বান অসমৰ এক জ্বলন্ত সমস্যা। প্ৰতিবছৰেই অসমৰ উজনি-নামনিৰ ভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে বানৰ সৃষ্টি কৰি আহিছে। কিন্তু শেহতীয়াকৈ যেন সলনি হৈছে অসমৰ বানৰ কাৰকসমূহ। কেৱল ব্ৰহ্মপুত্ৰই এতিয়া অসমৰ বানৰ বাবে দায়ী হৈ থকা নাই। সম্প্ৰতি বানৰ প্ৰধান কাৰণ হৈ পৰিছে অৰুণাচল আৰু ভূটানত নিৰ্মিত নদীবান্ধসমূহ। এইবাৰ নামনি অসমত ভয়াৱহ বান হোৱাৰ মূলতেই হৈছে ভূটানৰ নদীবান্ধসমূহ। এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞাৰ এটি বিশেষ লেখা।
অতি ওচৰতে থকা চুবুৰীয়া দেশ হ'লেও ভূটান সন্দৰ্ভত আমাৰ অসমৰ মানুহৰ অভিজ্ঞতা তুলনামূলকভাৱে কম। বহু কেইটা দশকৰ আগতেই অসমৰ অবিভক্ত কামৰূপ জিলাৰ লক্ষণীয় সংখ্যক লোকে ভূটানৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰিছিল যদিও সেয়া পৰবৰ্তী কালত দীৰ্ঘস্থায়ী নহ'ল। গাতে লাগি থাকিলেও সুচল যোগাযোগৰ অভাৱ আৰু কেতবোৰ সামাজিক কাৰণত ভূটানৰ সৈতে অসমৰ সম্পৰ্ক আজিও অতি শিথিল। কিন্তু তাৰ মাজতে ব্যক্তিগতভাবে মই সাংবাদিক হিচাপে যোৱা দুটা দশকত ভুটান ক ওচৰৰ পৰা চোৱাৰ চেষ্টা কৰিছোঁ। দেশখনৰ পূৱ ভূটানকে ধৰি বিভিন্ন প্ৰান্তৰত একাধিক বাৰ ভ্ৰমণ কৰিছো।
'অসমীয়া প্ৰতিদিন' ত কাম কৰি থকা সময়ত এবাৰ (আজিৰে পৰা বিশ বছৰ আগতে) এক বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে সাত দিন ধৰি একেৰাহে পাহাৰ বগাইছিলো। ভৰ বাৰিষাৰ দিন আছিল। অকাই-পকাই পাহাৰ বগাওতে একেখন খৰস্ৰোতা নদীকে এঘাৰবাৰ সাতুৰি পাৰ হৈছিলোঁ। চাৰি পাছ বাৰ পাৰ হৈছিলোঁ নদীৰ থিয় গৰাৰে পেলাই দিয়া মৰাপাটৰ শকত ৰচীত ওলমি। সেই সময়তে প্ৰত্যক্ষ কৰিছিলোঁ ভূটানৰ নদীৰ জলাধাৰৰ ক্ষিপ্ৰতা। তেতিয়াও আজিৰ দৰেই ভূটানত বৰষুণ হৈছিল। বাল্টিক নদী, বেকী, মানস, আই , গোৰাঙ্গ নদীৰে পানী আহিছিল, মাছৰ উজান উঠিছিল। কিন্তু তেতিয়াৰ ভূটানৰ পানী কোনো মানুহৰ ঘৰত সোমোৱা নাছিল, মানুহৰ জীৱন-জীৱিকালৈ ভাবুকি হৈ বাগৰা নাছিল সেই জলাধাৰ। এই কথা এই অঞ্চলত বাস কৰা নাগৰিকে নিজৰ অভিজ্ঞতাৰ পৰা ভালকৈ কব পাৰিব।
