সকলো আৰম্ভণিৰে এছোৱা জীৱন থাকে৷ লগে লগে থাকে তাৰ অন্তিম পৰিণতি৷ আৰম্ভণিৰ পৰা শেষ, শেষৰ পৰা আকৌ নতুন আৰম্ভণিৰেই অব্যাহত থাকে জীৱজগতৰ কৰ্মকাণ্ড৷ জীৱন যদি আৰম্ভণি, তেনেহ’লে মুক্তি অথবা মৃত্যু তাৰ অন্তিম বিন্দু৷ সেইবাবেই মৃত্যুৰ আন এটা নাম অন্তক৷ কিন্তু মৃত্যু, মোক্ষ, মুক্তি যি অভিধাই দিয়া নহওক কিয়, এই পৰ্বটো ৰহস্যময় হৈয়ে আহিছে সৰ্বকাল৷ অন্তিম উশাহ মানেই শেষ নে তাৰ পিছতো অৱশেষ থাকে, তাক লৈ মানুহৰ জিজ্ঞাসাৰ অন্ত নাই৷ মৃত্যুৰ সিপাৰৰ পৰা কোনো মানুহেই তাত কি আছে ক’বলৈ আৰু ঘূৰি অহা নাই৷ সেই বাবেই পৃথিৱীৰ সকলো মানুহৰ বাবে মৃত্যু আলোচনাৰ বিষয় হৈ আহিছে৷ 

দৰ্শন, ধৰ্ম, চিকিৎসা বিজ্ঞানৰ বিশ্লেষণত মৃত্যুৱে পাই আহিছে ন ন ব্যাখ্যা৷ গছ এজোপাৰ গজালি ওলোৱা মানে গজালিটোৰ অন্তিম ক্ষণ এটা যেনেদৰে নিশ্চিত হৈ পৰে, একেদৰে এটি কেঁচুৱা ভূমিস্থ হোৱা মানে তেওঁৰ জীৱন আৰু মুক্তি নিশ্চিত হৈ পৰা৷ অৰ্থাৎ জন্মৰ পলকটোৰ পৰাই জীৱনৰ অন্তও অৱধাৰিত হৈ পৰে৷ অৱশ্যে অত্যন্ত প্ৰয়োজনীয় সত্য এয়ে যে- জন্ম হৈয়ে কোনোৱে মৃত্যুলৈ গতি নকৰে৷ জন্ম আৰু  মুক্তিৰ মাজৰ জীৱন নামৰ  পথছোৱা অতিক্ৰম কৰাটোতেই ম  অন্তৰ্নিহিত হৈ থাকে৷ বৈদিক আৰ্যসকলে উপলব্ধি কৰিব পাৰিছিল যে বিশ্বব্ৰহ্মাণ্ডৰ কাৰ্য-কলাপ বৰ্তি থাকিবলৈ মানুহৰ মুক্তি অথবা মৃত্যুৰ অতি প্ৰয়োজন৷ অৰ্থাৎ জীৱনৰ বাবেই প্ৰয়োজন মৃত্যুৰ৷ কঠ উপনিষদত সেয়ে কোৱা হৈছে- যেনেদৰে শস্য গজে, লাহে লাহে বাঢ়ি গৈ গুটিবোৰ পূৰথ হয় আৰু এদিন পকি সৰি যায়, মানুহৰ জীৱনো ঠিক তেনেকুৱা- ‘শস্যমিৱ মৰ্ত্যঃ পচ্যতে৷

