মঙলদৈঃ মঙলদৈত বান্দৰ কেকোৱা লগাই বেংকৰ গ্ৰাহকৰ ধন লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি দিন দুপৰতে চহৰখনৰ মাজ মজিয়াৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বজাৰ শাখাৰ সমীপৰ পৰা হিন্দী কথাছবিৰ কায়দাৰে ৬০ হাজাৰ টকা লুটি লৈ যায়৷

জানিব পৰা মতে, মঙলদৈৰ বান্দিয়া চাপৰিৰ নবিকুল ইছলাম নামৰ যুৱকজনে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মঙলদৈ বজাৰ শাখাৰ পৰা ৬০ হাজাৰ টকা উলিয়াই টকাখিনি বেগত ভৰাই মটৰ চাইকেলত ওলোমাই লৈ ঘৰ অভিমুখে গৈ আছিল৷

বেংকৰ শাখাটোৰ পৰা কিছু দূৰ যোৱাৰ পাছতে মটৰচাইকেলত অহা লোকে তেওঁৰ চকুত বান্দৰ কেকোৱা ছটিয়াই দিয়ে৷ অজ্ঞাত মটৰ চাইকেল আৰোহীয়ে বান্দৰ কেকোৱা ছটিওৱাৰ পাছতে নবিকুলে বাইক ৰখাই গা’ খজুৱাবলৈ ধৰে৷

খজুৱতিৰ কোবত থাকিব নোৱাৰি মটৰ চাইকেল ৰখাই কাষৰ দোকানৰ পৰা পানী আনিবলৈ যাওতেই হেণ্ডেলত ওলোমাই ৰখা বেগটো ৬০ হাজাৰ টকা সহিতে কোনো লোকে লৈ উঠাও হয়৷ উপায়ন্তৰ হৈ নবিকুলে মঙলদৈ থানাত গা খজুৱাই খজুৱাই  এজাহাৰ দাখিল কৰে। অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে দুৰ্বৃত্তৰ শুংসুত্ৰ উলিয়াব পৰা নাই৷