কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ সমষ্টিত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। ৰাজ্যৰ বনাঞ্চল ৰক্ষা কৰাৰ বাবে কৰা সকলো প্ৰচেষ্টাক ভেঙুচালি কৰি চোৰাং কাঠ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে বন ধ্বংস অভিযান।
আজি পুৱতি নিশা বনমন্ত্ৰীৰ গৃহ চহৰ কোকৰাঝাৰৰ শ্যামগাওঁত চোৰাং শালকাঠৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক ব্যস্ত জে.ডি.পথত চকা ফুটি বাগৰি পৰাৰ ফলত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই নিয়া কাৰ্য স্পষ্ট হৈ পৰিছে ৷
বন সুৰক্ষা বাহিনী আৰু এগৰাকী বন বিষয়াই জানিবলৈ দিয়া মতে পুৱতি নিশা প্ৰায় ৩.৩০বজাত এছ-২৫ -এ ৭০৭৫ নম্বৰৰ ছয়চকীয়া ট্ৰাকখন দেৱৰগাঁৱৰ পৰা কোকৰাঝাৰ চহৰ অভিমুখে আহি আছিল ৷
সেই সময়তে জে.ডি.পথৰ কেন্দ্ৰীয় বিদ্যালয় আৰু ভাৰত পেট্ৰোলিয়াম তেল ডিপোৰ মাজত তিতাগুড়িৰ ইকো টাস্ক ফৰ্চৰ শিবিৰৰ কাষৰ শ্যামগাওঁত ট্ৰাকখনৰ পিছফালৰ এটা চকা ফুটি মাজপথৰ ওপৰত বাগৰি পৰে যদিও চালকসহ ট্ৰাকখনত থকা লোকসকল আন্ধাৰৰ সুযোগ লৈ পলায়ণ কৰে৷
বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি বাগৰি পৰা ট্ৰাকখনৰ পৰা প্ৰায় তিনিশ ছেফটি শালকাঠৰ মূল্যৱান শাল কাঠ উদ্ধাৰ কৰা হৈছে৷ উদ্ধাৰকৃত শালকাঠখিনিৰ বজাৰমূল্য প্ৰায় ৩.৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ স্বাভাবিকতে বনমন্ত্ৰীৰ গৃহজিলাতে মন্ত্ৰীগৰাকীৰ নাকৰ তলেৰে ৰমৰমীয়া চোৰাং কাঠৰ বেহা চলি থকাটো ৰহস্যজনক বুলি বিবেচিত হৈছে।