ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত নতুন ৰেকৰ্ড গঢ়িলে ভাৰতীয় ক্ৰিকেট দলে৷ অনুৰ্ধ্ব-১৯ৰ বিশ্বকাপত নতুন ৰেকৰ্ড গঢ়ি অষ্ট্ৰেলিয়াক হৰুৱাই চেম্পিয়ন হ’ল ভাৰতীয় দল৷ ২০০০, ২০০৮, ২০১২ৰ পিছত পুনৰ বিশ্বকাপত চেম্পিয়ন হ’ল ভাৰতীয় দল৷ নিউজিলেণ্ডত অনুষ্ঠিত বিশ্বকাপৰ ফাইলেত অষ্ট্ৰেলিয়াক ধৰাশয়ী কৰে।

টছ জিকি অষ্ট্ৰেলিয়া দলে মাথো ২১৬ ৰানৰ টাৰ্গেট দিয়ে ভাৰতীয় দলক৷ ভাৰতীয় দল বৰ্তমান ফৰ্মত থকাত ২১৬ ৰানৰ লক্ষ্য সহজেই অতিক্ৰম কৰে৷ শনিবাৰে টিম ইণ্ডিয়াক জয়ী হোৱাৰ সংকেত দিছিল  বলাৰসকলে৷ টিম ইণ্ডিয়াৰ বলাৰসকল অষ্ট্ৰেলিয়াৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিছিল৷ ৩৩ ৰানতে অষ্ট্ৰেলিয়াৰ ৬ উইকেট পেভেলিয়ান মুখী হয়৷

তাৰ পিছতে অষ্ট্ৰেলিয়াই দিয়া ২১৬ ৰানৰ টাৰ্গেট মাথো দুটা উইকেট পতনৰ পিছতেই নিৰ্দিষ্ট লক্ষ্য অতিক্ৰম কৰি নতুন ইতিহাস সৃষ্টি কৰে ভাৰতীয় দলে৷ চতুৰ্থ বাৰৰ বাবে অনুৰ্ধ-১৯ বিশ্বকাপ জয়ী হয় ভাৰতে৷ অষ্ট্ৰেলিয়াৰ জোনথায়া মেৰলে ৭৬ ৰান কৰাৰ বিপৰীতে ঈশান, অনুকুল, শিৱ আৰু নাগৰকোটিয়ে ২ টাকৈ উইকেট লাভ কৰে৷ শিৱম মাভিয়ে এটা উইকেট লাভ কৰে৷ আনহাতে ভাৰতীয় অপেনাৰ মনজোত কালৰাই ১০১ ৰান কৰে৷ পৃথ্বীয়ে ৪১ ব’লত ২৯ ৰান, শুভমে ৩০ ব’লত ৩১ ৰান, ৬১ বলত ৪৭ ৰান কৰে হাৰ্ভিকে৷ মেন অৱ দ্যা মেচ লাভ কৰিছে মনজোতে৷