কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত কৃত্ৰিম বৰষুণ কোনো নতুন শব্দ নহয়। বানপানী, খৰাং, প্ৰচণ্ড গৰম, ধুমুহা, বনজুই আদি পৰিস্থিতি নিয়ন্ত্ৰণৰ বিকল্প হিচাপে প্ৰথমতেই আলোচনাৰ বিষয় হৈ পৰে কৃত্ৰিম বৰষুণ।
বৰ্তমান বৰবিহত পৰিণত হৈছে দেশৰ ৰাজধানী দিল্লীৰ বতাহ! বিগত কেইবাদিনো ধৰি দিল্লীত প্ৰদূষণৰ মাত্ৰা ‘অতি ভয়ংকৰ’ হৈ পৰিছে। ইয়াৰ অৰ্থ হ’ল দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক ৪০১ৰ পৰা ৫০০ৰ ভিতৰত আছে। দিল্লীত শেহতীয়াকৈ বৃদ্ধি পোৱা প্ৰদূষণ আৰু ইয়াৰ ফলত হোৱা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ এবাৰ আলোচনাৰ বিষয়বস্তু হৈ পৰিছে কৃত্ৰিম বৰষুণ।
বিশেষজ্ঞসকলৰ মতে যেতিয়া AQI শূন্যৰ পৰা ৫০ৰ ভিতৰত থাকে তেতিয়া ইয়াক ‘ভাল’ বুলি কোৱা হয়। ৫১ৰ পৰা ১০০ৰ ভিতৰৰ নম্বৰ ‘সন্তুষ্টিজনক’, ১০১ৰ পৰা ২০০ৰ ভিতৰত পোৱা নম্বৰক ‘মধ্যমীয়া’, ২০১ৰ পৰা ৩০০ৰ ভিতৰত পোৱা নম্বৰ ‘দুৰ্বল’, ৩০১ৰ পৰা ৪০০ৰ মাজৰ নম্বৰ ‘অতি দুৰ্বল’ আৰু মাজৰ নম্বৰ ৪০১ আৰু ৫০০ ‘গুৰুতৰ’ বুলি ধৰা হয়।
তীব্ৰ প্ৰদূষণৰ মাত্ৰাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী চৰকাৰে ইটোৰ পিছত সিটোকৈ কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰিছে। প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিব বিচৰা পদক্ষেপ সমূহৰ বিষয়ে অৱগত কৰিছে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে। চৰকাৰে পৰামৰ্শ দিয়া সকলো ব্যৱস্থাৰ ভিতৰত ক্লাউড ছিডিঙৰ জৰিয়তে কৃত্ৰিম বৰষুণৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ বহু চৰ্চিত হৈ পৰিছে।
দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয়, "দিল্লীৰ ভূতাত্ত্বিক অৱস্থা এনেকুৱা যে বছৰৰ এই সময়ত দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু চহৰ প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত হয়। কৃত্ৰিম বৰষুণৰ দ্বাৰা ইয়াৰ নিৰাময় কৰিব পাৰি। কালি আমি আই আই টি কানপুৰৰ বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিলো। যদি আমি উচ্চতম ন্যায়ালয়ৰ সন্মতি পাওঁ, তেন্তে চৰকাৰে অতি সোনকালে প্ৰদূষণ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিব বিচাৰে। যদি আমি সফল হওঁ, তেন্তে এয়া কেৱল দিল্লীৰ বাবেই নহয়, বৰং সমগ্ৰ উত্তৰ ভাৰতৰ বাবেই এক উপযুক্ত কৌশল হিচাপে প্ৰমাণিত হব।"
এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে যে কৃত্ৰিম বৰষুণ কি? এনে ধৰণৰ বৰষুণ কেনেকৈ নমাব পাৰি আৰু প্ৰদূষণৰ সৈতে মোকাবিলা কৰাত ই কিমান ফলপ্ৰসূ?
কৃত্ৰিম বৰষুণ কি?
বায়ুমণ্ডলত নিজেই যেতিয়া প্ৰাকৃতিকভাৱে গঠিত ডাৱৰে বৰষুণৰ সৃষ্টি কৰে, তেতিয়া ইয়াক প্ৰাকৃতিক বৰষুণ বুলি কোৱা হয়। কিন্তু বহু সময়ত এনেকুৱা হয় যে ডাৱৰ গঠন হয় ঠিকেই কিন্তু ইয়াৰ ভিতৰত কিছুমান অসম্পূৰ্ণ প্ৰক্ৰিয়াৰ বাবে বৰষুণ নহয়। অথবা বৰষুণ দিলেও কেৱল ডাৱৰত ৰৈ যায় আৰু ধৰালৈ নামি অহাত বিফল হয়।
গতিকে, এটা বিশেষ কৌশলৰ জৰিয়তে যেতিয়া বৰষুণৰ বীজ ডাৱৰত সিঁচি বৰষুণ নমোৱা হয়, তেতিয়া ইয়াক কৃত্ৰিম বৰষুণ বুলি কোৱা হয়। এই কৌশলটোক ক্লাউড ছিডিং বুলি কোৱা হয়।
ক্লাউড ছিডিং প্ৰযুক্তি কি?
