ডিজিটেল ডেস্কঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা নেতা ৰূপে প্ৰতিষ্ঠা লাভ কৰা কানহায়া কুমাৰ আৰু শ্বেইলা ৰছিদ ছাত্ৰ ৰাজনীতিৰ পৰা ভোট যুদ্ধলৈ সাজু হৈছে৷ ২০১৬ চনত ছাত্ৰৰ হকে দেশ কঁপাই যোৱা প্ৰতিবাদী কাৰ্যসূচীৰে সংবাদ মাধ্যম, ছচিয়েল মিডিয়াত চৰ্চিত হৈ জনপ্ৰিয় হৈ পৰা দুই ছাত্ৰ নেতা কানহায়া কুমাৰ আৰু শ্বেইলা ৰছিদে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে। এই কথাৰেই ইংগিত দিছে শেহতীয়াকৈ সংবাদমাধ্যমৰ লগত হোৱা সাক্ষাতকাৰত দুই যুৱ নেতা-নেত্ৰীয়ে।
আৰম্ভণিৰে পৰা এনডিএ চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰি অহা কানহায়া আৰু শ্বেইলাই ২০১৯ত বিজেপিক প্ৰতিহত কৰাৰ বাবে এক বৃহৎ মিত্ৰজোঁটৰ বাবে পৰিকল্পনা চলাই আছে। গুজৰাট বিধানসভা নিৰ্বাচনত দলিতৰ যুৱ নেতা জিগনেশ মেৱানীৰ সফলতাৰ উদাহৰণ দি ছাত্ৰনেতাদ্বয়ে কয় যে সাামাজিক আৰু ৰাজনৈতিক গোটবোৰৰ লগতে 'উদাৰ আৰু অগ্ৰণী চিন্তাধাৰাৰ শক্তি’ৰ সমন্বয় সাধনেৰে বিজেপিক প্ৰতিহত কৰা সম্ভৱ।
নিৰ্বাচন খেলাৰ কথাটো পোনচাটে নাকচ মই কৰা নাই- হিন্দুস্থান টাইমচৰ সৈতে হোৱা এক সাক্ষাতকাৰত কানহায়া কুমাৰে এনেদৰে ২০১৯ৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সংকেত দিয়ে। আৰু অলপ বহলাই কানহায়াই কয় যে যদিহে ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছ আৰু বামপন্থী দলে মিত্ৰজোঁট গঠন কৰে আৰু কানহায়াক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে, তেন্তে তেওঁ নিৰ্বাচন খেলিবলৈ সাজু।
সংগঠিত ৰাজনীতিৰ পোষকতা কৰি কানহায়াই কয় যে তেওঁ মূলধাৰাৰ ৰাজনৈতিক দলৰ যোগেদিহে ৰাজনীতিত সোমাব। ব্যক্তিগত কাৰচাজিত বিশ্বাস নথকাৰ কথাও তেওঁ উল্লেখ কৰে। এআইএছএফ-ৰ প্ৰতিনিধিত্ব কৰা জেএনইউৰ ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন সভাপতি কানহায়া কুমাৰে নিজৰ গৃহচহৰ বেগুচৰাইৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি অনুমান কৰা হৈছে।
জেএনইউৰ ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন উপ-সভাপতি শ্বেইলা ৰছিদেও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত দিছে। ৰছিদৰ ভাষ্য মতে পৰিস্থিতি অনুকূল হৈ থাকিলে কোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবও পাৰে। দেশৰ বিৰোধী দলবোৰে ভাৰতীয় গণতন্ত্ৰ সংকটত পৰা বুলি যদি ভাবিছে, তেন্তে সেয়া সকলোকে অৱগত কৰোৱাৰ ক্ষেত্ৰত আমাৰ ভূমিকা থকা উচিত-ৰছিদে কয়।