ডিজিটেল ডেস্কঃ মোডীৰ মিডনাইট চিলড্ৰেনে ভাৰতীয় অৰ্থনীতিত বহু প্ৰত্যাশিত সংস্কাৰ আনিবলৈ সক্ষম হ’বনে- এই লৈয়ে দেশৰ অৰ্থনীতিবিদৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, চৰকাৰী পক্ষৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ নেতাৰ মাজত চলা আলোচনা-সমালোচনাই দেশখনত আজিৰ তাৰিখত প্ৰমুখ বিষয় হৈ পৰিছে৷
এই মিডনাইট চিলড্ৰেনজন হৈছে ভাৰতীয় অৰ্থনীতিৰ কৰৰ ক্ষেত্ৰত ঐতিহাসিক সংস্কাৰৰ উদ্দ্যেশ্যৰে আজি ৰাতি ১২ বজাৰ পিছতেই কাৰ্যকৰ হ’ব লগা সামগ্ৰী আৰু সেৱা কৰ৷ স্বাধীন ভাৰতৰ কৰ সংশোধনীৰ সৰ্ববৃহৎ পদক্ষেপ হিচাবে চৰ্চিত এই আইনখন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীকে ধৰি অইন মন্ত্ৰী পৰিষদীয় সদস্যৰ উপস্থিতিত আজি মাজনিশাৰ পৰা কাৰ্যকৰী কৰিব৷
গেৰুৱা চৰকাৰখনে দাবী কৰাৰ দৰে অৰ্থনীতিত আমুল পৰিৱৰ্তন সাধিবলৈ সক্ষম হ’বনে জিএছটি, দৈনন্দিন জীৱনত কি হ’ব প্ৰভাৱ- এনেধৰণৰ শিৰোনামেই সংবাদ মাধ্যমত শেহতীয়াভাৱে স্থান পাই আহিছে৷
আপোনাৰ দৈনন্দিন জীৱনত জিএছটিৰ প্ৰভাৱ সম্পৰ্কে জানিবলৈ ক্লিক কৰক এই লিংকটোআজি নিশা ১০.৪৫ বজাত হ’বলগা বৈঠকত উপস্থিত থাকিব অভিনেতাৰ পৰা আৰম্ভ কৰি পুঁজিপতি। ১০০ গৰাকী ব্যক্তিক এই অনুষ্ঠানলৈ মাতিছে নৰেন্দ্ৰ মোদী চৰকাৰে।
কংগ্ৰেছ দলটোৱে এই বৈঠকখনক একপ্ৰকাৰ বহুৱালি আখ্যা দি অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি তৃণমূল কংগ্ৰেছ, ডিএমকে, বহুজন সসমাজবাদী পাৰ্টিকে ধৰি বিভিন্ন ৰাজনৈতিক দলে এই বৰ্জন কাৰ্যসূচীত হয়ভৰ দিছে। মমতা বেনাৰ্জীয়ে এই পদক্ষেপক ঐতিহাসিক ভূল আখ্যা দিছে।
জিএছটিজিএছটিৰ গুণতে ১ লাখৰো অধিক নিয়োগৰ সম্ভাৱনা, জানিবলৈ ক্লিক কৰক এই লিংকটোhttps://www.newsnextone.com/gst-to-boost-employment
'জিএছটিৰ বৰ্তমানৰ আৰ্হিয়ে ক্ষুদ্ৰ ব্যৱসায়ক ধুলিস্যাত কৰাৰ লগতে নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিব- কংগ্ৰেছ দলৰ জেষ্ঠ নেতা অজয় মেকেনেৰ এই মত।
মাৰ্কেট পণ্ডিত খ্যাত ৰাকেশ ঝুনঝুনৱালাই জিএছটিৰ পৰা হ’ব পৰা ব্যৱসায়িক লাভৰ সম্পৰ্কে নিশ্চিত নহ’লেও বিত্তীয় বৰ্ষ ২০২০ লৈ দুগুণ ব্যৱসায়িক লাভৰ আশা কৰিছে ব্যৱাসায়ীক টাইকুনগৰাকীয়ে।
কংগ্ৰেছ, তৃণমলূৰ পিছতে ৰাষ্ট্ৰীয় জনতা দলেও অনুষ্ঠান প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। এনেদৰে বিভিন্ন ৰাজনৈতিক দলে অনু্ষ্ঠান বৰ্জন কৰাৰ পিছতে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে সকলোকে দায়িত্ববোধৰ কথা সোঁৱৰাই হাতে হাত ধৰি আগবঢ়াৰ বাবে অনুৰোধ জনাইছে।
মানৱ ইতিহাসত অৰ্থনৈতিক কুশলতাৰ বাবে মুক্ত বজাৰৰ ভূমিকা অপৰিসীম। অৰ্থনৈতিক উদাৰীকৰণত জিএছটিক এক বৃহৎ প্ৰতিশ্ৰুতি আখ্যা দিছে মুকেশ আম্বানীয়ে।