বৈদিক যুগত সতি-সন্ততি, সুখ-স্বাচ্ছন্দৰে সুদিৰ্ঘ জীৱন যাপনেই আছিল আৰ্যসকলৰ প্ৰধান অভিলাষ৷ সেই সময়ত মানুহৰ আয়ুস এশ বছৰ হিচাপে গণ্য কৰা হৈছিল৷ এশ বছৰ নোহোৱাকৈ কাৰোবাৰ মৃত্যু হ’লে সেয়া অকালমৃত্যু বোলা হৈছিল৷ এশ বছৰ সুস্থ-সৱল শৰীৰেৰে সমৃদ্ধ জীৱন দান কৰিবলৈ সেয়ে উপাস্য দেৱতাক প্ৰাৰ্থনা কৰা হৈছিল৷ শুক্ল যজুঃসংহিতাত আছে- ‘পশ্যেম শৰদঃ শতং, জীৱেম শৰদঃ শতং, শৃণুয়াম শৰদঃ শতং, প্ৰব্ৰৱাম শৰদঃ শতং, অদীনাঃ স্যাম শৰদঃ শতম৷’ অৰ্থাৎ আমি যেন এশটা শৰৎ দেখা পাওঁ, এশটা শৰৎ জীয়াই থাকোঁ, এশটা শৰৎ আমাৰ শ্ৰৱণ শ¸ক্তি আৰু বাক শক্তি যেন অটুট থাকে, এশটা শৰৎ আমি যেন দৈন্যতাৰ পৰা সুক্ত জীৱন লাভ কৰোঁ৷ কিন্তু মৃত্যু আৱশ্যম্ভায়ী হোৱাৰ পিছতো সেইকালত আছিল অমৰত্বৰো বাসনা৷ সোঁশৰীৰে অমৰত্ব প্ৰাপ্তি অসম্ভৱ হেতু তেওঁলোকে মানুহে নিজৰ জ্ঞান-গৰিমা অথবা ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে যশস্যা অৰ্জন কৰি অমৰত্ব লাভ কৰিব পাৰি বুলি বিশ্বাস কৰিছিল৷

মোক্ষ, মুক্তি, কৈৱল্য অথবা মৃত্যু- এই বিষয়টো ভাৰতীয় দৰ্শনৰ অবিচ্ছেদ্য অংগ৷ ভাৰতীয় দৰ্শনৰ বৈশিষ্ট এয়ে যে ইয়াত চিন্তনৰ সৈতে ধৰ্মবিশ্বাস জৰিত  হৈ আছে৷ ভাৰতীয় দৰ্শন বুলিলে প্ৰাচীন কালৰে পৰা  বিকাশ লাভ কৰা কেতবোৰ দাৰ্শনিক সম্প্ৰদায়ৰ মতবাদক বুজোৱা হয়৷ এইখিনিতে পাশ্চাত্য দৰ্শনৰ সৈতে  ভাৰতীয় দৰ্শনৰ পাৰ্থক্য৷ প্ৰাচীন কালৰে পৰা ইউৰোপীয় বা পাশ্চাত্য দৰ্শনক সমৃদ্ধ কৰা বিভিন্ন দাশনিকৰ আবিৰ্ভাৱ হৈছে৷ তেওঁলোকৰ স্বাধীন চিন্তাধাৰা অথবা মতবাদেৰে দৰ্শনৰ ক্ৰমবিকাশো হৈছে৷ কিন্তু ভাৰতীয় দৰ্সন সম্প্ৰদায়গত৷

 

ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়সমূহ মূলত আস্তিক আৰু নাস্তিকহিচাপে দুভাগত বিভক্ত৷ আস্তিক আৰু নাস্তিক শব্দ দুটা যদিও আভিধানিক অৰ্থত ক্ৰমে ঈশ্বৰ বিশ্বাসী আৰু ঈশ্বৰৰ অস্তিত্বত অবিশ্বাসী ভাৰতীয় দৰ্শনত কিন্তু শব্দদুটাৰ অৰ্থ কিছু পৃথক৷ সেইহিচাপে আস্তিক শব্দৰ অৰ্থ হ’ল যি বেদৰ প্ৰামাণ্যত বিশ্বাস কৰে আৰু নাস্তিক শব্দৰ অৰ্থ হ’ল যি বেদৰ প্ৰমাণ্যত অবিশ্বাসী৷ ভাৰতীয় দৰ্শনৰ মূল নটা সম্প্ৰদায়ৰ ভিতৰত সাংখ্য, যোগ, ন্যায়, বৈশেষিক, মীমাংসা আৰু বেদান্ত দাৰ্শনিক সম্প্ৰদায়ক আস্তিক  আৰু বৌদ্ধ, জৈন আৰু চাৰ্বাক সম্প্ৰদায়ক নাস্তিক হিচাপে স্বীকাৰ কৰা হৈছে৷ মোক্ষ অথবা মুক্তিৰ বিষয়ে কেউতা সম্প্ৰদায়েই নিজস্ব মত সাব্যস্ত কৰিছে৷ অজ্ঞানতাবশত  পৃথিৱীৰ বন্ধনত থকা মানুহে অজ্ঞানতাৰ বিনাশ ঘটিলেই মুক্তি লাভ কৰে বুলি ভাৰতীয় দৰ্শনে মত পোষণ কৰিছে৷  

