এক ভয়ংকৰ বিমান দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ বিশ্বক। দেওবাৰে দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণৰ সময়তে ১৮১ জন যাত্ৰীসহ দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বিমান। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ১৭৯ জন লোকে। জানিব পৰা মতে, বিমানখনত আছিল ১৭৫ জন যাত্ৰী আৰু ৬ গৰাকী ক্ৰু মেম্বাৰ। ইফালে দুৰ্ঘটনাৰ পিছত উদ্ধাৰ অভিযান চলাই ধ্বংসাৱশেষৰ মাজৰ পৰা দুজন ক্ৰু মেম্বাৰক জীৱন্তে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাগ্ৰস্ত জেজু এয়াৰ বিমানখন দুৰ্ঘটনাৰ সময়ত বেংককৰ পৰা দক্ষিণ কোৰিয়ালৈ উভতি আহিছিল। জানিব পৰা মতে বিমানখন অৱতৰণ কৰি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯.০০ বজাত মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। দুৰ্ঘটনাটোত জড়িত বিমানখন আছিল কোৰিয়াৰ বাজেট বিমান সংস্থা জেজু এয়াৰৰ দ্বাৰা পৰিচালিত বয়িং ৭৩৭-৮০০ বিমান।
জেজু এয়াৰৰ পৰিচালনা দলে কয় যে “বিমানখনৰ কোনো কাৰিকৰী বিজুতি নাছিল”। দলটোৱে কয় যে "দুৰ্ঘটনাৰ কাৰণসমূহৰ তদন্ত কৰা হ'ব।"
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে জনোৱা মতে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে দক্ষিণ কোৰিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি চয় চাং-মোকে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে জনোৱা মতে, উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ প্ৰয়োজনীয় জৰুৰীকালীন কৰ্মী আৰু সঁজুলি যোগান ধৰাৰ লগতে আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিয়ে। কাৰ্যালয়ে আৰু কয় যে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায়ৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে।
ইফালে, এই মৰ্মান্তিক দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ কোৰিয়াত সাত দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হ’ব আৰু সকলো চৰকাৰী বিষয়াই ক’লা ফিতা বান্ধিব।
সংস্থাটোৰ মতে, বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা ০৫:০০ বজালৈকে মুয়ান বিমানবন্দৰৰ ৰাণৱে বন্ধ থাকিব। অন্যহাতে, সংবাদ সংস্থা য়নহাপৰ মতে, বিমানখনত থকা যাত্ৰীসকলৰ ভিতৰত ১৭৩ জন যাত্ৰী দক্ষিণ কোৰিয়াৰ নাগৰিক হোৱাৰ বিপৰীতে আন দুগৰাকী আছিল থাইলেণ্ডৰ নাগৰিক। এই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত তিনি বছৰৰ পৰা ৭৮ বছৰ বয়সলৈকে যাত্ৰী আছিল।
এই বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাইও। তেওঁ লিখিছে, "দুৰ্ঘটনাটোত নিহত আৰু আহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।"
দক্ষিণ কোৰিয়াৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ৩২টা অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন আৰু ১৫০০ জৰুৰীকালীন কৰ্মী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে। মন কৰিবলগীয়া যে, মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ পৰা দূৰত্ব্ হৈছে ২৮৮ কিলোমিটাৰ।
কেনেকৈ ভূপতিত হ’ল বিমানখন?