২০০২ চন মানত আমি পঢ়িবলৈ পাইছিলো ভূটানত থকা জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তাৰ কথা। দেশখনৰ ৰজাঘৰীয়া সংবাদপত্ৰ 'কুৱেইনছেল' আছিল এই ক্ষেত্ৰত বৰ উৎসাহী। চৰকাৰী বাতৰি ওলোৱা এই সংবাদপত্ৰখনৰ সম্পাদকগৰাকীৰ মোৰ লগতে গুৱাহাটীৰ ভালে কেইজন সাংবাদিকৰ লগত ভাল সম্পৰ্ক আছিল। বাতৰি কাকতখন আমি প্ৰায় নিয়মীয়াকৈ চাইছিলো। আৰু তেনেতে আমি ২০০৪ চনত দেশখনে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ সন্দৰ্ভত কিছু নীতি লোৱাৰ কথা পঢ়িছিলোঁ। ইয়াৰ পিছতে ২০০৬ চনত দেশখনে আৰম্ভ কৰিছিল তালা প্ৰকল্পৰ জলবিদ্যুৎ উৎপাদন। স্বীকাৰ কৰোঁ যে সেই সময়ত জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতা সন্দৰ্ভত আমাৰ সিমান অধ্যয়ন বা খবৰ নাছিল। কিন্তু আজি নামনি অসমৰ জনতাই সন্মুখীন হোৱা পৰিস্থিতিলৈ চাই বিষয়টো ৰাইজৰ ওচৰলৈ লৈ যোৱাটো জৰুৰী বুলি অনুভৱ হৈছে।
নামনি অসমৰ মূলতঃ পাঁচখন জিলাত অভূতপূৰ্ব বান পৰিস্থিতিৰ সৃষ্টি কৰা ভূটানৰ পৰা নামি অহা পানীৰ ঢলক লৈ এতিয়া ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভূটানৰ জলবিদ্যুৎ প্ৰকল্প কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্প কতৃপক্ষই ইতিমধ্যেই স্বীকাৰ কৰিছে যে প্ৰকল্পৰ ৰিজাৰ্ভৰৰ পানী তেওঁলোকে এৰি দিছে। কিন্তু কেৱল কুৰিশ্বৰ দৰে এটা মাত্ৰ ৬০ মেগাৱট জলবিদ্যুৎ উৎপাদনক্ষম প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে নামনিৰ ইমান বৃহৎ অঞ্চলত সংহাৰ চলোৱা নাই বুলি প্ৰতি গৰাকী সচেতন নাগৰিকে ভাবিবলৈ বাধ্য হৈছে আৰু কুৰিশ্বৰ সমান্তৰালকৈ আন কোনো বান্ধৰ পানীও এৰি দিয়া হৈছে বুলি পতিয়ন গৈছে। এনে এক পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে যোৱা প্ৰায় ডেৰটা দশকত ভুটান চৰকাৰক জলবিদ্যুৎ প্ৰকল্প ৰূপায়ণ কৰিবলৈ আগবঢ়োৱা আৰ্থিক সাহায্য আৰু তাৰ বাবে কৰা দ্বিপাক্ষিক চুক্তিৰ প্ৰতিটো দফা আৰু চৰ্ত পোহৰলৈ অহাটো বিচাৰিছে নামনি অসমৰ বানপীড়িত ৰাইজে।
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত থকা জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তাৰ বিষয়ত বিগত কেইবাটাও দশকজুৰি ভাৰতকে ধৰি কেইবাখনো বিদেশ ৰাষ্ট্ৰই মনোযোগ দি আহিছে। এনে সময়তে ২০০৪ চনত ভূটান চৰকাৰে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰ আৰু আন্তৰাষ্ট্ৰীয় পৰামৰ্শদাতা সংস্থাৰ পৃষ্ঠপোষকতাত এক জলবিদ্যুৎ নীতি প্ৰস্তুত কৰে। এই নীতিৰ জৰিয়তে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰখনে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে এক বৈদেশিক সাহায্যৰ আহ্বান