• "নগাঁৱত দেৱকান্ত বৰুৱাক সোঁৱৰণ"

চামগুৰিঃ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কলংপৰীয়া কবি দেৱকান্ত বৰুৱাৰ আজি পবিত্ৰ জন্মতিথি। তেখেতে অতি কম দৰমহা পোৱা শিক্ষাগুৰুসকলৰ বেতন বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চশিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে বিভিন্ন চৰকাৰী বৃত্তিৰ ব্যৱস্থা কৰাৰ উপৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিছিল৷ এইগৰাকী স্বনামধন্য কলংপৰীয়া কবি-সাহিত্যিকে একমাত্ৰ কবিতাপুথি "সাগৰ দেখিছা" লিখি অসমীয়া সাহিত্যত নিজৰ নাম জিলিকাই ৰাখিছিল বুলি "ৰাজপথৰ কবিতা"ৰ সভাপতি অধ্যাপক প্ৰদীপ কুমাৰ বৰাই বক্তব্য আগবঢ়ায়। 

নগাঁৱৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু "ৰাজপথৰ কবিতা"ৰ উদ্যোগত দেৱকান্ত বৰুৱা সোঁৱৰণী কবিতাৰ সভাত দেৱকান্ত বৰুৱাৰ কবিতা "মোৰ দেশ মানুহৰ দেশ" আবৃত্তি কৰে শিশু সমৰজিৎ শইকীয়া, "বিহুৰ পেপা" শিশু দুৱৰী কাশ্যপ শইকীয়াই। ডিমৰীয়া কলেজৰ অধ্যাপক মোহিনী মোহন ডেকাই সঞ্চলনা কৰা কবিতাৰ সভাত কবিতা পাঠ কৰে কবি চন্দ্ৰ শইকীয়া, ড° জোনালী শৰ্মা, জেউতী হাজৰিকা, প্ৰতুল বৰা, অচ্যুত প্ৰৱৰ শৰ্মা, মধুমিতা বৰুৱা, অনুৰম বৰা, গুণদা গোস্বামী, ভৰত কেওট, সমীৰণ বৰবৰা, তেজস্বিনী কৌৰ, হাছিনা মমতাজ, প্ৰীতিমণি শৰ্মা, মায়ামণি দেৱী, কৰবী লিগিৰা, পুলকানন্দ কৌশিক, দ্বীজেন্দ্ৰমোহন শইকীয়া, নয়নমণি মিশ্ৰ, পাপু মজুমদাৰ, সুস্মিতা দত্তদাস, কবিতা বৰা, এম ইব্ৰাহিম আলি, বসন্ত কৌশিক ভাগৱতী, দেৱযানী শৰ্মা পাঠক,জয়ন্তী বৰা, ৰাতুল শৰ্মাই।

কবিতা সভাৰ আৰম্ভণীতে যুদ্ধৰ বিৰোধীতাৰে জম্বু-কাশ্মীৰত প্ৰয়াত শ্বহীদসকললৈ শ্ৰদ্ধা জনোৱাৰ লগতে কলংপৰীয়া চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ ওপজা দিন উপলক্ষ্যে চিত্ৰশিল্পী সুজিত দাসে অসমীয়া শংকৰীশৈলীত অংকণ কৰা সাতখন তৈলচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে ছবিৰ বিশ্ববাসীৰ ভাষা বুলি, এই ভাষা সকলোৱে বুজি পায় সেয়ে শিল্পী প্ৰণৱ বৰুৱা বিশ্ববন্দিত শিল্পী। 

নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালৰ অধ্যক্ষ ড° শিৱৰঞ্জন মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনিত তেওঁ কয় "মই কবি নহ'লেও মোৰ দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, বেজবৰুৱা আদি অগ্ৰজ কবিসকলৰ কবিতা মোৰ মনত আছে কিন্তু মই নতুন কবিৰ কবিতা পঢ়িছোঁ আপোনালোকেও পঢ়িছে কিন্ত মোৰ মনত নাই আপোনালোকৰ মনত আছেনে নাই মই নাজানো; কথাটো অতি গুৰুত্বপূৰ্ণ কথা" বুলি মন্তব্য কৰে। আজিৰ সভাতে সঞ্চালকৰ মন্তব্যত দেৱকান্ত বৰুৱাক 'ভাৰতৰত্ন' প্ৰদানৰ দাবী তোলে৷