স্থানান্তৰ পূৰ্বে প্ৰাচীন ঘৰটো
স্থানান্তৰ পূৰ্বে প্ৰাচীন ঘৰটো

ডিজিটেল ডেস্কঃ এখন চহৰৰ পৰা আন এখন চহৰলৈ প্ৰায়েই বিভিন্ন কাৰণত সা-সামগ্ৰী অনা-নিয়া কৰিবলগীয়াত পৰে বহু লোকে। এখন ঘৰৰ পৰা আন এখন ঘৰলৈ অনা-নিয়া কৰিবলগীয়া হোৱা এনে সা-সামগ্ৰীসমূহৰ ভিতৰত আছে পোছাক, আচবাব, গাড়ী আদি।

কিন্তু কেতিয়াবা যিটো ঘৰত থকা হয় সেই ঘৰটোকে এখন চহৰৰ পৰা আন এখন চহৰলৈ নিয়াৰ কথা কাৰোবাৰ মনলৈ আহিছেনে? মনলৈ আহিছে যদিও সেয়া অসম্ভৱ বুলি ধাৰণা কৰিয়েই সকলোৱে তেনে চেষ্টা কৰাৰ পৰা বিৰত আছে।

পিছে এই পৃথিৱীত এনে মানুহো আছেনে যিয়ে পছন্দৰ ঘৰটো সম্পূৰ্ণ একে ৰাখি স্থানান্তৰিত কৰিবলৈকে পিছ হুহকা নাই? শুনিবলৈ কাহিনী যেন লাগিলেও এই পৃথিৱীত নিশ্চিতভাৱেই আছে এনে ব্যতিক্ৰমী মনৰ মানুহ।

ব্যতিক্ৰমী মনৰ এই লোকজন হৈছে ৫২ বৰ্ষীয় দিল্লীৰ আৰ্কিটেক্ট প্ৰদীপ সচদেৱ। কিছুদিনপূৰ্বে লোকজনে কেৰালাত এটি ৩০০ বছৰ পুৰণি ঘৰ ক্ৰয় কৰে। ক্ৰয় কৰাতে ক্ষান্ত নাথাকি প্ৰাচীন সেই ঘৰটো কেৰালাৰ পৰা গুৰগ্ৰামলৈ লৈ আনিছে লোকজনে।

ঘটনাৰ আৰম্ভ হৈছিল ২০১০ চনত। কেৰালাৰ পাথানামথিত্তা জিলাৰ মেপ্ৰাল গাঁৱৰ এই প্ৰাচীন ঘৰটোৰ সমুখত থিয় হৈ প্ৰদীপ সচদেৱে এবাৰলৈও ভবা নাছিল যে তেও কোনো ভুল সিদ্ধান্ত লৈ পেলাইছে। কিয়নো তেওঁৰ নিজে কৰ্তব্যৰত সংস্থাটো এনেধৰণৰ ঘৰ ভঙা-পতা কামকে কৰি থাকে। সেয়ে কেৰালাৰ নৈৰ পাৰৰ ৩০০ বছৰ প্ৰাচীন ঘৰটো তুলি গুৰগ্ৰামত থকা নিজৰ মাটিলৈ তুলি নিয়াতো যে অসম্ভৱ হ’ব সেয়া ভবাই নাছিল।

এই ঘৰটোত আছে কেৰালাৰ বিশেষ স্থাপত্যশৈলী, যি শৈলী অসাধাৰণ আৰু বিশেষতকৈও বিশেষ। সম্পূৰ্ণ ঘৰটোৱে কাঠেৰে তৈয়াৰী আৰু তাত কোনোধৰণৰ কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হোৱা নাই। সযতনে সংৰক্ষিত ঘৰটোৰ যাতে একো ক্ষতি নহয় তাৰ বাবে প্ৰদীপে কথা পাতে স্থানীয় বাঢ়ৈসকলৰ সৈতে।

বাঢ়ৈসকলেও ২০০০ বৰ্গফুটৰ ঘৰটো স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত প্ৰদীপক সহায় আগবঢ়াবলৈ সন্মত হয়। অৱশেষত কেবাদিনৰ সাৱধানী চেষ্টাৰ অন্তত কেৰালাৰ পৰা ৩০০ বছৰ পুৰণি ঘৰটো অকণো হানি-বিঘিনি নোহোৱাকৈ স্থানান্তৰ কৰা হয় ২৬০০ কিলোমিটাৰ দূৰত্বৰ গুৰগ্ৰামলৈ। স্থানান্তৰৰ পিছত গুৰগ্ৰামত আৰ্কিটেক্ট প্ৰদীপৰ মাটিত ঘৰটো একেটা ষ্টাইলত স্থাপন কৰিবলৈ প্ৰয়োজন হয় প্ৰায় ৬ সপ্তাহ।

স্থানান্তৰৰ পিছত ঘৰটোৰ নতুন ৰূপ

'ঘৰটো দেখাৰ পিছতে সেইটো মই কিনিম বুলি সিদ্ধান্ত লৈ পেলাইছিলো। কিন্তু মাটি কিনাৰ মোৰ সমূলি ইচ্ছা নাছিল। মই শুনিছিলো যে চেষ্টা কৰিলে ঘৰ স্থানান্তৰ কৰিব পাৰি। লগে লগে মই পৰম্পৰাগত শৈলীৰ নিৰ্মাণৰ সৈতে জড়িত কাঠমিস্ত্ৰীসকলৰ সৈতে যোগাযোগ কৰিলো আৰু তেওঁলোক সন্মত হ’ল। এতিয়া ঘৰটোৰ গৰাকী হ’বলৈ মই সুখী। আশা কৰিছো ঘৰটো আৰু এশ বছৰলৈ এনেদৰে নতুন হৈ থাকিব। ’-এইদৰে কয় উৎফুল্লিত প্ৰদীপে।