জালুকবাৰীঃ ভাৰতৰ বায়ু-পানী সেৱন কৰি ডাঙৰ-দীঘল হোৱা একাংশ লোকে বাংলাদেশক আজিও পাহৰিব পৰ নাই৷ নিজৰ পুৰ্বপুৰুষ বাংলাদেশৰ পৰা ভাৰতলৈ আহি থিতাপি ললেও তেওলোকৰ সতী-সন্ততীয়ে যেন আজিও পাহৰিব পৰা নাই বাংলাদেশৰ স্নেহ৷ বাংলাদেশৰ স্মৃতিয়ে তেওলোকক আজিও যেন হাত বাউল দি মাতে৷ সময়ে সময়ে তেওলোকে নিজকে বাংলাদেশী বুলি চিনাকি দিবলৈও কুন্ঠাবোধ নকৰে৷
কেৱল ইমানে নহয় ভাৰতত থাকি বাংলাদেশী বুলি কৈ গৌৰৱবোধ কৰে৷ তেনে এজন যুৱকৰ বিৰুদ্ধে আজি গোচৰ ৰুজু কৰে অসমত৷ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত তথা দিল্লীত বাস কৰা বুলি ফেচবুকত উল্লেখ থকা ৰফিউল আল ৰহমান নামৰ যুৱক জনৰ এটি বিতৰ্কিত ফেচবুক-টুইটাৰ পোষ্টৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷
বিতৰ্কিত মন্তব্য কৰাৰ বাবে ৰফিউল আলম ৰহমান নামৰ যুৱকজনৰ নামত থকা ফেচবুক একাউন্টটোৰ বিৰুদ্ধে বুধবাৰে এজাহাৰ দাখিল কৰিছে এটি স্বেচ্ছাসেৱী অনুষ্ঠানে৷ মহানগৰীৰ ভৰলুমুখ থানাত এজাহাৰ দাখিল কৰে ‘IN MATE'S MATE’ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে অভিযোগ কৰা মতে যোৱা ১৯ ছেপ্তেম্বৰত ৰফিউলে ‘Proud to be a bangladeshi from assam! Come, deport me! Right now’ বুলি ফেচবুকত এটি পোষ্ট দিছিল৷
ৰফিউলৰ এই পোষ্টৰ পিছতে ৰাজ্যিক গৃহ মন্ত্ৰী কিৰণ ৰিজিজুৱে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিয়েই নিজৰ দায়িত্ব সামৰে। এই অভিযোগ স্বেচ্ছাসেৱী সংগঠনটোৰ। বাংলাদেশীসকল ভাৰতত শৰণাৰ্থী হিচাপে আহক নতুবা কাটা তাঁৰ পাৰ হৈয়ে আহক তেওঁলোকৰ মানসিকতা একেই থাকে বুলি ৰিজিজুৱে টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
কিন্তু ‘IN MATE'S MATE’ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ভাৰতৰ বায়ু-পানী সেৱন কৰি ডাঙৰ-দীঘল হৈ বাংলাদেশক লৈ গৌৰৱ কৰা কথাটোক সহজে নলৈ এজাহাৰ দাখিল কৰি চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ ৰফিউল নামৰ যুৱকজনৰ অসমৰ বুলি উল্লেখ কৰিবলেও অসমৰ কোন ঠাইৰ সেই কথা জানিব পৰা হোৱা নাই৷