ঢেকীয়াজুলিঃ এখন যাত্ৰীবাহী ৰেলৰ খুন্দাত প্ৰায় ৫০ফুট আঁতৰত ছিটিকি পৰি থিতাতে কৰুণ মৃত্যুক সাৱতিলে এগৰাকী ৬০ বছৰীয়া মহিলাই৷ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ মিছামাৰী সেনা ছাউনীৰ সমীপৰ গাভৰু নৈৰ পাৰত৷
নৈখনৰ ওপৰত থকা ৰেলৰ দলং পাৰ হৈ বিয়লি প্ৰায় ৫.৪৫ বজাত সমীপৱৰ্তী সোণাজুলি গাঁৱৰ নিজগৃহলৈ বুলি ঢাপলি মেলিছিল দুগৰাকী মহিলা৷ দলংখনত উঠাৰ সময়তে ৰঙাপৰাৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা যাত্ৰীবাহী ৰেলখন আহি সেই স্থানত তীব্ৰ বেগে উপস্থিত হয়৷
লগে লগে দলঙত অবস্থান কৰা দুয়োগৰাকী মহিলাই দৌৰি পলাবলৈ চেষ্টা কৰে। এই চেষ্টাত এগৰাকী মহিলা কথমপি ৰক্ষা পৰে যদিও জয়ন্তী মুণ্ডা নামৰ শ্ৰমজীৱি মহিলাগৰাকী চলন্ত ৰেলৰ খুন্দাত ছিটিকি পৰে৷
ইফালে সেই জনাকীৰ্ণ স্থানত মহিলাগৰাকীক ৰেলে খুন্দিওৱাৰ খবৰ প্ৰত্যক্ষদৰ্শীয়ে ৰেল কৰ্তৃপক্ষক জনোৱাৰ পিছত প্ৰায় ৮-৩০বজাতহে ৰেল আৰক্ষী আহি মহিলাগৰাকীক উদ্ধাৰ কৰে৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সন্ধিয়া সময়ত সেই স্থানত সেনা বাহিনীৰ লোকে সাধাৰণ নাগৰিকক পথৰ ওপৰত থকা গাভৰু নদীৰ আনখন দলং পাৰ হোৱাত বাধা প্ৰদান কৰে। ফলত কাষৰীয়া গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি এনেদৰেই ৰেলপথৰ দলঙেৰে অহা-যোৱা কৰিবলৈ বাধ্য হৈ পৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।