মোক্ষপ্ৰাপ্তিৰ অৱস্থা দুখবিহীন এক অৱস্থা বুলি ভাৰতীয় দাৰ্শনিকে স্বীকাৰ কৰিছে৷ প্ৰসংগতঃ, ভাৰতীয় দৰ্শনক লৈ থকা অভিযোগবোৰৰ ভিতৰত অন্যতম হ’ল, দুখবাদ৷ কিন্তু প্ৰতিটো দাৰ্শনিক সম্প্ৰদায়েই দুখ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিছে যদিও জীৱন কেৱল দুখময় অথবা দুখতে জীৱনৰ অৱসান ঘটে বুলি কোৱা নাই৷ মানুহৰ জীৱনত দুখ যে এক চিৰন্তন অৱস্থা, আৰু দুখৰ পৰা যে পৰিত্ৰাণ পাব পাৰি তাৰো বিশদ আলোচনা ভাৰতীয় দৰ্শনত পোৱা যায়৷ সেয়ে ভাৰতীয় দৰ্শনক দুখবাদী আখ্যা দিব নোৱাৰি বৰঞ্চ ই আশাবাদী দৰ্শন৷ দুখনিবৃত্তিতে মোক্ষলাভ বুলি ভাৰতীয় দৰ্শনে মত আগবঢ়াইছে৷

অধিকসংখ্যক ভাৰতীয় দৰ্শনে স্বীকাৰ কৰে আত্মাৰ নিত্যত্ব৷ এই অনুযায়ী আত্মাৰ মৃত্যু নহয়৷ মৃত্যুৰ পিছত আত্মাই  বেলেৰ জন্ম লয়৷ সেয়ে ভাৰতীয় দৰ্শন মতে মৃত্যু মানুহৰ ডাঙৰ দুৰ্যোগ নহয়৷ এটা দেহ ত্যাগ কৰি আন এটা দেহত আত্মাৰ সংসৰণৰ মাধ্যমেই মুক্তি৷ চাৰ্বাকক বাদ দি অন্যান্য ভাৰতীয় দাৰ্শনিক সম্প্ৰদায় জন্মান্তৰবাদত বিশ্বাসী৷ আনহাতে বৌদ্ধ দৰ্শনে নিত্য আত্মাৰ অস্তিত্ব স্বীকাৰ নকৰিলেও জন্মান্তৰবাদত বিশ্বাসী৷ ভাৰতীয় দৰ্শনত মৃত্যু আৰু মোক্ষৰ মাজত এডাল ৰেখা টনা হৈছে৷ মোক্ষলাভেই মানুহৰ জীৱনৰ প্ৰধান উদ্দেশ্য হিচাপে গণ্য কৰা হয়৷ সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱা মানেই মোক্ষ অধবা মুক্তি৷ ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়বোৰৰ মতে মৃত্যু মানেই কিন্তু মোক্ষ নহয়৷ মোক্ষ প্ৰাপ্তিৰ পিছত মানুহৰ পুনৰ্জন্ম নহয়৷

