বকলীয়াঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ হালধিআটী গাঁৱৰ হৰিকান্ত কোচৰ পুত্ৰ দ্বীপজ্যোতি কোচে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে যোৱা মঙলবাৰে পুৱাৰ ভাগত  পৰিয়াল আৰু ওচৰ-চুবুৰীয়াই নিজ ঘৰৰপৰা কিছু নিলগত এজোপা গছত চিপ লৈ ওলমি থকা অৱস্থাত দ্বীপজ্যোতিক প্ৰত্যক্ষ কৰে।

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত যুৱকজনে নতুনকৈ সাংবাদিকতাৰ জগতখনতো খোজ থৈছিল। নিউজ নেক্সট ৱানৰ কাৰ্যালয়লৈ আহি বায়’ডাটা দাখিল কৰা যুৱকজনে কাৰ্বি আংলং জিলাৰপৰা সংবাদ পৰিৱেশন কৰাৰ আগ্ৰহ প্ৰকাশ কৰি দুই-চাৰিটা বাতৰি প্ৰেৰণো কৰিছিল।

সাংবাদিকতাৰ ডিপ্ল’মাধাৰী যুৱকজনে জীৱনটোক লৈ চূড়ান্ত সিদ্ধান্ত কিয় ল’লে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। যুৱ সাংবাদিকজনৰ মৃত্যুত নিউজ নেক্সট ৱানে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।