গুৱাহাটীঃ নিৰ্বাচনৰ পূৰ্বে যৌন কেলেংকাৰীৰ গোচৰৰপৰা মুক্তি লাভ কৰা নগাঁও বৰ্তমানৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে এইবাৰ গোচৰ তৰিলে অসমৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ বিৰুদ্ধে। 

ডিৱাই ৩৬৫ নামৰ টেলিভিছন চেনেলটোৰ পৰিচালন সঞ্চালক দীপান্বিত জয়ছোৱাল, মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, চেনেলটোৰ নগাঁৱৰ সংবাদদাতা তপন কুমাৰ বৰা আৰু ব্ৰহ্মপুত্ৰৰ টেলি প্ৰডাক্টশ্বনৰ বিৰুদ্ধে ক্ৰিমিনেল ডিফমেচন ভাৰতীয় দণ্ডবিধিৰ ৪৯৯/৫০০/৫০১/৩৪/৩৫ৰ অধীনত গোচৰ ৰুজু কৰে।

গুৱাহাটীৰ চিজেএম আদালতত সেই গোচৰৰ সন্দৰ্ভত বুধবাৰে গ্ৰহণ কৰা হয় সাক্ষ্য। আদালতে সাক্ষ্য গ্ৰহণ কৰে গোচৰীয়া ৰাজেন গোহাঁই আৰু তেওঁ সহযোগী দ্বীপজ্যোতি শৰ্মাৰ। 

উল্লেখ যে আদালতত সাক্ষ্য প্ৰদান কৰি সাংসদ গৰাকীয়ে কয় যে এই বচৰৰে যোৱা ২২ মাৰ্চৰ দিনা টেলিভিছন চেনেলটোৱে এক বাতৰিত তেওঁৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল। যিটো বাতৰিৰ কোনো সত্য-সত্যতা নাছিল। 

লগতে তেওঁ কয়, "মোৰ ফটো লগাই মই হয় নে নহয় কোনো প্ৰমাণ নোহোৱাকৈ চেনেলটোৱে বাতৰিৰ পৰিৱেশন কৰি মোৰ ৰাজনৈতিক ভাবমূৰ্তি সম্পূৰ্ণ বিনষ্ট কৰিছে।" লগতে দাবী কৰে সেই বাতৰিটো বাবেই তেওঁ প্ৰাৰ্থিত্বৰপৰা বঞ্চিত হ’ব লগা হৈছিল।

আনহাতে গোহাঁইৰ এই গোচৰৰ অধিবক্তা দেৱজিত শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে আজি আদলতে গোচৰটো সন্দৰ্ভত দুগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰে। পুনৰ অহা ৩ মে'ত আদলতে আন দুগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিব। সেই সাক্ষ্য গ্ৰহণৰ পাছতে ভিন্ন পক্ষলৈ জাননী জাৰি কৰিব। বৰ্তমান ভাৰতীয় দণ্ডবিধিৰ ২০২ৰ অধীনত গোচৰটোৰ তদন্তৰ চলি আছে বুলিও জানিবলৈ দিয়ে।