অৱশেষত ৯ দিন পিছত আলফা স্বাধীনে মুক্তি দিলে অপূৰ্ব কাকতিক
ম্যানমাৰৰ শিৱিৰত পণবন্দী কৰি ৰাখিছিল আলফা(স্বাঃ)ই
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/lido.jpg?itok=lZ2C2pPi)
লিডুঃ গভীৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ৯ দিনৰ পাছত আজি আলফা স্বাধীনে মুকলি কৰি দিলে জাগুনৰ দহ মাইলস্থিত বিজয় বৰাৰ মালিকনাধীন শিল ভঙা উদ্যোগটোৰ পৰা অপহৰন কৰি নিয়া ডিগবৈৰ অপূৰ্ব কাকতিক৷
অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আলফা স্বাধীনৰ ৫/৬ জনীয়া এটা অস্ত্ৰ-ধাৰী দলে যোৱা ১৯ নৱেম্বৰৰ নিশা জাগুনৰ দহ মাইলস্থিত বিজয় বৰাৰ মালিকনাধীন শিল ভঙা উদ্যোগটোৰ পৰা তেওঁৰ মহৰি হিচাৱে কৰ্মৰত অৱস্থাত থকা ডিগবৈৰ অপূৰ্ব কাকতিক অপহৰণ কৰি নিয়াৰ পাছত আজি প্ৰায় ৯ দিনৰ অন্তত ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী নাংপুঙৰ গভীৰ অৰন্যৰ লংকা বস্তি নামৰ ঠাইত আলফা স্বাধীনে অপূৰ্বক মুকলি কৰি দিয়াৰ পাছতে স্বস্তিৰ নিশ্বাস এৰে পৰিয়াল তথা আৰক্ষী প্ৰশাসনে৷ উল্লেখযোগ্য যে বিগত ১৯ নৱেম্বৰৰ পৰা আলফাৰ ম্যানমাৰৰ শিৱিৰতে পণবন্দী কৰি ৰাখিছিল অপূৰ্ব কাকতিক ৷
সুস্থ শৰীৰে অপূৰ্ব কাকতিক মুকলি কৰি দিয়াৰ পাছত এতিয়া আৱেগত ভাঙি পৰিছে পৰিয়ালৰ লোকসকল ৷
উজ্জ্বল চৌধুৰী,লিডু