কৰে। আৰু ইয়াৰ লগে লগে ভাৰত চৰকাৰৰ তদানীন্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে ভূটানৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বাবে আৰ্থিক আৰু প্ৰযুক্তিৰ বিনিয়োগৰ বাবে প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পিছতে ২০০৬ চনত ১০২৪ মেগাৱট জলবিদ্যুৎ উৎপাদনকাৰী তালা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি তোলে।
তথ্য অনুসৰি, ভূটানে শেহতীয়াকৈ জলবিদ্যুৎ কন্ঠৰ বিকাশৰ কাৰণে যিবোৰ সিন্ধান্ত লৈ আছে তাৰ আধাৰ হৈছে ২০১৯ চনত জাপান ইন্টাৰনেছনেল কোঅপাৰেছন এজেন্সি চমুকৈ 'জাইকা' কৰে মুখ্য কৰি টকিঅ' ইলেকট্ৰিক কোম্পানী হ'ল্ডিং, ইন্টাৰনেছনেল ইনষ্টিটিউট অফ ইলেকট্ৰিক পাৱাৰ, নিপন কয়েই কোম্পানী লিমিটেড, টকিঅ'ইলেকট্ৰিক পাৱাৰ ছাৰ্ভিছেজ লিমিটেড আদি কৈ কেইবাটাও বিদেশী কোম্পানীয়ে প্ৰস্তুত কৰি দিয়া নীতি আৰু পথ নিৰ্দেশনা। ২০১৯ চনত ভূটানৰ বাবে এই সংস্থাসমূহে প্ৰস্তুত কৰে 'প্ৰজেক্ট অন পাৱাৰ ছিষ্টেম মাষ্টাৰ প্লেন ২০৪০ ইন ভূটান' শীৰ্ষক এক ডিটেইলড প্ৰজেক্ট ৰিপ'ৰ্ট।
এই পথ নিৰ্দেশনা প্ৰস্তুত কৰাৰ সময়ত ভূটানৰ জলবিদ্যুৎ উৎপাদনৰ পৰিমাণ আছিল ১৬০৬ মেগাৱট। কিন্তু সেই সময়ত নিৰ্মীয়মান অৱস্থাত থকা কেইবাটাও প্ৰকল্পত ভাৰত চৰকাৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিনিয়োগ কৰে। উদাহৰণস্বৰূপে ইতিমধ্যে সম্পূৰ্ণ হোৱা খোৱাংশ্বু নামৰ ৬০০ মেগাৱট জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ মুঠ ব্যয় ৪৭০০ কোটি টকাৰ ৩৬৫০ কোটি টকাৰ বিনিয়োগ কৰিছে ভাৰত চৰকাৰে। ইতিমধ্যে প্ৰকাশিত বাতৰি মতে এই বিনিয়োগৰ ৭০ শতাংশ ঋণ আৰু ৩০ শতাংশ সাহায্য। উল্লেখ কৰা প্ৰয়োজন যে এই প্ৰকল্পৰ ৰূপায়ণত ভূটানৰ 'ড্ৰুক গ্ৰীন পাৱাৰ কৰ্পৰেছন'ৰ লগত চুক্তিবদ্ধ হৈছিল ভাৰতৰ হিমাচল প্ৰদেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জে ভি পি ছূটলেজ জলবিদ্যুৎ নিগম।
ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এন এইচ পি ছি কৰে মুখ্য কৰি ভাৰতীয় প্ৰতিষ্ঠান সমুহৰ সহযোগিতাত হে ভূটানে ২০১৯ চনত নিৰ্মিয়মান অৱস্থাত থকা কেইবাটাও প্ৰকল্পই ইতিমধ্যে উৎপাদনৰ কাম আৰম্ভ কৰিছে। উদাহৰণ স্বৰূপে চেন্ট্ৰেল ভূটানত নিৰ্মিত কাগজে-পত্ৰে ৭২০ মেগাৱট জলবিদ্যুৎ উৎপাদনক্ষম মাগডেশ্বু' প্ৰকল্পৰ উৎপাদন ইতিমধ্যে আৰম্ভ হৈছে। বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা আটাইবোৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'লে অহা বছৰৰ বাৰিষাৰ সময়ত মুঠ ৫২৬৪ মেগাৱট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যত দেশখন উপনীত হ'ব। মন কৰিবলগীয়া যে ভূটানৰ নিজৰ বাবে বিদ্যুতৰ প্ৰয়োজন আজিৰ তাৰিখত যিহেতু মাত্ৰ ৪০০ মেগাৱট, সেয়ে তেওঁলোকে সৰহ পৰিমাণৰ বিদ্যুৎ বিক্ৰী কৰিব পাৰিব ভাৰত নাইবা বাংলাদেশ আৰু নেপালৰ ওচৰত। ভাৰতে 'ক্ৰছ বৰ্ডাৰ ট্ৰেড অৱ ইলেট্ৰিছিটি' নীতিৰ ২০১৬ চনত কৰা সংশোধনৰ দ্বাৰা প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৪.২১ টকা দাম দিয়াৰ সিদ্ধান্ত লয়।
জলবিদ্যুৎ উৎপাদন আৰু ব্যবসায়ক লৈ ভাৰত আৰু ভুটানৰ সম্পৰ্ক অতি ওচৰচপা। কিন্তু এই বৃহৎ প্ৰকল্পসমূহে ভাৰতৰ বিশেষকৈ অসমৰ নামনি অংশত সৃষ্টি কৰিব পৰা ধংসলীলা সন্দৰ্ভত দুয়োখন চৰকাৰ কিমান সচেতন সেয়া শেহতীয়া বান পৰিস্থিতি য়ে স্পষ্ট কৰিছে। অভিযোগ অনুসৰি ভূটানৰ নিৰ্মাণ হোৱা বা প্ৰস্তাৱিত সৰু-বৰ কোনো প্ৰকল্পৰ বিপৰীতে কোনো জন-শুনানি (public hearing) আৰু পৰিবেশৰ ক্ষতিশংকা অধ্যয়ন (Environment Impact Assessment) হোৱা নাই। সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি-ব্যৱস্থা (protocols)ই উল্লিখিত ব্যৱস্থা বাধ্যতামূলক বুলি গণ্য কৰি আহিছে যদিও তেনে ক্ষেত্ৰত ভূটানৰ বিৰুদ্ধে সচেতনজনে অভিযোগৰ আঙুলি টোৱাই আহিছে।
শেহতীয়াকৈ অসমত সৃষ্টি হোৱা বানৰ ধংসলীলাৰ সময়তো এই একেটা প্ৰশ্ন উত্থাপিত হৈছে। শেহতীয়াকৈ অসমৰ এজন মন্ত্ৰী পীয়ুষ হাজৰিকাই ভূটানে নদী বান্ধৰ পানী এৰি দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৈছে যে এইক্ষেত্ৰত ভূটানৰ বিৰুদ্ধে স্থিতি ল’লে দেশখন আন্তঃৰাষ্ট্ৰীয় আদালতলৈ যাব। আচলতে নিয়মীয়াকৈ পাতল কথা কৈ কৈ অসম চৰকাৰৰ কেইজনমান মন্ত্ৰীয়ে নিজেই গম নোপোৱা হৈছে আচলতে তেওঁ কি কথা কৈছে।
ভূটানে নামনি অসমৰ বঙাইগাঁও, বৰপেটা, নলবাৰী, বাগছা আৰু কামৰূপ জিলাৰ নাগৰিকৰ জীৱনক লৈ যি হেতালি খেলিছে তাৰ বিপৰীতে ন্যায় বিচাৰি আৰু সেই ক্ষেত্ৰত অসম আৰু ভাৰত চৰকাৰে যি পৃষ্ঠপোষকতা অব্যাহত ৰাখিছে তাৰ বাবে এই অঞ্চলৰ নাগৰিক সমাজ হে আন্তঃৰাষ্ট্ৰীয় আদালতলৈ যোৱাৰ প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ অঞ্চলটোৰ নাগৰিক সমাজক অনুৰোধ জনালোঁ। কাৰণ এই ঘটনাৰে অসম আৰু ভাৰত চৰকাৰে সংবিধানৰ 'জীয়াই থকাৰ অধিকাৰ' ( Right to Life, Article 21)ৰ চৰ্ত দেখদেখকৈ ভংগ কৰিছে।