সাংখ্য আৰু যোগ দৰ্শনত মোক্ষ অথবা কৈৱল্যক মানুহৰ দুখৰ পৰা মুক্তি হিচাপে জ্ঞান কৰা হয়৷ সাংখ্য দৰ্শনে পৃথিৱীত মানুহে ভোগ কৰিবলগীয়া হোৱা অনেক অযুত দুখক তিনিভাগত ভাগ কৰিছে- আধ্যাত্মিক, আধিভৌতিক আৰু¸ আধিদৈৱিক৷ বিভিন্ন ৰোগ-ব্যাধি, ভয়-শংকা, লোভ আদিৰ পৰা আধ্যাত্মিক, মানুহ, জীৱ-জন্তু আদিৰ পৰা আদিভৌতিক আৰু অলৌকিক কাৰক যেনে ভূত, দৈত্য আদিৰ পৰা আধিদৈৱিক দুখৰ উদ্ভৱ হয়৷ এই তিনিওপ্ৰকাৰৰ দুখৰ পৰা সম্পূৰ্ণ মুক্তি লাভ কৰাজনৰ মোক্ষত্ব প্ৰাপ্তি হয় বুলি সাংখ্য দৰ্শনে বিশ্বাস কৰে৷ সাংখ্য দৰ্শনৰ অন্যতম প্ৰসিদ্ধ গ্ৰন্থ ‘সাংখ্যকাৰিকা’ ৰ প্ৰথমটো শ্লোকতে দুখৰ কথাকে কোৱা হৈছে- ‘দুখত্ৰয়াভিঘাত জিজ্ঞাসা’।

এইখিনিতে প্ৰশ্ন হয়, দুখৰ পৰা কেনে উপায়েৰে মুক্ত হৈ মোক্ষত্ব লাভ কৰিব পাৰি৷ ইয়াৰ উত্তৰটো সাধাৰণ অৰ্থত দিব পৰা যায় যে সুখী হ’বলৈ পৃথিৱীত আছে অসংখ্য উপকৰণ৷ আধুনিক যুগে মানুহৰ চকুৰ সমুখত আয়াসতে দিছে সুখ উপভোগৰ নানা উপকৰণ৷ বাহ্যিক অৰ্থত সেই উপকৰণেৰে মানুহ দুখৰ পৰা পৰিত্ৰাণ পাই সুখী হৈছে৷ কিন্তু ভালদৰে লক্ষ্য কৰিলে দেকা যাই যে এনে সুখৰ চমক প্ৰকৃততে ক্ষন্তেকীয়া৷ অৰ্থাৎ এনে সুখে মানুহক অস্থায়ী, অুনিত্য সুখ দিবলৈহে সক্ষম৷সাংখ্য দৰ্শনে আগবঢ়োৱা দুখনিবৃত্তি আৰু মুক্তিৰ অৰ্থ তাতকৈ পৃথক৷ এই অনুযায়ী মানুহে নিজৰ আৰু জগতখনৰ বিষয়ে অজ্ঞানতাত বুৰ গৈ থকাৰ বাবেই দুখ ভোগ কৰিবলগীয়া হয়৷  কোনোৱে যদি নিজৰ অস্তিত্ব অৰ্থাৎ নিজৰ আত্মা যে দেহ, ইন্দ্ৰিয়, মন আৰু বুদ্ধিৰ পৰা ভিন্ন, তাৰ সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হয়, তেনেহ’লে জীৱিত কালতে লাভ কৰে মুক্তি৷ জীৱিত অৱস্থাতে লাভ কৰা এনে মুক্তিক সাংখ্যদৰ্সনে ‘জীৱনমুক্তি’ বুলিছে৷ আনহাতে দেহৰ বিনাশৰ পিছত এনে মুক্ত আত্মাই লাভ কৰা মুক্তি বোলা হৈছে ‘বিদেহ মুক্তি’৷ সাংখ্যৰ দৰে যোগ দৰ্শনেও আত্মাক মন তথা দেহৰ পৰা পৃথক বুলি জ্ঞান লাভ কৰিব পাৰিলেই মানুহৰ মুক্তি সম্ভৱ বুলি স্বীকাৰ কৰে৷ মানুহৰ আত্মা নিত্য, শুদ্ধ আৰু মুক্ত বুলি গণ্য কৰা হয়৷ মুক্তিপ্ৰাপ্ত মানুহৰ আত্মাই নিজৰ এই স্বৰূপ উপলব্ধি কৰিব পাৰে৷ এনে অৱস্থাত আত্মাই সুখ, দুখ আদি আদি অনুভৱ কৰিব নোৱাৰে৷ অৰ্থাৎ আত্মাই তেতিয়াই লাভ কৰে মুক্তি৷

মানুহৰ মুক্তি সন্দৰ্ভত ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্ৰদায়বোৰৰ মতামত অভিন্ন নহয় যদিও দুখনিবৃত্তিতেই যে আত্মাৰ মুক্তি তাক প্ৰায় সকলোৱেই স্বীকাৰ কৰে৷ অৱশ্যে দুখনিবৃত্তিৰ মাৰ্গবোৰৰ মাজত কোনো বিন্দুত কেতিয়াবা ক্ষুদ্ৰ আৰু আন কেতিয়াবা অধিক বৈসাদৃশ্য পৰিলক্ষিত হয়৷ ভাৰতীয় দৰ্শনৰ আন এটা প্ৰধান সম্প্ৰদায় ‘মীমাংসা’ ৰ মতে, মোক্ষই হৈছে মানুহৰ জীৱনৰ মূল লক্ষ্য৷ মীমাংসা দৰ্শনৰ প্ৰৱৰ্তক জৈমিনিৰ মতে ধৰ্মই পৰম পুৰুষাৰ্থ৷ অৰ্থাৎ মুক্তি৷ এই অনুযায়ী বেদবিহিত যাগ-যজ্ঞাদি সম্পন্ন কৰাৰ উদ্দেশ্য হৈছে স্বৰ্গলাভেৰে অনাবিল সুখৰ অধিকাৰী হোৱা৷ কিন্তু জৈমিনিৰ পৰৱৰ্তী সীমাংসক কুমাৰিল আৰু প্ৰভাকৰ মিশ্ৰৰ মত অনুসৰি যাগ- যজ্ঞৰে  স্বৰ্গপ্ৰাপ্তিত লাভ কৰা সুখ অনিত্য৷ কেনোবা এদিন এনে সুখৰ অৱসান ঘটে৷ কিন্তু মুক্তি অথবা মোক্ষপ্ৰাপ্তিত  থাকে নিত্য সুখ৷ এই সুখৰ অৱসান নাথাকে৷ দেহৰ বন্ধনৰ পৰা মুক্ত আত্মাইহে মোক্ষত্ব লাভ কৰে৷ এনে অৱস্থাত দুখৰ অস্তিত্ব আৰু সুখৰ পুনৰুৎপত্তিৰ সম্ভাৱনা নাথাকে৷

অন্যান্য সম্প্ৰদায়ৰ দৰে ন্যায় দৰ্শনেও মানৱ জীৱনৰ পৰম পুৰুষাৰ্থ মোক্ষ বা অপবৰ্গ বুলি অভিমত আগবঢ়াইছে৷ নৈয়ায়িকসকলৰ মতেও দুখৰ সম্পূৰ্ণ নিবৃত্তি অথবা দুখৰ সম্পূৰ্ণ বিনাশৰ পিছত মানুহৰ মোক্ষলাভ সম্ভৱ হয়৷ ন্যায়সূত্ৰত কোৱা হৈছে যে সংসাৰ বন্ধনেই দুখ আৰু তাৰ পৰা নিবৃত্তিয়েই অপবৰ্গ৷ এই সময়ত আত্মাৰ সকলো বিশেষ গুণৰ বিনাশ হয়- সমস্তাত্মৱিশেষগুণোচ্ছেদোপলক্ষিতো স্বৰূপস্থিতিৰেৱ মোক্ষঃ৷ দেহৰ পৰা বিচ্ছিন্ন হোৱাৰ লগে লগে মুক্ত আত্মা সুখ-দুখানুভূতিবিহীন হৈ পৰে৷ অৰ্থাৎ মুক্তি মানে তেতিয়া কেৱল দুখনিবৃত্তিয়ে নহয়, এই  অৱস্থাত সুখৰো নিবৃত্তি হয়৷ ন্যায় দাৰ্শনিকসকলৰ মতে দুখৰ মূল কাৰণ মিথ্যাজ্ঞান৷ মিথ্যাজ্ঞানৰ পৰা উদ্ভৱ হয় তিনিবিধ দোষ- আসক্তি, দ্বেষ আৰু মোহৰ৷ নৈয়ায়িকসকল মতে সকলো দুখৰ মূলতে ভ্ৰান্ত অথবা মিথ্যা জ্ঞান৷  কিন্তু তত্বজ্ঞানপ্ৰাপ্তিৰ দ্বাৰা মানুহে মন আৰু দৈহিক বন্ধন ছিন্ন কৰি মুক্তি লাভ কৰিব পাৰে৷ উল্লেখযোগ্য যে ন্যায় দৰ্শনত ষোল্লটা পদাৰ্থ স্বীকাৰ কৰা হৈছে আৰু এই ষোল্লটা পদাৰ্থৰ সম্যক জ্ঞানলাভৰ পিছত মোক্ষপ্ৰাপ্তি হয়৷

