ডিজিটেল ডেস্কঃ গুজৰাট নিৰ্বাচনৰ সময়ত কেইবাটাও মন্দিৰ দৰ্শন কৰি বিৰোধীৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হৈছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে৷ তাৰ পিছতো যেন কেৰেপ কৰা বিধৰ নহয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী৷ এইবাৰ ৰাহুল গান্ধীয়ে ভ্ৰমণ কৰিব কৰ্ণাটক৷ কৰ্ণাটক ভ্ৰমণ কৰি দৰ্শন কৰিব মঠ-মন্দিৰ-দৰগাহ৷ ৰাজ্য খনত কেইটামান মাহৰ পিছতেই অনুষ্ঠিত হ'ব বিধান সভাৰ নিৰ্বাচন।

ইয়াৰ পূৰ্বে ০৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাংগালুৰুত এখন জনসভাত অংশ লৈ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পতন নিশ্চিত বুলি কৈছিল৷ তাৰ পিছতে শনিবাৰৰ পৰা ৰাহুলে কৰ্ণাটক ভ্ৰমণ কৰিব ৰাজ্য খন৷ ভ্ৰমণ কালত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে দৰ্শন কৰিব মঠ-মন্দিৰ আৰু দৰগাহ৷

১০ ফেব্ৰুৱাৰীৰ পৰা এই ভ্ৰমণ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে৷ হায়দৰাবাদৰ কৈপ্পলৰ পৰা আৰম্ভ কৰিবলগীয়া এই যাত্ৰাৰ সময়ত কৈপ্পলৰ হুলীগেমাত পূজা কৰিব ৰাহুলে৷ প্ৰসিদ্ধ সিদ্ধেশ্বৰ মন্দিৰৰ লগতে শিৱ মন্দিৰো দৰ্শন কৰিব৷ এই মন্দিৰৰ সৈতে লিংগায় জনগোষ্ঠী জৰিত৷

বিজেপিয়ে যোৱা নিৰ্বাচনত লিংগায় জনগোষ্ঠীৰ আস্থা লাভ কৰিছিল৷ এইবাৰ কংগ্ৰেছে জনগোষ্ঠীটোৰ ভোট আদায়ৰ চেষ্টা কৰা পৰিকল্পনা কৰি ৰাহুলক মন্দিৰ দৰ্শন কৰিব বুলি চৰ্চা হৈছে৷ বিজেপিৰ প্ৰদেশ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিএছ য়েদুয়াৰাপ্পাই ৰাহুল গান্ধী সফল নহ’ব বুলি কয়৷ কংগ্ৰেছে এতিয়াহে হিন্দুত্ব হোৱাৰ অনুভৱ বুজিব পাৰিছে বুলি কটাক্ষ কৰে৷ জানিব পৰা মতে, ১২ ফেব্ৰুৱাৰীত কলবূৰ্গীৰ লগতে ১৩ ফেব্ৰুৱাৰীত দৰগাহলৈ যাব ৰাহুল গান্ধীয়ে৷