ভূটানৰ নদী বান্ধৰ নিৰ্মাণৰ আগতে যিহেতু নামনি অংশৰ অসমৰ জিলা কেইখনত কোনো ধৰণৰ ক্ষতি-শংকা অধ্যয়ন হোৱা নাছিল, সেয়ে এই কথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত সজোৰে উত্থাপিত হ'ব লাগে আৰু বান্ধবোৰ বে-আইনী বুলি ঘোষিত হ'ব লাগে। এনে কথাই সকলো ধৰণৰ ভূটানক সকলো ধৰণৰ বৈদেশিক সাহায্যৰ পৰা বঞ্চিত কৰিব বুলি আমাৰ বিশ্বাস। এই পৰ্যায়লৈ যাবলৈ প্ৰথমে নামনি অসমৰ ৰাইজে বিভিন্ন মাধ্যমেৰে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। উল্লেখ কৰিব লাগিব যে ভুটানত জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণত সহযোগিতা কৰাৰ বাবে বিগত প্ৰায় দুটা দশকত (২০০৪ চনৰ পৰা) যিবোৰ দ্বিপাক্ষিক চুক্তি ভাৰতে ভুটানৰ লগত কৰিছে তাত কেতিয়াও নামনি অংশৰ মানুহৰ সুৰক্ষাৰ বিষয়টোক আগস্থান দিয়া হোৱা নাই, বা উল্লেখেই কৰা হোৱা নাই। সেইবাবেই ভাৰত চৰকাৰে চুক্তিসমূহ ৰাজহুৱা কৰাৰ সাহস নকৰে।
নামনি অসমৰ অৰ্থনীতি মানে কেৱল খেতি। ইয়াত তেল, কয়লা কিম্বা চাহপাত একোৱেই নাই। বনজ সম্পদৰ নামত যি আছিল সেয়া ইতিমধ্যে ইতিহাস হৈছে। তেনে ক্ষেত্ৰত এই অঞ্চলৰ মানুহক জীয়াই থাকিবলৈ দিব লাগিলে খেতি আৰু পশুধন পালনকো সমান্তৰালভাবে জীয়াই থকিবলৈ দিব লাগিব। ইয়াৰ বিকল্প নাই। কিন্তু তেনে কথাক মানুহৰ চিন্তাৰ পৰা আঁতৰাবলৈ ৰাজনৈতিক নেতা মন্ত্ৰী -বিধায়কে সস্তীয়া কথা কৈ ক্ষমাহীন অপৰাধ কৰিছে। তেওঁ লোকে হয়তো আন বহু কথাৰ দৰে বানৰ পাছত ৰাইজে অন্ততঃ অহা বাৰিষালৈ পাহৰি থাকিব। মাজত পূজা, বিহু, নিৰ্বাচন আহিব, গতিকে কথা নাই। কিন্তু কথাবোৰ এনেকৈয়ে পাৰ হ’ব নে?
বানপানীক লৈয়ো প্ৰতাৰণাৰ আশ্ৰয় লোৱা চৰকাৰসমূহে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক কৃষি পশুপালন কিম্বা ক্ষুদ্ৰ উদ্যোগেৰে আত্মনিৰ্ভৰশীল হোৱাৰ কথা কোৱাৰ অধিকাৰ আছেনে? চৰকাৰে লাখ কোটি টকাৰ ঋণ লৈ ৰাজ্যত কৃষি প্ৰকল্প ৰূপায়ন কৰাৰ অধিকাৰ আছেনে? আমি ভাবোঁ, নামনিৰ ভুক্তভোগী জনতাই বিষয়টো গুৰুত্বসহকাৰে ললেহে অঞ্চলটোৰ ভৱিষ্যৎ সুৰক্ষিত হ'ব। ইয়াৰ বাবে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু ভূটান চৰকাৰক মুকলিকৈ জবাবদিহি কৰিব লাগিব।