ভাৰতীয় দৰ্শনৰ দুটা প্ৰধান সম্প্ৰদায় ন্যায় আৰু বৈশেষিকক বোলা হয ‘সমানতন্ত্ৰ’৷ মানুহৰ মুক্তিয়ে হ’ল দুয়োটা দাৰ্শনিক সম্প্ৰদায়ৰ উদ্দেশ্য৷ নৈয়ায়িকসকলৰ দৰেই বৈশেষিক সম্প্ৰদায়েও তেওঁলোকৰ দ্বাৰা স্বীকৃত পদাৰ্থসমূহৰ যথাৰ্থ জ্ঞানৰ দ্বাৰা মোক্ষ প্ৰাপ্তি সম্ভৱ বুলি বিশ্বাস কৰে৷ তেওঁলোকৰ সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ ক্ৰিয়াকাণ্ড এইসমূহ পদাৰ্থৰ সহায়ত ব্যাখ্যা কৰে৷ অৱশ্যে ন্যায় আৰু বৈশেষিক স্বীকৃত পদাৰ্থসমূহৰ মাজত পৰিলক্ষিত হয় পাৰ্থক্য৷ ন্যায় দৰ্শনে  স্বীকাৰ কৰা ষোল্লটা পদাৰ্থ হ’ল- প্ৰমাণ, প্ৰমেয়, সংশয়, প্ৰয়োজন, দৃষ্টান্ত, সিদ্ধান্ত, অবয়ব, তৰ্ক, নিৰ্ণয়, বাদ, জল্প, বিতণ্ডা, হেত্বাভাস ছল, জাতি আৰু নিগ্ৰহ স্থান৷ আনহাতে বৈশেষিক দৰ্শনে স্বীকাৰ কৰা ন টা পদাৰ্থ হ’ল- দ্ৰব্য, গুণ, কৰ্ম, সামান্য, বিশেষ, সমবায় আৰু অভাৱ৷ সত্বা থকা যিবোৰ বস্তু, যাৰ ধাৰণা নহ’লে কোনো একোটা বিষযত জ্ঞান লাভ কৰিব নোৱাৰি, সেইবোৰকে সাধাৰণতে পদাৰ্থ বোলে৷ ভাৰতীয় দৰ্শনৰ থকা পদাৰ্থৰ  ধাৰণা পোৱা যায় গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ দৰ্শনতো৷ এৰিষ্টটলে স্বীকাৰ কৰা দহটা পদাৰ্থ হ’ল- দ্ৰব্য, পৰিমাণ, গুণ, সম্বন্ধ, স্থান, কাল, অংগবিন্যাস, ধৰ্ম, ক্ৰিয়া আৰু নিষ্ক্ৰিয়তা৷

বেদান্ত দৰ্শনত থকা শাখাসমূহে নিজা নিজা দৃষ্টিভংগীৰে মোক্ষত্বৰ বিষয়ে আলোচনা কৰিছে৷ ইয়াৰ ভিতৰত বেদান্তৰ মূখ্য শাখা ‘অদ্বৈত বেদান্ত’ ই কৈছে যে মানুহে যাপন কৰা জীৱন আচলতে বন্ধন৷ শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তৰ মত অনুসৰি, দুখনিবৃত্তি আৰু আনন্দদায়ক ব্ৰহ্মপ্ৰাপ্তিয়েই মোক্ষ৷ অদ্বৈত বেদান্তই কয়, ব্ৰহ্মই একমাত্ৰ আৰু অদ্বিতীয় সত্য৷ আমি দেখি থকা পৃথিৱীখন কেৱল মায়া৷ প্ৰকৃততে আমি জীৱজগত ব্ৰহ্মৰ অংশ মাত্ৰ৷ ব্ৰহ্ম সত্য, জগত মিথ্যা–

