newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথা আৰু কৰ্মই দেশৰ সাধাৰণ জনতাক কিমান সন্তুষ্ট কৰি ৰাখিব পাৰিছে সেয়া অনুমান কৰিব নোৱাৰিলেও বিজেপিৰ কিছু সংখ্যক দলীয় নেতা মোডীক লৈ বিতুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে৷ যশৱন্ত সিনহা, লালকৃষ্ণ আদৱানী আদি কেইবাগৰাকীয়ে দলৰ জ্যেষ্ঠ নেতাই বিজেপি চৰকাৰৰ কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি অহাৰ লগতে আনকি দল এৰাৰ ভাবুকিও প্ৰদান কৰিছে৷
Anybody can become PM in our democracy. Naamdar, Kaamdar, Daamdar or for that matter any average Samajhdar, if he has the numbers & support. Why are we making such a hue and cry about it? After all isn’t it their internal matter & any PMship has to be through verdict of majority.
— Shatrughan Sinha (@ShatruganSinha) May 12, 2018
পুনৰ এবাৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ উঠিল দলৰ এজন জ্যেষ্ঠ নেতা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতেই মোডীৰ মন্তব্যক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিজেপি সাংসদ তথা অভিনেতা শত্ৰুঘ্ন সিনহাই৷ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি শত্ৰুঘ্ন সিনহাই শনিবাৰে ছচিয়েল মাধ্যমযোগে মত ব্যক্ত কৰে৷
অভিনেতা-সাংসদ শত্ৰুঘ্ন সিনহাই টুইট যোগে কয়, ‘নামশীল, কৰ্মশীল, শক্তিশালী ততা কিছু পৰিমাণৰ বিচক্ষণ যিকোনো ব্যক্তিয়েই দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য৷ মাথো তাৰ বাবে তেওঁ পৰ্যাপ্ত সমৰ্থন আৰু আৱশ্যকানুযায়ী সাংসদৰ সমৰ্থন লাভ কৰিব লাগিব৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি শত্ৰুঘ্ন সিনহাই এয়া কয় যে, ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে প্ৰধান মন্ত্ৰীগৰাকীয়ে আন আন কথাৰে জনতাৰ মন বেলেগ ফালে ঢাল খুৱাবহে বিছাৰিছে৷ ৰাহুল গান্ধী বিগত কিছু বছৰত বেছি পৰিপক্ক হৈ উঠিছে বুলি মন্তব্য কৰি অভিনেতা-সাংসদ গৰাকীয়ে ৰাহুল গান্ধীৰ সমৰ্থনত কয় যে তেওঁ দেশৰ হিতৰ বাবে কেইবাটাও প্ৰয়োজনীয় প্ৰশ্ন উত্থাপন কৰিছে৷
Sir. He is popular with the general public & very much liked by them. Anybody can dream & dreams would only come true if you dream. As said earlier, to become the PM one needs no qualification or special wisdom....@BJP4India
— Shatrughan Sinha (@ShatruganSinha) May 12, 2018
উল্লেখ্য যে, শনিবাৰে সম্পন্ন হৈ যোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল৷ তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ তেওঁ কৈছিল যে ৰাহুল গান্ধী কেৱল নামৰ বাবেহে বিখ্যাত৷ কিন্তু নৰেন্দ্ৰ মোডী নামৰ লগতে সাধাৰণ মানুহৰ বাবে কৰা কামৰ বাবেও বিখ্যাত৷
নৰেন্দ্ৰ মোডীৰ এই মন্তব্যৰ পিছতে বিজেপি সাংসদ শত্ৰুঘ্ন সিনহাই টুইটত কয়, ‘‘কংগ্ৰেছ অধ্যক্ষগৰাকী বিগত কিছু বছৰৰ পৰা অধিক চিন্তাশীল আৰু পৰিপক্ক হৈ উঠিছে৷ তেওঁ দেশৰ সাধাৰণ জনতাৰ মাজত জনপ্ৰিয়তাও লাভ কৰিবলৈ সক্ষম হৈছে৷ যদি দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ অধ্যক্ষই দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে, তেন্তে ইয়াত ভুল কি?’’ বিজেপি সাংসদ গৰাকীয়ে পুনৰ কয়, ‘‘সপোন যিকোনো মানুহেই দেখিব পাৰে৷ আৰু সপোন তেতিয়াহে পুৰণ হয়, যেতিয়া সপোন দেখা যায়৷’’
উল্লেখ্য যে, বিগত কিছু বছৰৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ শত্ৰুঘ্ন সিনহাই দলৰ কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে৷ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেবিনেট মন্ত্ৰীসকলৰ কৰ্ম কাণ্ডৰ বাবেই বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে৷ কিছিদিন পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা যশৱন্ত সিনহাই মোডী চৰকাৰৰ কাণ্ড কাৰখানাক লৈ প্ৰশ্ন উত্থাপন কৰা সময়ত শত্ৰুঘ্ন সিনহাই মোডীৰ বিৰোধিতা কৰিছিল৷