ডিজিটেল ডেস্কঃ ভাৰতৰ মূখ্য ন্যায়ধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে সাতটা দলে অনা মহাভিযোগ প্ৰস্তাৱ খাৰিজ কৰিছে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে৷ সোমবাৰে ৰাজ্যসভাৰ সভাপতি তথা দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে কেইবাজনো আইন আৰু সংবিধান বিশেষজ্ঞৰ সৈতে আলোচনা কৰি দীপক মিশ্ৰাৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ কৰে৷ 

উল্লেখ্য যে, অমানবীয় আচৰণ, পদৰ দুৰ্ব্যৱহাৰ আদি ৫টা অভিযোগ উত্থাপন কৰি শুকুৰবাৰে কংগ্ৰেছ, ৰাকাম্পা, মাকপা, ভাকপা, এছপি, বিএছপি আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ ৭১ গৰাকী সদস্যই হস্তাক্ষৰ কৰি মূখ্য ন্যায়ধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ দাখিল কৰিছিল৷ কিন্তু ভেংকায়া নাইডুয়ে সেয়া খাৰিজ কৰি কংগ্ৰেছ সহ আন দলসমূহক সেউজীয়া সংকেত প্ৰদান কৰাৰ পৰা বিৰত থাকে৷ 

ইফালে মহাভিযোগ প্ৰস্তাৱ খাৰিজ কৰাৰ কাৰণ দৰ্শাই ৰাজ্যসভাৰ সভাপতিগৰাকীয়ে কয়, ‘‘কংগ্ৰেছে মূখ্য ন্যায়ধীশগৰাকীৰ বিৰুদ্ধে দৰ্শোৱা কাৰণসমূহ মই জুকিয়াই চাইছোঁ৷ কিন্তু তাৰ পৰা এনে কোনো তথ্য লাভ কৰিব পৰা নগ’ল যাৰ দ্বাৰা মূখ্য ন্যায়ধীশগৰাকীৰ দুৰ্ব্যৱহাৰ সম্পৰ্কে প্ৰমাণ পোৱা যায়৷’’ 

যিসকল সাংসদে মূখ্য ন্যায়ধীশৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁলোক নিজৰেই সেই অভিযোগৰ ওপৰত ভৰষা নাই বুলি উল্লেখ কৰি ভেংকেয়া নাইডুয়ে কয় যে সমগ্ৰ ঘটনাটো উচ্চতম ন্যায়লয়ে পৰ্যালোচনা কৰক৷ কাৰণ এনে অভিযোগে ন্যায়পালিকাৰ স্বাধীনতাকহে দুৰ্বল কৰি তুলিব পাৰে৷ 

ৰাজ্যসভাৰ সভাপতিৰ এই সিদ্ধান্তক সমৰ্থন কৰি বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমণিয়ম স্বামীয়ে কয় যে ভেংকেয়া নাইডুয়ে যি সিদ্ধান্ত লৈছে সেয়া সম্পূৰ্ণ শুদ্ধ৷ এই সিদ্ধান্ত গ্ৰহণৰ বাবে দুদিন সময় লোৱাৰ কোনো প্ৰয়োজন নাছিল বুলি উল্লেখ কৰি স্বামীয়ে মহাভিযোগ প্ৰস্তাৱনামাখন প্ৰথমতেই দলিয়াই পেলাব লাগিছিল বুলি মন্তব্য কৰে৷ কংগ্ৰেছে এনে এখন প্ৰস্তাৱনামা প্ৰেৰণ কৰি নিজে আত্মহত্যা কৰিছে বুলিও মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে৷ 

আনহাতে কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে মূখ্য ন্যায়ধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে দুৰ্বৱহাৰৰ অভিযোগ উত্থাপন কৰি কয়, ‘‘যেতিয়ালৈকে মূখ্য ন্যায়ধীশগৰাকীয়ে কৰ্তব্যৰ পৰা অৱসৰ নাপায়, তেতিয়ালৈকে মই তেওঁৰ ন্যায়লয়ত ভৰি নিদিওঁ৷ কিয়নো মই মোৰ বৃত্তিটো সদায় নিকা আৰু দোষমুক্ত কৰি ৰাখিব বিচাৰো৷’’