খাৰুপেটীয়াঃ দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শোকাজানী নৈত আজি এটি মৃতদেহ উদ্ধাৰ হয়৷ মৃতদেহটো খাৰুপেটীয়া নগৰৰ সুৰুজ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

দেওবাৰে আবেলি ৪ বজাত খাৰুপেটীয়াৰ এটি চাৰিজনীয়া যুৱকৰ দলে দলগাঁৱৰ শোকাজানী নৈত গা ধুবলৈ গৈছিল। গাঁ ধুই থাকোতে যুৱকৰ দলটোৰ মাজৰ পৰা সুৰজ চৌধুৰী (৩০) নামৰ যুৱক জনক নদীৰ ঢৌৱে উটুৱাই নিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱাত আজি পুৱা দলগাঁও অাৰক্ষীয়ে উদ্ধাৰকাৰী দলক লগত লৈ অভিযান চলাই৷ দিনৰ ১২ বজাত যুৱকজনক মৃতদাহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে মঙলদৈলৈ প্ৰেৰণ কৰে। দুটি কন্যা সন্তানৰ পিতৃ সুৰজৰ মৃত্যুত শোকৰ ছাঁ পৰে অঞ্চলটোত।