ডিজিটেল ডেস্কঃ সংসদ ভৱন নহয় যেন হিন্দী বোলছবিৰ চিত্ৰ গ্ৰহণ কৰাৰহে দৃশ্য৷ কোনোবা দিনা যদি তেওঁ ভগৱান কৃষ্ণ হৈছে, আনদিনা তেওঁ ৰূপ লৈছে ৰজা হৰিশ্চন্দ্ৰৰ৷ 

এদিন স্কুলীয়া ছাত্ৰৰ দৰে সাজপাৰ পিন্ধিলে, আনদিনা আকৌ মহিলা ৰূপত সংসদত উপস্থিত হয় সাংসদগৰাকী৷ প্ৰত্যেক দিনাই সাংসদগৰাকীয়ে নতুন চৰিত্ৰ একোটাৰ জৰিয়তে প্ৰতিবাদৰ প্ৰতীকি অৰ্থ বহন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেন্দ্ৰীয় চৰকাৰক বিৰোধীতা কৰি আহিছে৷ 

অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ সমষ্টিৰ তেলেগু দেশম পাৰ্টিৰ সাংসদ এন শিৱসেনাই অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য প্ৰদান কৰাৰ দাবীত এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বুলি জানিব পৰা গৈছে৷

 

সোমবাৰে সাংসদগৰাকীয়ে, মহিলাৰ ভেশত সংসদত প্ৰৱেশ কৰি মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অন্ধ্ৰ প্ৰদেশৰ মহিলাসকলক সা-সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ বাবেই মহিলাৰ পোছাক পৰিধান কৰি প্ৰতিবাদ জনায়৷ 

বুধবাৰে হৰিশ্চন্দ্ৰ ভেশ ধৰি সাংসদগৰাকীয়ে সংসদত মোডীক সমালোচনা কৰে৷ সাংসদগৰাকীয়ে হৰিশ্চন্দ্ৰ বেশ কিয় লোৱা বুলি সোধা প্ৰশ্ৰ উত্তৰত কয়, ৰজা হৰিশ্চন্দ্ৰই বাৰাণসীত বাস কৰাৰ সময়ত বাৰানসীৰ সকলো প্ৰতিশ্ৰুতিয়েই পূৰণ কৰিছিল কিন্তু মোডীয়ে বাৰানসীত থাকিলেও কোনো ধৰণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই৷ পাৰ্থক্য তাতেই৷ 

তদুপৰি মাৰ্চ মাহৰ আৰম্ভণিতেই শিৱসেনাই কৃষ্ণৰ ৰূপত সংসদত প্ৰৱেশ কৰি বাঁহী বজাই কৌৰৱ-পাণ্ডৱক সমান কৰাৰ প্ৰয়াস কৰিছিল৷ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সাৱধানমূলক প্ৰতীকিও বহন কৰে ভগৱানস্বৰূপ ভেংকটেশ্বৰৰ ৰূপ লৈ৷

এই চৰিত্ৰৰ জৰিয়তে শিৱসেনাই চৰকাৰক দাবীসমূহ পূৰণ নকৰিলে পৰিস্থিতি গম্ভীৰ হোৱাৰ হুংকাৰ দিয়ে৷ ইয়াৰ পূৰ্বে সাংসদ এন শিৱসেনাই পূজাৰী হৈ সংসদত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে৷