গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলত গেৰুৱা পতাকা উৰাৰ সময়তেই ত্ৰিপুৰাত বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ ত্ৰিপুৰৰা নিৰ্বাচনৰ ফলাফল বিজেপিৰ দিশে আগবঢ়াৰ লগে লগে মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ আৰম্ভ হৈছে চৰ্চা৷ জানিব পৰা মতে, দিল্লীত শনিবাৰ সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ সংসদীয় বৈঠকত এই কথা আলোচনা হ'ব বুলি ভবা হৈছে।

প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহ উপস্থিত থাকিব৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে ত্ৰিপুৰাত বাহৰ পাতি ৰাজ্যৰ নেতাসকলৰ সৈতে ভোট গণনাৰ প্ৰতিটো খবৰ লোৱাৰ লগতে সংবাদ মেল অনুষ্ঠিত কৰি অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়৷

ৰাইজে ২৫ বছৰীয়া বঞ্চনাৰ বিৰুদ্ধে ভোট দিয়া বুলি কয়৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰীক শুভেচ্ছা যাচে আৰু এয়া ঐতিহাসিক বিজয় আখ্যা দিয়ে৷ বিজেপিৰ কৰ্মী আৰু প্ৰধানমন্ত্ৰীৰ কষ্টৰ ফল বুলি কয়৷ ৰাম মাধৱৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতি বিপ্লৱ দেৱ উপস্থিত থাকে৷ অনুমান কৰা মতে, বিজেপিৰ ত্ৰিপুৰা চৰকাৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ হব বুলি কব পাৰি৷ ইতিমধ্য বিপ্লৱ দে’ৰ নাম চৰ্চালৈ আহিছে৷