গুৱাহাটীঃ গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাই আহিছে সৰু গাড়ীৰ দৌৰাত্ম্য। একপ্ৰকাৰ কবলৈ গলে এতিয়া উৎপাত বাঢ়িছে মেজিক, ট্ৰেকাৰৰ। মহানগৰীত কোতিয়াবা যদি স্কুলৰ বাছৰ দৌৰাত্ম্যত প্ৰাণ যায় ছাত্ৰ-ছাত্ৰীৰ, আন কেতিয়াবা আকৌ যাত্ৰীবাহী বাছৰ চেপাত প্ৰাণ যায় কাৰোবাৰ। এইবাৰ মেজিকৰ দৌৰাত্ম্যই প্ৰাণ ল’লে এগৰাকী নিবন্ধকাৰৰ।
মঙলবাৰে ছয়মাইলত মেজিকৰ খুন্দাত প্ৰাণ গ’ল বিশিষ্ট নিবন্ধকাৰ অনুজ গোস্বামীৰ৷ পেচাত এগৰাকী অভিযন্তা গোস্বামীৰ প্ৰায়ে প্ৰকাশ পাইছিল গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত প্ৰবন্ধ৷ কেতিয়াবা যদি ব্ৰক্ষ্মদেশত আপোন মানুহ আৰু কেতিয়াবা কৰিছে নদী ৰক্ষাৰ গুণা-গাথা৷
মেজিকৰ খুন্দাত অকাল মৃত্যুক সাৱটি লোৱা গোস্বামীৰ বিয়োগত শোকৰ ছাঁ পৰে৷ ইফালে আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মেজিক চালকক৷