গুৱাহাটীঃ অহা ৯ৰ পৰা ১৫ অক্টোবৰলৈ চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব ত্ৰয়োদশ শিশু জ্ঞানোৎসৱ। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিয়ে অন্বেষাৰ সভাপতি পৰেশ মালাকাৰে।

ইউনিচেফ, অন্বেষা আৰু ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত আয়োজন কৰা এই জ্ঞানোৎসৱৰ নাম আগতে শিশু গ্ৰন্থ উৎসৱ আছিল যদিও বৰ্তমানে ইয়াৰ নাম শিশু জ্ঞানোৎসৱ ৰখা হৈছে।

এই জ্ঞানোৎসৱখনিত গ্ৰন্থমেলা, গ্ৰন্থসমদল যাত্ৰাৰ লগতে, বিভিন্ন কৰ্মশালা আৰু প্ৰতিযোগিতাৰো আয়োজন কৰিছে। আনহাতে ব্যাপক হাৰত বৃদ্ধি পোৱা শিশু নিৰ্যাতন আৰু শিশু অধিকাৰৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে ভালেমান কাৰ্যসূচীৰো আয়োজন কৰিছে জ্ঞানোৎসৱৰ বাকৰিত।

এইবাৰৰ উৎসৱৰ আন উল্লেখযোগ্য কাৰ্য্যসূচী হ'ল গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত আয়োজন কৰা "অপৰাধ নিয়ন্ত্ৰণঃ পুলিচৰ সহাঁৰি আৰু ৰাইজৰ দায়িত্ব" শীৰ্ষক এটি আলোচনা আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ সহযোগত আয়োজন কৰা "সেউজ গুৱাহাটী" শীৰ্ষক এখনি প্ৰদৰ্শনী।

আজিৰ এই সংবাদ মেল খনত উপস্থিত আছিল অন্বেষাৰ সভাপতি পৰেশ মালাকাৰৰ লগতে ছ'চিয়েল ৱেলফেয়াৰ যুটীয়া সম্পাদক বিভাষ মোডী, ইউনিচেফৰ সদস্য টেহছীন, সাহিত্যিক হৰেকৃষ্ণ ডেকা আৰু অন্বেষা দত্ত।