ক্লাউড ছিডিঙৰ আক্ষৰিক অৰ্থ হৈছে ডাৱৰৰ বীজ সিঁচা।শুনিবলৈ আচৰিত লাগিলেও কিন্তু সহজ ভাষাত ক’বলৈ গ’লে বৰষুণৰ বীজ ডাৱৰত সিঁচা প্ৰক্ৰিয়াটোকে ক্লাউড ছিডিং বুলি কোৱা হয়। মন কৰিবলগীয়া যে ছিলভাৰ আয়’ডাইড, পটাছিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ক্ল’ৰাইড আদি পদাৰ্থ বীজ হিচাপে ব্যৱহাৰ কৰা হয়। এই পদাৰ্থবোৰ বিমান আদিৰ সহায়ত ডাৱৰত ছটিয়াই দিয়া হয়।
এই পদাৰ্থবোৰে ডাৱৰত থকা পানীৰ টোপালবোৰ জমা কৰি ৰাখে। ইয়াৰ পিছত বৰফৰ টুকুৰাবোৰ আন টুকুৰাৰ লগত লাগি নিয়ৰৰ টোপাল গঠন কৰে। এই নিয়ৰৰ টোপালবোৰ মাটিত পৰে। ক্লাউড ছিডিঙৰ এক দীঘলীয়া ইতিহাস আছে। আমেৰিকাৰ বিজ্ঞানী ভিনচেণ্ট জে. শ্বেফাৰে প্ৰথম এই ক্লাউড ছিডিঙৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ আৰম্ভণি ১৯৪০ চনত বিশেষকৈ সেই সময়ছোৱাত আমেৰিকাত পোৱা যায়।
অধ্যাপক এছ এন ত্ৰিপাঠীয়ে কয়, “য’ত ডাৱৰ নাই তাত ক্লাউড ছিডিং কৰিব নোৱাৰি। গতিকে প্ৰথমে আপুনি চাব লাগিব ডাৱৰ আছে নে নাই, যদি আছে কিমান উচ্চতাত, ইয়াৰ আৰু বায়ুমণ্ডলৰ বৈশিষ্ট্য কি। তাৰ পিছত পূৰ্বাভাস বা জোখ-মাখৰ সহায়ত তেওঁলোকে ডাৱৰত কিমান পানী আছে সেই কথা গম পায়। ইয়াৰ পিছত ডাৱৰৰ মাজত উপযুক্ত স্থানত বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থ (নিমখ বা নিমখৰ মিশ্ৰণ) ৰখা হয়। এই ৰাসায়নিক পদাৰ্থই ডাৱৰৰ অণুভৌতিক প্ৰক্ৰিয়া (অৰ্থাৎ বৰষুণৰ কণা, বৰফ) দ্ৰুত কৰে। ইয়াৰ পিছত বৰষুণৰ ৰূপত মাটিত পৰে।’’
ডাৱৰক ইলেক্ট্ৰিক শ্বক দি বৰষুণৰ সৃষ্টি কৰাৰ এক অন্য কৌশলো আছে। ইয়াত ড্ৰোন প্ৰযুক্তিৰ সহায়ত ডাৱৰক ইলেক্ট্ৰিক শ্বক দিয়া হয়। এই প্ৰযুক্তি ব্যৱহাৰ কৰি ২০২১ চনত ছৌদি আৰৱে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰিছিল।
কৃত্ৰিম বৰষুণৰ প্ৰয়োজন কেতিয়া?
সাধাৰণতে খৰাং আৰু বানপানীৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কৃত্ৰিম বৰষুণ কৰা হয়। ইয়াৰ উপৰিও তীব্ৰ বনজুই, অসহ্য গৰম বা গ্ৰীষ্ম প্ৰবাহ, ধুমুহা আৰু প্ৰদূষণ হ্ৰাস কৰিবলৈও ইয়াৰ ব্যৱহাৰ কৰা হয়।
ইজৰাইলত প্ৰাকৃতিক বৰষুণৰ পৰিমাণ অতি কম হোৱাৰ বাবে ৰাষ্ট্ৰখনে নিয়মিতভাৱে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰি আহিছে। বৰ্তমান সময়ত সংযুক্ত আৰৱ এমিৰেটছে কৃষি গৱেষণা কাৰ্যসূচী আৰু তেনেধৰণৰ আন বিভিন্ন ক্ষেত্ৰত কৃত্ৰিম বৰষুণৰ সহায় লৈ আহিছে।
প্ৰদূষণ নিয়ন্ত্ৰণত ই কিমান ফলপ্ৰসূ?
