ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা দেশৰ মাটিত ভৰি থৈ কঁপি উঠিছে উজমা আহমেদ। বন্দুকৰ ভয় দেখুৱাই এজন পাক যুৱকৰ সৈতে বলপূৰ্বক বিয়াত বহিবলৈ বাধ্য কৰা হৈছিল উজমাক। চুবুৰীয়া দেশখনৰ পৰা উভতি আহিয়েই আজি তাত সন্মুখীন হোৱা ভয়াৱহ অভিজ্ঞতাৰ কথা সদৰী কৰে উজমাই। কান্দি কান্দি উজমাই কয় যে পাকিস্তান হৈছে এখন মৰণফান্দ।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱাৰ ভাগত অমৃতসৰ হৈ ৱাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে উজমা। পিছত সাংবাদিকৰ সমুখত কান্দি কান্দি তেওঁ কয়, 'পাকিস্তানত প্ৰৱেশ কৰাতো তেনেই সহজ। কিন্তু তাৰ পৰা ওলাই অহাতো অসম্ভৱ। পাকিস্তান হৈছে এখন মৰণফান্দ।’

বিয়াৰ পিছত প্ৰতিগৰাকী মহিলাই তাত দুৰ্বিসহ জীৱন-যাপন কৰিবলৈ বাধ্য বুলিও মন্তব্য কৰে উজমাই। 'বিয়াৰ পিছত প্ৰতিগৰাকী মহিলাই কল্পনাতীত পৰিস্থিতিত জীয়াই থাকিবলগীয়া হয়। তাত প্ৰতিটো ঘৰত এজন পুৰুষৰ দুই, তিনিগৰাকী আনকি বহুতৰে ৪গৰাকীকৈ পত্নী আছে।’-উজমাই কম্পিত স্বৰেৰে কয়।

এতিয়াও তেওঁৰ দৰে বহু মহিলাই পাকিস্তানত বিবাহিত বন্দী জীৱন কটাই আছে বুলি সদৰী কৰে উজমাই। 'আৰু কেইদিনমান তাত থাকিবলগীয়া হ’লে মই মৰি গ’লোহেতেন। সিহঁতে লোভ দেখুৱাই ফিলিপাইন, মালয়েছিয়া আদি দেশৰ পৰা ছোৱালীবোৰক লৈ আহে। মোৰ দৰে তাত আৰু বহু মহিলাই নৰক সদৃশ পৰিস্থিতিত আছে।’-তেওঁক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰণালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত ধন্যবাদ জনাই এইদৰে কয় উজমাই।