গুৱাহাটীঃ 'নমামী ব্ৰহ্মাপুত্ৰ' মহোৎসৱৰ উদ্ধোধনী অনুস্থানৰ বাবে জিলা প্ৰশাসনে সালসলনি কৰিছে যান-বাহনৰ গতিপথৰ। ৩১ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া উৎসৱ উপলক্ষে উক্ত দিনটোৰ পুৱা ৮ বজাৰ পাছত গুৱাহাটীমুখী কোনো গধুৰ বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

মালবাহী গাড়ীসমুহ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভি আই পি চাৰিআলিৰ পৰা জালুকবাৰী ৰ'টাৰীলৈ এই অংশত ৰখাব পাৰিব। ভৰলুমুখ ফালৰ পৰা অহা বাহন এপল' হস্পিটালৰ পইন্টেৰে এইচ বি পথ আৰু এ টি পথ হৈ যাব পাৰিব।

আনহাতে মহানগৰ সেৱাৰ বাছসমুহ এ টি ৰোড হৈ চলিব। ইয়াৰোপৰি ভিন্ন ঠাইৰপৰা অনুস্থানৰ উদ্দেশ্যে মানুহ কঢ়িওৱা গাড়ীসমুহ আৰু মহানগৰ সেৱাৰ বাছৰ পথ প্ৰয়োজন সাপেক্ষে সলনি কৰা হব বুলি জনায় যান-বাহন আৰক্ষীয়ে।

আকৌ ১০ জন বা তাতকৈ বেছি যাত্ৰী কঢ়িওৱা বাহন পুৱা ৮ বজাৰ আগত বা নিশা ১০ বজাৰ পাছতহে প্ৰৱেশ কৰিব পাৰিব। উৎসৱৰ বাবে যাত্ৰী কঢ়িয়াই অনা বাহনৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰা ৪ খন ঠাই হ'ল- পুৰণি কাৰাগাৰ, ইদগাহ খেলপথাৰ, সোণাৰাম খেলপথাৰ আৰু কেদাৰ ৰোড। আজি গুৱাহাটী প্ৰেচ ক্লাৱত জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা এইসমুহ তথ্য সদৰি কৰে।