বাঘবৰঃ বান্দৰৰ ভয়ত মানুহ নোলায় ঘৰৰ পৰা ৷ নিশাটো দূৰৈৰ কথা, দিনতে ঘৰৰ ভিতৰত থাকিবলগীয়া হৈছে মানুহ৷ বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পথাৰৰ লোকসকল এতিয়া বান্দৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে৷

সেউৰাভিটা, শিলোচা আদি গাঁৱত প্ৰায় বিশ দিন ধৰি বান্দৰৰ জাকে ৰাইজক সমস্যাত পেলাই আহিছে। জানিব পৰা মতে, অঞ্চলটোৰ গছ-গছনিত বাস কৰিবলৈ লোৱা বান্দৰৰ জাকে ৰান্ধনি ঘৰত সোমাই ভাত-আঞ্জা খাই বয়-বস্তু তহিলং কৰাৰ লগতে খেতিপথাৰৰো ব্যাপক অনিষ্ট কৰিছে৷

মানুহে খেদিলেও কেৰেপ নকৰা বান্দৰৰ জাকটোৱে মানুহক ওলোটাই আক্ৰমণ কৰিবলৈহে উদ্যত হয়৷ স্থানীয় ৰাইজে বান্দৰৰ জাকক খেদিবলৈ চেষ্টা কৰি ভাগৰি পৰা বুলি জানিব পৰা গৈছে৷ উপায়ন্তৰ হৈ ৰাইজে বান্দৰৰ জাকক খেদিবলৈ বন বিভাগক দাবী জনাইছে।