গুৱাহাটীঃ কৈলাশ নগৰ! দেৱাদিদেৱ মহাদেৱৰ বাসস্থলী নহয়। এই নগৰ দিছপুৰৰ ৰাজধানী চৌহদৰ পৰা চাৰি কিল’মিটাৰতকৈ কম দূৰত্বত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ওচৰত অৱস্থিত। হয়তো আপুনি ভাবিছে এক অভিজাত অঞ্চল। কিন্তু আপোনাৰ এই ধাৰণা সম্পূৰ্ণৰূপে ভুল।
কাৰণ ৰাজধানী চৌহদৰ একপ্ৰকাৰ গাতে লাগি থকা অঞ্চল হ’লেও বাট-পথ, খোৱাপানীৰ পৰা আৰম্ভ কৰি সীমাহীন সমস্যাৰে এই কৈলাশ নগৰৰ ৰাইজ ভাৰাক্ৰান্ত। অঞ্চলটোৰ মুঠ নিবাসীৰ ৯০ শতাংশই দাৰিদ্ৰ্য সীমা ৰেখা (বি পি এল)ৰ তলৰ লোক। পাহাৰীয়া অঞ্চলটোত বিগত ৩০ বছৰে সমস্যাৰে সহবাস কৰি আছে ৰাইজে। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি যোৱাৰ বাদে বিগত ৩০ বছৰে কোনো জনপ্ৰতিনিধিয়েই ভুমুকি নামাৰিলে অঞ্চলটোত।
এশ শতাংশ খিলঞ্জীয়া তথা বিভিন্ন জাতি-জনগোষ্ঠী লোকৰ বসতিস্থল কৈলাশ নগৰত যাতায়াতৰ বাবে নাই এটি সুচল পথ। যিটো পথ আছে তাৰ অৱস্থা কল্পনাতীতভাৱে বিধ্বস্ত। নিজে নেদেখিলে কোনোৱেই বিশ্বাস নকৰিব অভিজাত নগৰী গুৱাহাটীৰ মাজমজিয়াত এনে এটা পথ থাকিব পাৰে বুলি। ভঙা-ছিগা তথা সাংঘাতিকভাৱে বিপজ্জনক এই পথেৰে স্থানীয় ৰাইজে সুদীৰ্ঘ কাল যাতায়াত অব্যাহত ৰাখিছে। কিঞ্চিত অমনোযোগিতাই মাতি আনিব পাৰে ভয়ংকৰ বিপৰ্য়য়।
স্বাভাৱিকতে বৰষুণ হ’লে অধিক বিপজ্জনক হৈ পৰে পথটোৰে যাতাযাত । যিকোনো মুহূৰ্ততে ভৰি পিছলি পাহাৰৰ তললৈ খহি পৰা অথবা পথতে বাগৰি পৰাৰ আশংকা থাকে। এনে অৱস্থাতো শাৰীৰিকভাৱে দুৰ্বল তথা অনেক বয়স্ক পুৰুষ-মহিলায়ো নিতৌ মৰণত শৰণ দি ওখোৰা-মোখোৰা ভগ্নপ্ৰায় পথটোৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। কাৰণ তাকে নকৰিলে তেওঁলোকৰ চৰুৰ তলত জুই নজ্বলিবও পাৰে।
এনেদৰে বিপদসংকুলভাৱে যাতায়াত কৰােতে কে’বাজনো লোক বাগৰি পৰি আহত হ’বলগীয়া হৈছে। ফলত নিশাতো বাদেই দিনতে ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হ’লে অঞ্চলটোৰ ৰাইজে চকুৰে সঁৰিয়হৰ ফুল দেখে। 'আমাৰ কাৰোবাৰ ৰোগ হ’লে চকীত বহুৱাই দাঙি এই দুৰ্গম পথ অতিক্ৰম কৰি চিকিৎসালয়লৈ নিব লগা হয়। যাতায়াতৰ এনে সমস্যাৰ বাবে বহুজনে ঘৰতে কেঁকাই-গেথাই থাকিবলগীয়া হয়। গৰ্ভৱতীসকলক এনেদৰে চিকিৎসালয়লৈ নিয়া হয়। মোকো গৰ্ভৱতী অৱস্থাত এনেদৰে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।’ এনেদৰে কয় স্থানীয় মহিলা সমিতিৰ সদস্যা স্বৰ্ণ বৰুৱাই।