শ্লোকৰ্ধেন প্ৰৱক্ষামি যদুক্তং গ্ৰন্থ কোটিভিঃ৷

ব্ৰহ্ম সত্যং জগন্মিথ্যা জীৱো ব্ৰহ্মৈৱ না পৰঃ৷৷

অৰ্থাৎ অনেক গ্ৰন্থৰ মাজেদি যিটো ব্যক্ত কৰা হৈছে তাকেই মই অৰ্ধশ্লোকেৰে ক’ব খোজোঁ যে ব্ৰহ্ম সত্য, জগৎ মিথ্যা, জীৱাত্মা প্ৰকৃততে ব্ৰহ্মই৷ শংকৰৰ মতে যি বস্তুৰ স্থায়ীত্ব নাই সেয়া মিথ্যা৷ জাগতিক কোনো বস্তুৰে স্থায়ীত্ব নাই৷ যিবোৰ আগতে নাছিল, এতিয়া আছে আৰু ভৱিষ্যতে  নাথাকে সেইবোৰৰ থকা-নথকা একে কথা৷ শংকৰাচাৰ্যৰ মতে একমাত্ৰ সত্য হ’ল– আত্মা৷ আৰু ইয়াৰ মূল ব্ৰহ্ম৷ মানুহে যেতিয়াই জীৱাত্মা আৰু পৰম ব্ৰহ্মৰ সম্যক জ্ঞান লাভ কৰে তেতিয়াই মোক্ষপ্ৰাপ্তি হয়৷ এই প্ৰাপ্তি আনন্দময়, শোক-দুখৰহিত৷

ভাৰতীয় দৰ্শনত নাস্তিক হিচাপে স্বীকৃত বৌদ্ধ দৰ্শনত মানুহৰ জীৱনৰ বিনাশক মোক্ষ বোলা হৈছে৷ ‘মোক্ষ’ক বৌদ্ধ দৰ্শনত কোৱা হয় ‘নিৰ্বাণ’৷ নিৰ্বাপিত হোৱা অথবা নুমাই যোৱা মানেই নিৰ্বাণ৷ বুদ্ধৰ মতে, নিৰ্বাণ মানে দেহৰ বিনাশ নহয়৷ নিৰ্বাণ মানে মৃত্যুও নহয়৷ মৃত্যু হ’লে মানুহৰ দেহৰহে বিনাশ হয়৷ কিন্তু নিৰ্বাণ লাভ কৰা মানুহৰ লোভ-মোহ আদি দ্বেষাত্মক সত্বাৰহে বিলুপ্তি হয়৷ অৰ্থাৎ নিৰ্বাণ মানে মানুহৰ সত্বাৰ বিলুপ্তি নহয়৷ নিৰ্বাণপ্ৰাপ্ত মানুহ লোভ-মোহ- দ্বেষবিবৰ্জিত হয়৷ বৌদ্ধ দৰ্শণত এনেদৰে জীৱনকালতে নিৰ্বাণ লাভ সম্ভৱ বুলি কোৱা হয়৷

