newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল একপ্ৰকাৰ ঘোষণা হৈছে৷ কোনো দলেই নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে৷ যাৰ ফলত কংগ্ৰেছে জনতা দল চেকুলাৰ সমৰ্থনত চৰকাৰ গঠনৰ বিষয়ে আলাপ-আলোচনা কৰাও পৰিলক্ষিত হৈছে৷
আনহাতে ৰাজ্যখনত যেতিয়া কেনো দলেই সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়া ৰাজ্যপালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰে৷ তেনে প্ৰৰিপ্ৰেক্ষিতত কৰ্ণাটকৰ ৰাজ্যপাল বজুভাই বালাৰ ওপৰতে ৰাজ্যখনৰ চৰকাৰ কোন দলে গঠন কৰিব সেয়া নিৰ্ভৰ কৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে, বজুভাই বালাও গুজৰাটৰ৷ যেতিয়া নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈছিল, তেতিয়া বজুভাই বালাই ৰাজকোটৰ নিজ আসনখন নৰেন্দ্ৰ মোডীৰ বাবে এৰি দিছিল আৰু নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰ সেই সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷
২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন আৰু নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বজুভাই বালাই প্ৰধানমন্ত্ৰীৰ পৰা পুৰস্কাৰ হিচাপে কৰ্ণাটকৰ ৰাজ্যপাল পদ লাভ কৰিছিল৷ তেনে ক্ষেত্ৰত এতিয়া কৰ্ণাটক নিৰ্বাচনৰ চৰকাৰ কোন দলে লাভ কৰিব সেয়া চিন্তনীয় বিষয় হৈ পৰিছে৷
কোনো দলেই সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহোৱা পৰিস্থিতিত ৰাজ্যপালে সকলোতকৈ গৰিষ্ঠ দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়৷ কিন্তু বিগত কেইটামান বিধানসভা নিৰ্বাচনলৈ লক্ষ্য কৰিলে গৰিষ্ঠ দলেও চৰকাৰ গঠন কৰাত অসফল হোৱা পৰিলক্ষিত হয়৷ বিজেপিয়ে গোৱা আৰু মেঘালয়ত গৰিষ্ঠতা লাভ কৰিবলৈ অসফল হৈও অন্যান্য দলৰ সহযোগত চৰকাৰ গঠন কৰাৰ নজিৰ সৃষ্টি হৈছে৷
কৰ্ণাটকত বিজেপিয়ে ১০৪ খন লাভ কৰি বৃহৎ দল হিচাপে পৰিগণিত হোৱা দেখিবলৈ পোৱা গৈছে যদিও সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল৷ আনহাতে জেডিএছৰ সৈতে লগ লাগি কংগ্ৰেছে চৰকাৰ গঠনৰ দাবীদাৰ হৈ পৰিছে৷
জানিব পৰা মতে, কংগ্ৰেছ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই সন্ধিয়া ৪ বজাত ৰাজ্যপালক সাক্ষাৎ কৰি জেডিএছৰ সৈতে মিত্ৰজোটৰ চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব৷ আনহাতে কংগ্ৰেছৰ সাক্ষাতৰ পিছত ৰাজ্যপালে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে৷
উল্লেখ্য যে, বজুভাই বালা গুৰাতৰ প্ৰাক্তন বিজেপি নেতা আছিল৷ তেওঁ ২০০২ চনত নৰেন্দ্ৰ মোডীৰ বাবে নিজ সমষ্টি ত্যাগ কৰিছিল৷ পিছত তেওঁ মোডী মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী হিচাপে নিযুক্ত হৈছিল৷