newsnextone.com | ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ অন্তত সোমবাৰে অনুষ্ঠিত হৈছে পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বৰে পৰা সংঘটিত হোৱা হিংসাত ৰাজ্য খনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে৷ সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোটদানক সময়তো ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ অহাৰ লগতে ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০গৰাকী লোক আহত হৈছে৷
ভোটাৰক ভাবুকি দিয়াৰ লগতে বেলট বাকচ ভোট কেন্দ্ৰ পৰা উলিয়াই নি পানীত পেলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে৷ দিনৰ ১ বজালৈকে ৪১ শতাংশ ভোটদান কৰে ৰাইজে৷ বীৰপৰা নামৰ ঠাইত এটা ভোট কেন্দ্ৰ তৃণমূলৰ নেতা-কৰ্মীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হয় আৰু ৫গৰাকী সাংবাদিক আহত হয়৷
দক্ষিণ দিনাপুৰ জিলাত তপন এলেকাত ভোটাৰে ভোট দান কৰিবৰ বাবে লাইনত থিয় দি থকাৰ সময়তে বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই৷ যাৰ ফলত এজন লোকৰ মৃত্যুৰ লগতে তিনিজন আন লোক আহত হয়৷ উত্তৰ ২৪ পৰগণা, বৰ্দ্ধৱান, কোচবিহাৰ, দক্ষিণ পৰগণা জিলাত ব্যাপক হিংসা সংঘটিত হয়৷ ইমানে নহয় মন্ত্ৰীয়েও চৰ ঘোচা মৰাৰ খবৰ আহিছে৷ পশ্চিম বংগৰ মন্ত্ৰী ৰবীন্দ্ৰ ঘোষে এগৰাকী লোকক চৰ শোধোৱাৰ খবৰ আহিছে৷
মন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰাৰ তথা ঘোষণা কৰে আৰু নিউজ চেনেলত প্ৰকাশিত খবৰ নিৰ্বাচন আয়োগে প্ৰত্যক্ষ কৰা বুলি কয়৷ আনহাতে মন্ত্ৰীগৰাকীয়ে এই অভিযোগ নুই কৰে৷ কোচবিহাৰৰ দিনহাটা এলেকাত এটা ভোটদান কেন্দ্ৰত দুই পক্ষৰ মাজত ব্যাপক সংঘৰ্ষ লগাত ১৫গৰাকী লোক আহত হয়৷
২৪ নৰ্থ পৰগণাৰ আমদংগা সাধনপুৰত এটি ভোট কেন্দ্ৰত দেশী বোমা নিক্ষেপ কৰাত ২০ গৰাকী লোক আহত হয়৷ বোমা নিক্ষেপৰ পিছতে উত্তজেতি লোকক নিয়ন্ত্ৰিণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিব লগা হয়৷ এই ঘটনাৰ তদন্তৰ ৰিপৰ্ট বিচাৰে নিৰ্বাচন আয়োগে৷
মুৰ্চিদাবাদৰ এটি ভোট কেন্দ্ৰত তৃণমূল আৰু বিজেপিৰ কৰ্মকৰ্তাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে একাংশ লোকে ভোট কেন্দ্ৰৰ সামগ্ৰী নলাত দলিয়াই দিয়ে যদিও প্ৰশাসনে পুনৰ ভোটদান অনুষ্ঠিত কৰে৷
৬ জন লোকৰ প্ৰাণ যোৱাৰ পিছতো তৃণমূলৰ নেতা পাৰ্থ চেটাৰ্জীয়ে কয় যে সৰু সৰু ঘটনাৰ বাহিৰে ডাঙৰ ঘটনা সংঘটিত হোৱা নাই৷ প্ৰশাসনে ভোটাৰক শান্তি পূৰ্ণ ভাবে ভোট দিয়াৰ বাবে ব্যৱস্থা কৰে বুলি কয়৷ তাৰ লগে লগে সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণক নিন্দা কৰে নেতাজনে৷
নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই তৃণমূল কংগ্ৰেছে বহু আসনত জয় লাভ কৰে৷ ৫৩,৬৯২ আসনৰ বিপৰীয়ে ২০,০৭৬ আসনত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই৷ কিয়নো বিৰোধী দলে এই সমূহ আসনৰ বাবে মনোনয়ন দাখিল কৰা নাছিল৷ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটদান বিয়লি ৫ বজাত সামৰণি পৰিব৷ ১৭ মে’ত ফলাফল ঘোষণা কৰিব আয়োগে৷