যাত্ৰীবাহী বিমানখনৰ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট তথ্য দিয়া হোৱা নাই। কিন্তু অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, চৰাইৰ সৈতে খুন্দা আৰু বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
দক্ষিণ কোৰিয়াৰ এজন পৰিবহণ বিষয়াই কয় যে বিমানখনে ৰাণৱেত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে বিমান পৰিবহণ নিয়ন্ত্ৰণে সকীয়াই দিছিল যে বিমানবন্দৰৰ ওচৰত চৰাই আছে আৰু ই আপাততঃ আকাশত থাকিব লাগে। এই সতৰ্কবাণীৰ দুই মিনিট পিছতে পাইলটে ‘মে ডে’ৰ সতৰ্কবাণী দিয়ে। তাৰ পিছত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে তেওঁক ওলোটা ফালৰ পৰা অৱতৰণ কৰাৰ অনুমতি প্ৰদান কৰিছিল।
সংবাদ সংস্থা য়নহাপৰ মতে, বিমানখনত চৰাইৰ খুন্দাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। বিমান দুৰ্ঘটনাৰ পিছত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰে, অৱশ্যে এই ভিডিঅ’ৰ সত্যাসত্যতা এতিয়াও নিশ্চিত হোৱা নাই।
এই ভিডিঅ’টোত বিমানখনে চকা বা লেণ্ডিং গিয়াৰ অবিহনে অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু অৱতৰণ কৰাৰ সময়ত ৰাণৱেৰ পৰা পিছলি গৈ দেৱালত খুন্দা মাৰে। ইয়াৰ পিছত বিমানখনৰ এটা অংশ জুইৰ শিখাই আগুৰি ধৰে। আন এটা ভিডিঅ’ত ক’লা ধোঁৱাৰ ডাৱৰ আকাশলৈ উঠি অহা দেখা গৈছে।
পৰিবহণ বিভাগৰ তথ্য অনুসৰি ২০১৯ চনৰ পৰা বিমানখনৰ মুখ্য পাইলটে এই ভূমিকাত কাম কৰি আহিছিল আৰু তেওঁৰ ৯৮০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল।
দক্ষিণ কোৰিয়াত সংঘটিত বিমান দুৰ্ঘটনা
এই বিমান দুৰ্ঘটনাক দক্ষিণ কোৰিয়াৰ ইতিহাসৰ অন্যতম ভয়াৱহ দুৰ্ঘটনা বুলি অভিহিত কৰা হৈছে। ইয়াৰ পূৰ্বে ২০০২ চনত দক্ষিণ কোৰিয়াৰ বন্দৰ চহৰ বুছানত এয়াৰ চাইনা বয়িং ৭৬৭-২০০ বিমান এখন পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দুৰ্ঘটনাত ১২৯ জন লোক নিহত হোৱাৰ বিপৰীতে ৩৭ জন আহত হয়।
১৯৮৩ চনৰ ছেপ্টেম্বৰ মাহত কোৰিয়ান এয়াৰলাইন্সৰ এখন বিমান ছোভিয়েট জেট বিমানে ভূপতিত কৰিছিল। এই বিমানখনে ছাখালিন দ্বীপৰ ওপৰেৰে ছোভিয়েট আকাশমাৰ্গত প্ৰৱেশ কৰিছিল। এই দুৰ্ঘটনাত বিমানখনত থকা ২৬৯ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হয়।
আনহাতে, ১৯৯৭ চনত প্ৰশান্ত মহাসাগৰীয় দ্বীপ গুৱামৰ ওচৰত কোৰিয়ান এয়াৰ জাম্বো জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা ২৫৪ জন লোকৰ ভিতৰত ২২৮ জন লোকৰ মৃত্যু হয়।
ঘটনা সন্দৰ্ভত জেজু এয়াৰৰ প্ৰতিক্ৰিয়া
এই বিমান দুৰ্ঘটনাক ইতিহাসত জেজু এয়াৰৰ প্ৰথমটো ভয়ংকৰ দুৰ্ঘটনা বুলি অভিহিত কৰা হৈছে। ২০০৫ চনত প্ৰতিষ্ঠা হোৱা জেজু এয়াৰ দক্ষিণ কোৰিয়াৰ অন্যতম বৃহৎ কম খৰচী বিমান সংস্থা।
জেজু এয়াৰে এক বিবৃতিত কয় যে, “মুয়ান বিমানবন্দৰত হোৱা এই দুৰ্ঘটনাৰ ফলত যিসকলৰ ক্ষতি হৈছে, তেওঁলোকৰ ওচৰত আমি জেজু এয়াৰৰ পৰা আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।” বিবৃতিটোত আৰু কোৱা হৈছে যে, "আমি এই কাণ্ডৰ প্ৰতি সঁহাৰি জনাবলৈ সকলো প্ৰচেষ্টা চলাম। আমি এই কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰিছো।"
ইফালে বিমান নিৰ্মাণ কোম্পানী বয়িঙে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি কয় যে এই মাৰাত্মক দুৰ্ঘটনাৰ পিছত দক্ষিণ কোৰিয়াৰ জেজু এয়াৰৰ সৈতে যোগাযোগত আছে। জেজু এয়াৰৰ মতে, এই দুৰ্ঘটনা বয়িঙৰ ৭৩৭-৮০০ মডেলৰ সৈতে জড়িত আছিল।