গুৱাহাটীঃ যোৱা চাৰিটা মাহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ আছে৷ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ গৰম বতাহ বলিছিল উত্তৰ পূৰ্বাঞ্চলৰ আকাশত৷ বিশেষকৈ দিল্লীৱালা নেতাই ভিৰ কৰিছিল উত্তৰ পূৰ্বাঞ্চলত৷ নেতাসকলে চলাই গৈছিল ব্যাপক প্ৰচাৰ অভিযান৷ শাসক-বিৰোধীৰ বাক যুদ্ধত ৰাইজৰ সমস্যাৰ কথা গৌণ হৈ পৰিছিল৷

নেতাই কেৱল সমস্যা-সমাধানৰ প্ৰতিশ্ৰুতি দি সাধাৰণ জনতাৰ পৰা ভোট আদায় কৰাৰ চেষ্টা চলাইছিল৷ অসমতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা গৈছিল৷ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে টকা বিতৰণ কৰা বুলি ওলোৱা বাতৰিয়েও গৰম কৰি ৰাখিছিল ৰাজ্যৰ সংবাদ জগত৷ কোনে ৰাজ্যকেইখনত বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব তাক লৈও ৰাজ্যখনত চৰ্চাৰ বিষয় হৈ আছিল যোৱা কেইটামান দিনত৷ উৎকণ্ঠাৰ অৱসান ঘটাই শনিবাৰে নিৰ্বাচনৰ ফলাফল ওলাল৷

নিৰ্বাচনৰ ফলাফলক লৈ সমগ্ৰ দেশতেই এতিয়া উৎকণ্ঠা বিৰাজমান৷ কিয়নো ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈয়েই ৰাজনৈতিক দলসমূহে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে যো-জা চলোৱা দেখা যাব৷ ৰাজ্যকেইখনৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল নোলোৱাৰ আগ মুহূৰ্তত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা বিষয়ে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল৷ উত্তৰ-পূবৰ অন্যতম ৰাজ্য মেঘালয়ত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পাছতেই সংবাদ মাধ্যমৰ চৰ্চা লাভ কৰিছিল মানুহৰ নামে৷

পুৰুষ-মহিলাৰ নামে বিশেষ চৰ্চা লাভ কৰিছিল৷ কিয়নো খাছী পাহাৰীয়া জিলাৰ অঞ্চেবলীৰ ওমনিয়াহ-টোমাৰ এলেকাত মানুহৰ নামক লৈ নিজকে পৰিচয় দি আহিছে৷ যিবোৰ নাম একো একো খন দেশক বুজায়৷ যি নাম শুনিলে আপোনাৰ মুখত এবাৰলৈ হ’লেও হাঁহি বিৰিঙি উঠিব পাৰে৷ মেঘালয়ৰ নিৰ্বাচনত এইবাৰ বিশ্বৰ কিছুমান দেশে ভোটদান কৰে বুলি কলেও বঢ়াই কোৱা নহ’ব৷

বিশেষকৈ ইটালী, আৰ্জেণ্টিনা, ছুইডেন, ইণ্ডোনেচিয়া নামৰ লোকে ভোট দিলে বিধানসভা নিৰ্বাচনত৷ আনহাতে হাঁহিৰ খোৰাক যোগোৱা নামেৰে পৰিচিত মাতৃ-জীয়ৰীয়ে ভোটদান কৰিলে বিধানসভাৰ নিৰ্বাচনত৷ যাৰ নাম ক্ৰমে চুৱেটাৰ আৰু আই হেভ বিন ডেলিভাৰ৷ ইয়াৰোপৰি তিনিগৰাকী একেটা পৰিয়ালৰে ভগ্নী ৰিকুৱেষ্ট, লাভলিনেছ আৰু হেপ্পিনেছে ভোটদান কৰিছে নিৰ্বাচনত৷ এই নাম সমূহ পোহৰলৈ আহিছে ভোটাৰ তালিকাৰ জৰিয়তে৷ এই নাম সমূহ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