ডিজিটেল ডেস্কঃ প্ৰখ্যাত আইপিএছ বিষয়া কেপিএছ গীলৰ ৮২ বছৰ বয়সত মৃত্যু। পঞ্জাৱৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নিয়ন্ত্ৰণলৈ অনাৰ সুখ্যাতি থকা গীল হৃদৰোগত আক্ৰান্ত হৈ দিল্লী হস্পিতালত শুকুৰবাৰে মৃত্যুবৰণ।

ভাৰতীয় আৰক্ষী সেৱাৰপৰা ১৯৯৫ চনত অৱসৰ গ্ৰহণ কৰা গীল পঞ্জাৱৰ দুবাৰকৈ ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰতীয় হকী ফেডাৰেশ্যনৰ সচিব হোৱাৰ উপৰিও ইনষ্টিটিউট ফৰ কনফ্লিক্ট মেনেজমেণ্টৰো অধ্যক্ষৰ দায়িত্বতো আছিল গীল।

অসামৰিক সেৱাত অতুলনীয় সেৱা আগবঢ়োৱা গীলক ভাৰত চৰকাৰে ১৯৮৯ত পদ্ম শ্ৰী সন্মান যাঁচে।