ আইন, ১৮৮৬ ৰ দশম অধ্যায়ৰ সংশোধনী প্ৰস্তাৱ সমন্বিতে অসমৰ অস্তিত্ব ৰক্ষাৰ কবচ স্বৰূপ ৫ দফীয়া দাবীচনদসহ স্মাৰক পত্ৰখনৰ ক্ৰিয়া আৰু ভাগ্য সম্পৰ্কে বিশদ আলোচনা কৰি পৰৱৰ্তী কাৰ্যপন্থা হাতত ল'বলৈকে বিশেষ সভাখন আহ্বান কৰিছিলে।
আজি সংগঠনটোৰ সভাপতি বিমল শইকীয়া,একচন সমিতিৰ সভাপতি কৃষ্ণকান্ত মহন্ত,কলিতা জনগোষ্ঠীৰ সাধাৰন সম্পাদক দেৱ কুমাৰ ডেকা সংবাদমেলত উপস্থিত থাকে৷ সংগঠন'টোৰ সভাপতি বিমল শইকীয়াই কয় যে তেওঁলোকে ৰাজপথত গৈ আন্দোলন নকৰি ৰাইজৰ সহযোগত মত লৈ ৯ আৰু ১০মাৰ্চত গুৱাহাটীত এখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰিব।
অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি তেওঁলোকৰ কোনোধৰণৰ বিশ্বাস নাই সেইবাবে মেঘালয়, মিজোৰাম আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীক বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনাব বুলি অসম ভুমি সুৰক্ষা মহাসভাই আজিৰ সংবাদমেলত জনায়। এই সভাত শিৱসেনাৰ উদ্ধৱ থাকৰেক নিমন্ত্ৰন জনাব বুলি উল্লেখ কৰে ৷