ডিজিটেল ডেস্কঃ কৰ্ণাটকত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ শাসক-বিৰোধী কোনেও পিছপৰি থকা নাই৷ ৰেলী অনুষ্ঠিত কৰাৰ যেন প্ৰতিযোগিতাহে অনুষ্ঠিত হৈছে৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনৰ মুৰে মুৰে ভ্ৰমণ কৰিছে কৰ্ণাটক৷ ৰেলীত অংশ লৈ শাসক-বিৰোধীয়ে বাক-যুদ্ধত অৱৰ্তীৰ্ণ হোৱাও পৰিলক্ষিত হৈছে৷ 

কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ মাজতে শনিবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্রধানমন্ত্ৰীক কটাক্ষ কৰি এটা টুইট কৰে৷ টুইটযোগে ৰাহুল গান্ধীয়ে ‘ভ্ৰষ্টাচাৰ আৰু অপৰাধমূলক কাৰ্যত লিপ্ত’ বিজেপি প্ৰাৰ্থীসকলকৰ বিষয়ে কৈ নৰেন্দ্ৰ মোডীয়ে ‘কৰ্ণাটকৰ এই মোষ্ট ৱান্টেড অপৰাধীসকলৰ কাৰ্য’ক লৈ কেতিয়া মুখ খুলিব বুলি প্ৰশ্ন কৰে৷

শনিবাৰে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰি কয়, ’প্ৰিয় মোডীজী, আপুনি বহুত কথা কয়৷ কিন্তু সমস্যাটো হ’ল আপোনাৰ কথাৰ সৈতে আপোনাৰ কৰ্মৰ কোনো মিল নাই৷’

ভিডিঅ’টোৰ বিষয়ে উল্লেখ কৰি ৰাহুলে কয়, ‘কৰ্ণাটকত আপোনাৰ নিৰ্বাচিত প্ৰাৰ্থীৰ একোটা চিহ্নিতকৰণ প্ৰস্তুত কৰা হৈছে৷ এয়া কৰ্ণাটকৰ ‘মোষ্ট ৱান্টেড লোকসকলৰ’ কাণ্ড যেন হে লাগিছে৷’  

ৰাহুল গান্ধীয়ে পোষ্ট কৰা ভিডিঅ’টোত ৰেড্ডী ভাতৃ, বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিএছ য়েদেৰুপ্পা সহ দুৰ্নীতি আৰু অপৰাধৰ গোচৰ ৰুজু হৈ থকা ১১ গৰাকী বিজেপি নেতাৰ নাম উল্লেখ কৰা হৈছে৷ এনে লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিয় একো কোৱা নাই, সেই বিষয়ে প্ৰশ্ন কৰা হৈছে৷