newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ সময়তে বাক-যুদ্ধত অৱৰ্তীৰ্ণ হৈছে কংগ্ৰেছ-বিজেপি৷ কৰ্ণাটকৰৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী সভা আয়োজন কৰি দলৰ প্ৰচাৰ চলোৱাৰ লগতে বিভিন্ন মন্তব্য প্ৰদানেৰে বিপক্ষক ধৰাশয়ী কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ-বিজেপি৷
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনীয়া গান্ধী ইটালীয় বুলি আখ্যা দি নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক ভেটিবলৈ চেষ্টা কৰাৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীয়ে৷ ৰাহুলে কয় যে ছোনায়া গান্ধী অন্য বহু ভাৰতীয়তকৈ বেছি প্ৰকৃত ভাৰতীয়৷
উল্লেখ্য যে, বিগত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়তে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক পত্ৰ ব্যৱহাৰ নকৰাকৈ হিন্দী, ইংৰাজী অথৱা তেওঁৰ মাতৃভাষাত ১৫ মিনিট ভাষণ প্ৰদান কৰিবলৈ চেলেঞ্জ দিছিল৷
ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে কয়, ‘‘মোৰ মা ছোনীয়া গান্ধী ইটালীয় মূলৰ৷ কিন্তু তেওঁ জীৱনৰ আধা বয়স ভাৰতৰ মাটিত কটাইছে৷ ভাৰতৰ বাবে তেওঁ বহু ত্যাগ কৰিছে৷ তেওঁ অন্য বহু ভাৰতীয়তকৈ বেছি ভাৰতীয়৷ তেওঁ এইখন দেশৰ বাবে বহু কষ্ট সহ্য কৰিছে৷ যদি প্ৰধানমন্ত্ৰীয়ে তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচাৰে তেন্তে কৰিব পাৰে৷ ইয়াৰ দ্বাৰাই প্ৰধানমন্ত্ৰীগৰাকী কেনে মনৰ মানুহ সেয়া বুজা যায়৷’’
ইফালে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয়, ‘‘সকলো মানুহৰ প্ৰতি মোডীৰ অন্তৰত এটা ক্ষোভ আছে৷ তেওঁ আমাক ভয় কৰা পৰিলক্ষিত হয়৷ সেইবাবেই মোক তেওঁ আক্ৰমণ কৰে৷ মোক খং কৰে৷ কিন্তু সেয়া মোৰ সমস্যা নহয়, তেওঁৰহে সমস্যা৷’