শ্ৰীনগৰঃ কাশ্মীৰৰ বুড়গাম জিলাত আজি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা শ্বাসৰুদ্ধকৰ অভিযানৰ সংঘৰ্ষস্থলীত ৩ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়৷ এই ঘটনাত ১৮ জন লোক আহত হয়৷ সংঘৰ্ষস্থলীৰ পৰা বুজন পৰিমাণৰ মৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়৷

এজন সন্ত্ৰাসবাদী নিহত হয় এই সংঘৰ্ষত৷ আৰক্ষীয়ে জনোৱা অনুসৰি নিৰাপত্তা কৰ্মীসকলক সন্ত্ৰাসবাদীৰ গুলিচালনা কৰাৰ প্ৰত্যুত্তৰত এই অভিযান চলে৷ আজি পুৱাৰপৰা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা বুলি গম পায়েই আৰক্ষীয়ে উক্ত স্থানত অভিযান আৰম্ভ কৰিছিল৷

আৰক্ষীয়ে জনোৱা অনুসৰি সংঘৰ্ষস্থলীত কেতবোৰ স্থানীয় লোকে সন্ত্ৰাসবাদীৰ সমৰ্থনত শিলগুটি নিক্ষেপ কৰে আৰক্ষীলৈ৷ জন্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ কনভয়লৈও শিল নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে৷ প্ৰতিবাদকাৰীক ৰুধিবলৈ কৰা গুলিচালনাতে নিহত হয় লোককেইজন। ইফালে প্ৰতিবাদকাৰীৰ আক্ৰমণত ১৪ জন জোৱান আহত হয়৷