মহানগৰীত বাস কৰিও সমস্যাৰে যুঁজি যুঁজি একপ্ৰকাৰ ভাৰাক্ৰান্ত হোৱা প্ৰায় ৪৫ বছৰীয়া মহিলাগৰাকীয়ে আৰু কয়, 'আমি অতি দুখীয়া মানুহ। বাট-পথৰ সমস্যাই আমাক জুলুকা-জুলুকে পানী খুৱাইছে। কিন্তু আমি আশাহত হোৱা নাই। এদিন হ’লেও আমাৰ ওপৰত চৰকাৰৰ কৃপাদৃষ্টি পৰিব বুলি আমি আশাবাদী।’
অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল মেধাৱী হোৱাতো সমস্যাত ভাৰাক্ৰান্ত ৰাইজৰ বাবে এক আশাৰ ৰেঙণি বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়,' আমাৰ এই অঞ্চলৰ ল’ৰা-ছোৱালীয়ে মেট্ৰিক (হাইস্কুল শিক্ষান্ত)ত ছটা লৈকে বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ উদাহৰণ আছে। অথচ ল’ৰা-ছোৱালীহঁতেও মৰণত শৰণ দি এই পথেৰে নিতৌ অহা-যোৱা কৰিবলগা হয়। পুৱা টিউচনলৈ যোৱাৰ পৰা আৰম্ভ কৰি স্কুললৈ যোৱালৈকে সিহঁতে কে’বাবাৰো অহা-যোৱা কৰে। এনেদৰে সিহঁতে পঢ়া-শুনা কৰি আছে আৰু বহুতে চাকৰি বাকৰিও লাভ কৰিছে।’
এই অঞ্চলৰে বাসিন্দা হ’ল বাবুল আলী। প্ৰায় ৪৫ বছৰীয়া আলী কৈলাশ নগৰ উন্নয়ন সমিতিৰ সম্পাদকো। দুবছৰমান পূৰ্বে তেওঁ এখন আওপুৰণি জীপ গাড়ী কিনে। সম্প্ৰতি আলীৰ এই আওপুৰণি গাড়ীখনেই অঞ্চলটোৰ ৰাইজৰ বিশেষকৈ ৰোগী, মহিলা, বয়স্ক ব্যক্তিৰ বহিঃবিশ্বৰে যোগাযোগৰ একমাত্ৰ সম্বল। আলীয়ে নিজেই গাড়ী চলাই এনেদৰে অঞ্চলবাসীৰ উপকাৰ সাধন কৰি আহিছে।
এই সম্পৰ্কত তেওঁ কয়, 'চাৰি-পাঁচ বছৰমান পূৰ্বে মোৰ মাৰ একপ্ৰকাৰ অকাল বিয়োগ ঘটে। ইয়াৰ অন্যতম কাৰণ আছিল যাতাযাতৰ দুৰৱস্থাৰ বাবে তেওঁক সময়মতে চিকিৎসালয়লৈ নিব নোৱৰাতো। তেতিয়াই মই পণ ল’লো যে যিকোনো উপায়েৰে পুৰণি হ’লেও এখন গাড়ী কিনি আমাৰ অঞ্চলৰ ৰাইজক সেৱা আগবঢ়াম। ভবা মতেই এই গাড়ীখন ক্ৰয় কৰিলো। তেতিয়াৰে পৰা কাৰোবাৰ ঘৰত কোনোবা অসুস্থ বুলি খবৰ পালে মাজনিশা বিচনাৰ পৰা উঠি গৈও ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰো।’ একপ্ৰকাৰ জৰাজীৰ্ণ গাড়ীখনলৈ আঙুলিয়াই আলীয়ে লগতে কয়, 'আমাৰ অঞ্চলৰ ৰাইজ সীমাহীন সমস্যাত ভাৰাক্ৰান্ত। আমি নিজে গাঁথিৰ ধন ভাঙি বিদ্যুতৰ খুঁটা ক্ৰয় কৰি বিদ্যুৎ সংযোগ লৈছো।'
