ডিজিটেল ডেস্কঃ ভয়াবহ প্ৰদুষণে আৱৰি ধৰিছে দিল্লীৰ আকাশ। পৰিত্ৰাণ বিচাৰি বিভিন্ন উপায় অৱলম্বন কৰিও সকাহ পোৱা নাই দিল্লী চৰকাৰে। সেইয়ে এইবাৰ ল’লে আন এক পথ। অতিমাত্ৰা প্ৰদূষণৰ বাবে দিল্লীত নিষিদ্ধ হ’ল নিৰ্মাণ কাৰ্য আৰু ট্ৰাক চলাচল৷ বুধবাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ সিদ্ধান্ত মৰ্মে এই বিষয়ত চাব মোহৰ লগালে লেফটেনেন্ট গৱৰ্নৰ অনিল বৈজলালে৷

প্ৰদূষণৰ পৰিমাণ দিনে দিনে বাঢ়ি যোৱাৰ বাবেই ৰাজধানীখনৰ সকলো কল কাৰখানাৰ নিৰ্মাণ কাৰ্য স্থগিত ৰখাৰ নিৰ্দেশ দিছে দিল্লী প্ৰশাসনে৷ তাৰ লগতে চহৰখনত পন্য সামগ্ৰী সৰবৰাহ কৰা যান বাহন সমূহৰ লগতে ট্ৰাক প্ৰৱেশৰ ওপৰত জাৰি কৰিছে নিষেধাজ্ঞা৷

এখন জৰুৰী বৈঠকত সুপ্ৰিম ক’ৰ্টৰ দ্বাৰা নিয়োজিত পৰিৱেশ প্ৰদূষণ দূৰীকৰণ আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ (EPCA) ৰ নিৰ্দেশত দিল্লীৰ লেফটেনেন্ট গৱৰ্নৰ অনিল বৈজলালক এই বিষয়ত এখন অনুমোদন দাখিল কৰা হৈছিল৷ এই বৈঠক খনত উপস্থিত আছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, EPCA ৰ সদস্য সুণীতা নাৰায়ণ আৰু অনান্য উচ্চ বিষয়া সকল৷