মোৰাঝাৰঃ বানপীড়িত কৃষকৰ মাজত হোজাই জিলা কৃষি বিভাগে আজি আমবাৰীত চৰকাৰী বীজ বিতৰণ কৰে। আমবাৰী গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত কৃষি বিভাগে এখন সভা অনুষ্ঠিত কৰি বীজসমূহ বিতৰণ কৰে৷

আমবাৰী গাঁও পঞ্চায়তৰ সভাপতি আব্দুল হান্নানৰ সভাপতিত্বত অনুষ্ঠিত সভাত হোজাই জিলা কৃষি বিষয়া নিতাই চন্দ্ৰ দাস, দেৱস্থান চক্ৰ কৃষি উন্নয়ন বিষয়া বিউটি গগৈ, কৃষি সম্প্ৰসাৰণ সহায়ক ৰমজান আলী ভূঞা আৰু অনুপ কুমাৰ দে উপস্থিত থাকে৷  

সভাৰ অন্তত প্ৰায় পাঁচ শতাধিক বানত ক্ষতিগ্ৰস্ত কৃষকক বীজ বিতৰণ কৰে বিভাগটোৱে। কৃষকৰ হিতৰ বাবে চৰকাৰে হাতত লোৱা আঁচনি সন্দৰ্ভত অৱগত কৰে জিলা কৃষি বিষয়া দাসে। সভাত পড্ডি বীজ, চি আৰ এইচ আৰু ৫ বিধ নতুন ধানৰ বীজ বিতৰণ কৰা হয়।