ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গন্ধীৰ টুইটাৰ একাউন্টৰ পৰা টুইট কৰা এটা ভিডিঅ’ই এতিয়া ৰাজনৈতিক মহলত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ ভিডিঅ’টোৰ যোগেৰে মোডী চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা দলিত সকলৰ ওপৰত হোৱা উৎপীড়নৰ উল্লেখ কৰা হৈছে৷ দেশৰ বেলেগ বেলেগ ঠাইত সংঘটিত হোৱা দলিত উৎপীড়নৰ দৃশ্যৰ ভিডিঅ’ বনাই ৰাহুল গান্ধীয়ে টুইট কৰিছে৷
কৰ্ণাটক বিধানসভা নিৰ্বাচনক লৈ বতাহ গৰম হৈ থকা সময়তে ৰাহুল গান্ধীয়ে কৰা এই টুইটে চৰ্চা লাভ কৰিছে৷ দলিতসকলৰ বিষয়ক লৈ কংগ্ৰেছে সদায় বিজেপিক আক্ৰমণ কৰি অহা পৰিলক্ষিত হয়৷ এই ভিডিঅ’টোৰ প্ৰথমতেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বি এছ য়েদেৰুপ্পাৰ এটি ভিডিঅ’ দেখিবলৈ পোৱা গৈছে৷ য’ত তেওঁ এটা দলিত পৰিয়ালৰ ঘৰত ভোজন কৰা দেখিবলৈ পোৱা গৈছে৷
Central to the RSS/ BJP fascist ideology, is that Dalits & Adivasis must continue to exist at the bottom rung of society.
— Rahul Gandhi (@RahulGandhi) May 6, 2018
In this disturbing video, the dangers of this mindset and how it’s openly propagated by senior RSS/ BJP leaders is revealed. #AnswerMaadiModi pic.twitter.com/gX2NwL0q27
ভিডিঅ’টোৰ জৰিয়তে এয়া দাবী কৰা হৈছে যে য়েদেৰুপ্পাই যদিও এটা দলিত পৰিয়ালত আহাৰ খোৱা দেখিবলৈ পোৱা গৈছে, তেওঁ আচলতে বাহিৰৰ ৰেষ্টুৰেন্টৰ পৰা অনা বিলাসী আহাৰ হে গ্ৰহণ কৰিছে৷ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী য়েদেৰুপ্পাই দলিত প্ৰেম প্ৰদৰ্শন কৰি এখন মিছা নাটক ৰচনা কৰিছে বুলি ভিডিঅ’টোত দাবী কৰা হৈছে৷
ভিডিঅ’টোৰ দ্বিতীয়তে দেখিবলৈ পোৱা গৈছে কৰ্ণাটকৰ লোকসভা সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগড়েক৷ হেগড়েয়ে এটা মন্তব্য কৰি আছে৷ যাৰ দ্বাৰা তেওঁ বাবা চাহেব ভীমৰাও আম্বেদকাৰে লিখি যোৱা সংবিধানখন সলনি কৰাৰ বিষয়ে মন্তব্য কৰিছে৷ কংগ্ৰেছে আম্বেদকাৰক অনাদৰ কৰাৰ গইনা লৈ বিজেপিক জবাবদিহী কৰিব বিছাৰিছে৷
ইয়াৰ উপৰিও কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ আৰক্ষী ভৰ্তি পৰীক্ষাৰ সময়ত দলিত প্ৰাৰ্থী সকলৰ গাত এছচি লিখা ঘটনাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল৷ ভিডিঅ’টোত সেয়াও উল্লেখ কৰা হৈছে৷
সম্পূৰ্ণ ভিডিঅ’টোত সংঘ প্ৰধান মোহন ভাগৱত আৰু সংঘৰ নেতা মোনমোহন বৈদ্যৰ কিছু বিবৃতিৰ জৰিয়তে সমগ্ৰ সংঘ পৰিয়াল দলিত বিৰোধী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা চলোৱা হৈছে৷ এই ভিডিঅ’টোৰ মাজাৰে কংগ্ৰেছে দাবী কৰিছে যে মোনমোহন বৈদ্যই দলিত আৰক্ষণ নীতি বন্ধ কৰাৰ বাবে মন্তব্য কৰিছিল৷ ইয়াৰ বিপৰীতে মোহন ভাগৱতে আৰক্ষণ পদ্ধতিক পৰ্যালোচনা কৰাৰ বিষয়ে মন্তব্য কৰিছিল৷
ইয়াৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত দলিত সকলৰ বিৰুদ্ধে সংঘটিত হোৱা উৎপীড়নৰ দৃশ্য ভিডিঅ’টোত প্ৰকাশ কৰা হৈছে৷
কংগ্ৰেছে এই ভিডিঅ’ প্ৰচাৰেৰে কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিক দলিত বিৰোধী বুলি প্ৰতিপন্ন কৰিব বিচাৰি নিৰ্বাচনী ৰণ কৌশল সৃষ্টি কৰিছে৷ এছচি-এছটি ধাৰাক লৈ উচ্চতম ন্যায়ালয়ে জাৰি কৰা সিদ্ধান্তৰ পিছতো ৰাহুল গান্ধীয়ে বিজেপিক দলিত বিৰোধী সজাবলৈ এৰা নাই৷ ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে মোডী চৰকাৰে যি ধৰণে দলিত সকলৰ বিষয়ে চিন্তা কৰা উচিত আছিল, তেনে ধৰণে কৰা নাই৷ ভিডিঅ’টোত এই বিষয়েও উল্লেখ কৰিছে ৰাহুলে৷
ৰাহুল গান্ধীয়ে বিজেপিক দলিত বিৰোধী আখ্যা দি নিজৰ লাভ বিচাৰিছে৷ ভাৰতৰ বিভিন্ন প্ৰান্তত যথেষ্ট সংখ্যক দলিত সম্প্ৰদায়ৰ লোক থকাৰ বাবে ৰাহুল গান্ধীয়ে নতুন ৰণনীতি অনলম্বন কৰিছে৷ যদি দেশৰ দলিত আৰু মুছলমান সম্প্ৰদায়ৰ লোক সকল বিজেপি বিৰোধী হৈ পৰে, তেন্তে বিজেপিৰ জয়যাত্ৰা স্থগিত হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷
ৰাহুল গান্ধীয়ে টুইট যোগে কয় যে কৰ্ণাটকৰ এছচি-এছটি সম্প্ৰদায়ৰ লোকৰ ভিত্তিত তেওঁলোকৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে ধন ব্যয় কৰিছিল৷ ৰাহুলে এয়া বিপ্লবী পৰিকল্পনা বুলি আখ্যা দি সিদ্ধাৰামাইয়া চৰকাৰৰ প্ৰশংসা কৰে৷ য়েদেৰুপ্পাক দলিত প্ৰেমৰ ভুৱা প্ৰদৰ্শনকাৰী বুলি আখ্যা দিয়াৰ লগতে কংগ্ৰেছৰ সিদ্ধাৰামাইয়াক বিপ্লৱী মুখ্যমন্ত্ৰী বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে দলিত ভোটাৰসকলৰ কংগ্ৰেছপক্ষী কৰি তুলিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