আকৌ জৈন দৰ্শনৰ মতেও জীৱন মানে বন্ধন৷ জীৱ অথবা আত্মা অনন্ত জ্ঞান, অনন্ত দৰ্শন, অসীম শক্তি আৰু অপাৰ আনন্দৰ গৰাকী৷ বন্ধনত থকা আত্মাৰ এইবোৰ গুণৰ প্ৰকাশ নহয়৷ মোক্ষলাভৰ পিছত ইয়াৰ প্ৰাপ্তি হ৷ মানুহৰ আত্মা যেতিয়া যিকোনো জড় বস্তুৰ সংযোগলৈ আহে, তেতিয়াই সৃষ্টি হয় বন্ধন৷ বিপৰীতে জড় বস্তুৰ পৰা মানুহৰ আত্মাৰ বিচ্ছেদক কোৱা হয় মুক্তি৷ অজ্ঞতাবশত মানুহ আকাংক্ষাৰ বশৱৰ্তী হৈ মানুহ জড় পৃথিৱীৰ সৈতে সাঙোৰ খায়৷ আৰম্ভ হয় ক্ৰোধ, অহংকাৰ, লোভ, ভ্ৰমৰ৷ জৈন দৰ্শনৰ মতানুসৰি সম্যক [শুদ্ধ] দৰ্শন, সম্যক জ্ঞান আৰু সম্যক নীতিশাস্ত্ৰক ত্ৰিৰত্ন বোলা হয়৷ ত্ৰিৰত্নৰ মাধ্যমেৰে মানুহৰ আৱেগ, কামনা নিয়ন্ত্ৰিত হয় আৰু জড়বস্তুৰ বন্ধনত আৱদ্ধ কৰ্মও আঁতৰ হয়৷ এনেবোৰ বাধা আঁতৰি যোৱাৰ পিছতে মানুহে নিজৰ প্ৰকৃত অস্তিত্ব অনুভৱ কৰিবলৈ সক্ষম হয়৷ এই অৱস্থাই মুক্তি৷  

চাৰ্বাক ভাৰতীয় দৰ্শনৰ একমাত্ৰ বস্তুবাদী দৰ্শন৷ কেৱল ইন্দ্ৰিয়গাহ্য বস্তুৰ অস্তিত্বহে চাবাক দৰ্শনে স্বীকাৰ কৰে৷ তেওঁলোকৰ মতে জীৱনৰ সমাপ্তিয়েই মৃত্যু৷ চকুৰে দেখা নোপোৱা কোনো বস্তকে চাৰ্বাকে আছে বুলি নামানে৷ সেয়ে আত্মা, ইশ্বৰ, পৰলোক আদি তেওঁলোকে স্বীকাৰ নকৰে৷ মানুহৰ শৰীৰত যেতিয়ালৈকে চেতনা থাকে তেতিয়ালৈকে জীৱন৷ মৃত্যুই মানে শেষ৷ ‘সৰ্বদৰ্শনসংগ্ৰহ’ ত কোৱা হৈছে, ‘স্বৰ্গ নাই, মুক্তি নাই, পৰলোকলৈ গমন কৰা আত্মাৰ অস্তিত্বও নাথাকে- ‘ন স্বৰ্গো নাপৱৰ্গো বা নৈৱাত্মা পাৰলৌকিকঃ ৷’ চাৰ্বাকে এনেদৰে কেৱল ইন্দ্ৰিয়গাহ্য পৃথিৱী এখন স্বীকাৰ কৰাই নহয়, অন্যান্য দাৰ্শনিক সম্প্ৰদায়ৰ আত্মা তথা মানুহৰ মুক্তি আদিৰ যুক্তিক কঠোৰ সমালোচনা কৰিছে৷

এটা কথা উল্লেখ কৰিব লাগিব যে, মৃত্যু কেৱল দৰ্শনতেই নহয় সকলো সুস্থ মানুহৰ মন-মগজুত স্থান লোৱা এক বিষয়৷ জীৱনৰ সকলো আয়োজন যেন মৃত্যুক পাহৰি থকাৰ বাবেই৷ দৰ্শনত যদি মৃত্যুক বিচাৰ কৰা হয়, প্ৰাচ্য-পাশ্চাত্যৰ কবি-সাহিত্যিকৰ সৃষ্টিত মৃত্যু, মুক্তি অথবা মোক্ষই লয় বিচিত্ৰ ৰূপ৷ কোনোৱে যদি মৃত্যুক শিল্প বুলি কৈছে, কোনোৱে আকৌ নিজৰ শৱযাত্ৰাৰে কল্পনা কৰি পেলাইছে৷ মুঠৰ ওপৰত কল্পনা-যুক্তিৰ মাজত মৃত্যু অথবা মুক্তি আজিও এক ৰহস্যময় পৰ্ব হৈ ৰৈছে৷