গুৱাহাটীঃ অসমৰ নাট্য-সাংস্কৃতিক আগবঢ়াই গতিশীলতা প্ৰদান কৰা নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সমাজ সাংস্কৃতিক অনুষ্ঠান ‘জ্যোতিৰূপা’ৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ২৯ আৰু ৩০ অক্টোবৰত হ’ব দুখন নাট৷

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ব লগীয়া নাট দুখনৰ নাম ‘মৃনাল মাহী’ আৰু ‘অভাৰকোট’৷ সত্যপ্ৰসাদ বৰুৱাৰ ৰচিত নাট দুখন পৰিচালনা কৰিছে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক প্ৰভাত গোস্বামীয়ে৷

উল্লেখযোগ্য যে  নাট্য প্ৰভাকৰৰ বিভিন্ন দিশ সামৰি এখন তত্ব গধুৰ গ্ৰন্থও প্ৰকাশ কৰা হ’ব৷ গ্ৰন্থ খন উন্মোচন কৰিব ড০ অমৰজ্যোতি চৌধুৰীয়ে৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল অনুষ্ঠিত কৰি এই বিষয়ে সবিশেষ জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই৷ লগতে উপস্থিত থাকে সম্পাদক নৰেন হাজৰিকা আৰু লগতে কেইবাগৰাকিও নেতৃ বৰ্গ৷