গুৱাহাটীঃ স্মাৰ্ট পুলিচৰ চকুত ধূলি দি মহানগৰীত অব্যাহত আছে চোৰৰ অভিযান। চোৰৰ বিৰুদ্ধে যিমানে নতুন নতুন কৌশল মহানগৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে, সিমানেই স্মাৰ্ট হৈ গৈছে মহানগৰ চোৰো।
চোৰ কৰিবলৈ আহি এইবাৰ চিচি টিভিত ধৰা পৰা ভয়ত স্মাৰ্ট চোৰে খুলি লৈ গল খুদ চিচি টিভিয়েই। এই ঘটনা সংঘটিত হৈছে অসমৰ এগৰাকী জনপ্রিয় কণ্ঠশিল্পী ঘৰত। মহানগৰীৰ বৰসজাইত থকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ গীত পৰিৱেশনত ব্যস্ত থকাৰ সময়তে মঙলবাৰে ৰাতি কণ্ঠশিল্পীগৰাকীৰ ঘৰত সংঘটিত হয় এই চুৰি কাণ্ডৰ।
কণ্ঠশিল্পী গৰাকীৰ ঘৰৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে চলালে লুট-পাত। অৱশ্যে কোনোধৰণৰ মূল্যৱান সামগ্ৰী চোৰে নিবলৈ সক্ষম নহ’ল যদিও কণ্ঠশিল্পীগৰাকীৰ বিভিন্ন মূল্যৱান সামগ্ৰী নষ্ট কৰাৰ লগতে ভাঙি থৈ যায়।
উল্লেখ যে এই বর্ষৰ ৰঙালীৰ আৰম্ভণিতে বিহুমঞ্চত সাংস্কৃতিক সন্ধিয়া গীত পৰিৱেশন কৰি আহোঁতে কণ্ঠশিল্পীগৰাকীৰ ৰঙিয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল। তাৰ পাছত প্ৰায় এক সপ্তাহৰ বিশ্ৰাম লৈ পুনৰ বিহু মঞ্চত আৰম্ভ কৰিছিল অনুষ্ঠান।
ইফালে এই চুৰি কাণ্ডৰ পাছতে এতিয়া কণ্ঠশিল্পীগৰাকীৰ লগতে পৰিয়ালটো তীব্ৰ নিৰাপত্তাহীনতাত ভোগা বুলি জানিবলৈ দিয়ে।