newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যা কৰিব পাৰে৷ খোদ মমতা বেনাৰ্জীয়ে এই সন্দেহ প্ৰকাশ কৰে৷ শুকুৰবাৰে এটি নিউজ চেনেলক দিয়া সক্ষাতকাৰত দেশৰ প্ৰভাৱশালী নেত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে৷ ভাড়াতীয়া হত্যাকাৰীৰ হতুৱাই তেওঁক হত্যা কৰা হ’ব পাৰে বুলি কয়৷ আনকি তেওঁক হত্যা কৰাৰ বাবে ভাড়াতীয়া হত্যাকাৰীক টকা আগধন দিয়া হৈছে বুলি কয়৷ 

ইমানে নহয় মমতাৰ ঘৰ পৰ্যন্ত হত্যাকাৰীয়ে পৰিদৰ্শন কৰি গৈছে বুলি কয়৷ নাম নোলোৱাকৈয়ে এটি ৰাজনৈতিক দলে এই ষড়যন্ত্ৰ ৰচনা কৰা বুলি কয়৷ দলটোৰ নাম উল্লেখ নকৰাকৈয়ে হত্যাৰ বাবে আগধন দিয়া বুলি কয়৷ ৰাজনীতিৰ পথাৰত যুঁজিবলৈ ভয় কৰি হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি কয়৷ প্ৰথমে চৰিত্ৰহনন কৰি হত্যাৰ ষড়যন্ত্ৰ কৰাৰ আশংকা ব্যক্ত কৰে৷

তেওঁ কয় ‘‘মই এই কথা কাকো কোৱা নাই৷ আনকি মোৰ পৰিয়ালকো কোৱা নাই৷ আৰক্ষীয়ে মোক বাৰে বাৰে ঘৰ সলাবলৈ কৈ আহিছে কিন্তু মই মান্তি হোৱা নাই৷ মই মৰিবলৈ ভয় নকৰো৷ ইয়াৰ পূৰ্বেও মোক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছে৷ মৃত্যুৰ পৰা হাত সাৰিছো কেনেবাকৈ৷ মোক হত্যা কৰিলে তৃণমুল দল শেষ হৈ যাব বুলি ভুল কৰিছে৷ মই নাথাকিলেও দল চলি থাকিব৷’’