newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে অন্ত পৰে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন৷ ইয়াৰ পিছতে কংগ্ৰেছ-বিজেপিৰ মাজত আৰম্ভ হয় নতুন অংক৷ সেয়া হৈছে নিৰ্বাচনত কোনে কিমান আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ বিজেপিয়ে কৰ্ণাটকত এইবাৰ সংখ্যা গৰিষ্ঠ আসনেৰে শাসনাধিষ্ঠিত হ’ব পাৰিব বুলি দাবী কৰে৷ কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যখনৰ শাসনাধিষ্ঠিত কংগ্ৰেছেও পুনৰ ৰাজ্যখনৰ ক্ষমতালৈ আহিব বুলি দাবী কৰিছে৷ 

সম্পন্ন হৈ যোৱা ৰাজ্যখনৰ নিৰ্বাচনত বিজেপিৰ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ মন্তব্য খাৰিজ কৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে এক টুইট যোগে বিজেপিৰ ক্ষমতা লাভ কৰাৰ সপোন খৰিজ কৰি কয় যে এইবাৰো কৰ্ণাটকত কেৱল কংগ্ৰেছেই ক্ষমতা দখল কৰিব৷ তেওঁ টুইট যোগে দলীয় কৰ্মীসকলক দেওবাৰটো আনন্দ স্ফুৰ্তিৰে পাৰ কৰিবলৈ আহ্বান জনায়৷ 

‘‘নিৰ্বাচনী ফলাফললৈ মাজত থকা দিন দুটা আমাৰ বাবে বৰ আমোদ দায়ক হৈ পৰিছে৷ নিৰ্বাচনত তেনে এজন মানুহে জয়লাভ কৰাৰ হাস্যকৰ মন্তব্য আগবঢ়াইছে, যিয়ে এজন সংখ্যাবিদৰ দুভৰিৰ ওপৰত ভৰষা কৰি নদী পাৰ হ’ব ওলাইছে, অথচ সাঁতুৰিবও নাজানে৷ তেওঁক কোৱা হৈছে যে নদীৰ গভীৰতা মাথো ৪ ফুট৷ অনুগ্ৰহ কৰি মনযোগ দিয়ক, ৬+৪+২= ফুট৷ কিন্তু ৬ ফুটতে আপুনি ডুবি থাকিল৷’’ নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি টুইটত এনেদৰে কয় কৰ্ণাটকৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই৷

তেওঁ পুনৰ এটা টুইট কৰে, ‘‘দলীয় কৰ্মী বন্ধুসকল, সমৰ্থনকাৰী আৰু শুভাকাংক্ষীসকল, নিৰ্বাচনী ফলাফলক লৈ আপোনালোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই৷ সপ্তাহৰ বন্ধ দিনটোত খুৱ স্ফুৰ্তি কৰক৷ আমি আকৌ শাসনলৈ উভটি আহিম৷’’

উল্লেখ্য যে, কৰ্ণাটকৰ ২২৪ টা বিধানসভা ক্ষেত্ৰৰ ২২২ টা ক্ষেত্ৰৰ ভোটদান প্ৰক্ৰিয়া শনিবাৰে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয়৷ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, ৰাজ্যখনৰ ৭০ শতাংশ ভোটধিকাৰে ভোটদান কৰি ৰাজ্যখনৰ নতুন চৰকাৰ আৰু মূখ্যমন্ত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে৷ আনহাতে ৬ টা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু এটা স্থানীয় সংবাদ মাধ্যমে ৰাজ্যখনৰ ৮ টা মুখ্য ভোটদান কেন্দ্ৰৰ প্ৰচাৰণ কৰি ৬ টা ভোটদান কেন্দ্ৰতে বিজেপিয়ে জয়লাভ কৰিব বুলি সমীক্ষা প্ৰস্তুত কৰিছে৷ 

ইফালে ৰাজ্যখনত সম্পন্ন হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ পৰ্যালোচনাৰে ভৱিষ্যতবাণী কৰা হৈছে যে ৰাজ্যখনত এইবাৰ জনতা দল চেকুলাৰ শাসক নিৰ্মাতা হিচাপে প্ৰতিপন্ন হ’ব৷ দলটোৱে বিধানসভাৰ ২০ৰ পৰা ৪০ খনৰ ভিতৰত আসন লাভ কৰি ৰাজ্যখনত কোন দলে ক্ষমতা লাভ কৰিব, সেয়া নিৰ্ধাৰণ কৰিব বুলি অনুমান কৰা হৈছে৷