২০০৮ চনত বেইজিং অলিম্পিকৰ সময়ত চীনে বিমান আৰু স্থলভিত্তিক বন্দুকৰ সহায়ত ক্লাউড ছিডিং কৰিছিল। ইয়াৰ পিছত তেওঁলোকে প্ৰদূষণ নিয়ন্ত্ৰণত যথেষ্ট সফলতা লাভ কৰে। ভাৰতৰ কথা ক’বলৈ গ’লে ইয়াৰ আগতেও ক্লাউড ছিডিং কৰা হৈছিল যদিও এতিয়ালৈকে বিদেশী বিমান, বিদেশী ছিডিং সঁজুলি আৰু বিদেশী বিজ্ঞানী আৰু অভিযন্তাৰ সহায়ত এয়া কৰা হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে আই আই টি কানপুৰে নিজাকৈ ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰাৰ লগতে নিজা বিমান আৰু ছিডিং সঁজুলি ব্যৱহাৰ কৰি দিল্লীত ক্লাউড ছিডিঙৰ পৰিকল্পনা কৰিছে।
প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।
Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!
অৱশ্যে ক্লাউড ছিডিঙৰ জৰিয়তে বৰষুণ নমোৱাৰ সফলতা ছি়ডিঙৰ ওপৰত নিৰ্ভৰ কৰে। যিমানদূৰলৈকে ছিডিং কৰা হ’ব, সিমান দূৰলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা থাকে। যদি ছিডিং সঠিকভাৱে কৰা হয় তেন্তে ই সকলো দিশতে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব। বিশেষজ্ঞসকলৰ মতে, বৃহৎ অঞ্চলত বৰষুণ দিলে প্ৰদূষণ স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ হোৱাৰ সম্ভাৱনা থাকে।
দিল্লী চৰকাৰৰ সূত্ৰই সদৰী কৰা মতে, ক্লাউড ছিডিঙৰ জৰিয়তে প্ৰতি বৰ্গ কিলোমিটাৰত কৃত্ৰিম বৰষুণ নমাবলৈ হ'লে অতিকমেও ১ লাখ টকা ব্যয় কৰিব লাগিব। সেই হিচাপত প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰা অঞ্চলসমূহত এবাৰ কৃত্ৰিম বৰষুণ নমাই অনাৰ বাবে দিল্লী চৰকাৰে ১৩ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।
প্ৰথম কেতিয়া কৰা হৈছিল ক্লাউড ছিডিং?
বৰ্তমান বহু দেশে ইয়াক ব্যৱহাৰ কৰে। ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞান সংস্থাই অনুমান কৰিছিল যে এতিয়ালৈকে ৫০খনতকৈও অধিক দেশত ক্লাউড ছিডিঙৰ চেষ্টা কৰা হৈছে। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়া, জাপান, ইথিওপিয়া, জিম্বাবৱে, চীন, আমেৰিকা আৰু ৰাছিয়া আদি অন্যতম। আনকি ভাৰতেও ইয়াক ব্যৱহাৰ কৰিছে।
কিন্তু ভাৰতৰ দৰে প্ৰদূষণত ভুগি থকা চুবুৰীয়া চীনে ইয়াক সৰ্বাধিক ব্যৱহাৰ কৰে। ২০০৮ চনত বেইজিঙত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক গেমছৰ পূৰ্বে চীনে প্ৰথমবাৰৰ বাবে ক্লাউড ছিডিং প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।
আনহাতে ভাৰতে ১৯৮৪ চনত বিদেশী প্ৰযুক্তিৰ সহায় লৈ প্ৰথমবাৰৰ বাবে ইয়াক ব্যৱহাৰ কৰিছিল। তেতিয়া তামিলনাডুত তীব্ৰ খৰাঙে দেখা দিছিল। ইয়াৰ পিছত তেতিয়াৰ তামিলনাডু চৰকাৰে ১৯৮৪-৮৭, ১৯৯৩-৯৪ চনৰ ভিতৰত ক্লাউড ছিডিং প্ৰযুক্তিৰ সহায় লৈছিল। ২০০৩ আৰু ২০০৪ চনত কৰ্ণাটক চৰকাৰেও ক্লাউড ছিডিঙৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰিছিল। সেই বছৰতে মহাৰাষ্ট্ৰ চৰকাৰেও এই প্ৰযুক্তিৰ সহায় লৈছিল।