শোহতীয়াভাৱে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ( জি এম ডি এ)ই ১০ লাখ টকা ব্যয়ৰে পথটোৰ এটা কালভাৰ্ট নিৰ্মাণ কৰে। ইয়াৰ আগলৈকে এই কালভাৰ্টৰ স্থান মৰণ ফান্দসদৃশ আছিল। ইয়াক লৈ গভীৰ সন্তুস্তি প্ৰকাশ কৰি কৈলাশ নগৰ উন্নয়ন সমিতিৰ সভাপতি সত্যেন ভূঞাই কয়,' জি এম ডি এৰ অধ্যক্ষ গুৱাহাটীপ্ৰাণ ধীৰেণ বৰুৱাৰ বদন্যতাত আমাৰ অন্ততঃ এটা সমস্যা দূৰ হ’ল। অধ্যক্ষ বৰুৱাৰ প্ৰতি আমাৰ কৈলাশ নগৰৰ সদৌটি চিৰকৃতজ্ঞ হৈ ৰৱ। সমাজকৰ্মী পদ্মশ্ৰী অজয় কুমাৰ দত্তয়ো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। তেওঁৰ ওচৰতো আমি চিৰকৃতজ্ঞ।’
প্ৰায় তিনি কিলেমিটাৰ দৈৰ্ঘ্যৰ তথা নিতৌ কমেও পাঁচ হেজাৰ লোকে যাতাযাত কৰা পথটোৰ প্ৰৱেশৰ দিশে দুশ মিটাৰ অঞ্চল স্থানীয় কাউঞ্চিলৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ২০১৫ত পকীকৰণৰ ব্যৱস্থা কৰাই দিয়ে বুলি জানিবলৈ দিয়ে কৈলাশ নগৰ উন্নয়ন সমিতিৰ সম্পাদক আলীয়ে। আনহাতে, অঞ্চলটো পাহাৰীয়া হ’লেও মহানগৰীৰ বহু পাহাৰীয়া অঞ্চলৰ দৰে কৈলাশ নগৰৰ ভূমি বন বিভাগৰ নহয়।
এই সম্পৰ্কত স্থানীয় উদ্যমী মহিলা ইয়াংগম দলেই কয় যে অঞ্চলটো পূৰ্বে চৰকাৰী আবাদী ভূমি আছিল। গতিকে চৰকাৰী আবাদী ভূমিত নাগৰিকৰ বসবাসৰ অধিকাৰ থাকে বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে কয়, 'আমাক ২০০৬তে ভূমি পট্টা প্ৰদানৰ নিৰ্দেশ জাৰি কৰা হৈাছে। কোনা কাৰণতহে অামি এই পট্টা লাভ কৰা নাই।'
ইয়াৰ সমৰ্থনত তেওঁ চৰকাৰী নথিপত্ৰৰ প্ৰতিলিপি প্ৰদৰ্শন কৰে। ইপিনে, স্থানীয় একাংশ লোকে জনোৱা অনুসৰি এছিয়ান ডেভেলপমেন্ট বেংক(এ ডি বি)ৰ পুঁজিৰে কৈলাশ নগৰত পানী যোগান প্ৰকল্পৰ কাম চলি আছে। কিন্তু এই প্ৰকল্পৰ কাম অত্যন্ত লেহেমীয়া গতিৰে আগবাঢ়িছে বুলি একাংশ লোকে অভিযোগ কৰে।
আনহাতে, কৈলাশ নগৰৰ বাট-পথৰ সমস্যা সমাধানৰ বাবে সাধ্যানুসাৰে চেষ্টা চলাইছে বুলি জানিবলৈ দিছে জি এম ডি এৰ অধ্যক্ষ বৰুৱাই। ' কৈলাশ নগৰৰ ৰাইজৰ দুখ-দুৰ্দশা দেখি মই ব্যথিত হৈছো। মই যিমান দূৰ পাৰো মোৰ সামৰ্থ্য অনুসৰি ৰাইজৰ সমস্যা সমাধানৰ চেষ্টা কৰি আছো।’ তেওঁ এইদৰে কয়।