![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/thnkful.jpg?itok=0AUUzYJs)
ডিজিটেল ডেস্কঃ বেঙুনীয়া ৰঙৰ এপাহ ফুল। 'থেংকফুল’-ফুলপাহৰ ওপৰত মাউছৰ কাৰ্ছাৰ ৰাখিলে এইবুলিয়েই প্ৰদৰ্শিত হয়। অৰ্থাৎ ধন্যবাদ জ্ঞাপন কৰা। ফেচবুকৰ এই নতুন ৰিয়েকশ্যন স্মাইলিয়ে নিশ্চয় ব্যৱহাৰকাৰীসকলৰ দৃষ্টি কাঢ়িছে।
বহুতেই এই স্মাইলি ব্যৱহাৰো কৰিছে। কিন্তু অধিকাংশই নাজানে যে, হঠাৎ কিয় ফেচবুকে 'থেংকফুল’ স্মাইলি দিছে!
ফেচবুকত 'থেংকফুল’ এইবাৰেই প্ৰথম ফুলা নাই। ইয়াৰ পূৰ্বেও একে সময়তে 'থেংকফুল’ ফুলাইছিল ফেচবুকে। ১৪ মে’ৰ আন্তৰ্জাতিক মাতৃ দিৱস বা মাডাৰ্ছ ডে উদযাপনৰ বাবেই এই স্মাইলিৰ আবিষ্কাৰ ফেচবুকৰ।
মুঠ ৮০ খন দেশত যোৱা দেওবাৰে উদযাপিত হয় আন্তৰ্জাতিক মাতৃদিৱস। সেয়ে এই দিৱসক উদ্দেশ্য কৰিয়েই সকলোৰে টাইমলাইনত 'থেংকফুল’ ফুলাইছিল ফেচবুকে।
গতিকে এতিয়া আৰু ফেচবুকত এবছৰৰ বাবে দেখা নাযাব এই 'থেংকফুল’। উল্লেখ্য যে গ্ৰেট ব্ৰিটেইনত মাৰ্চ মাহতে 'থেংকফুল’ ফুলিছিল। কিয়নো ৰাণীৰ দেশখনত যোৱা মাৰ্চ মাহতে পালন কৰা হৈছিল মাতৃ দিৱস।