কহিমাঃ মঙলবাৰে পুৱাৰে পৰা নাগালেণ্ডত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত কেইবাটাও অঘটন সংঘটিত হয়। নাগালেণ্ডৰ আকলুটত NPF আৰু NDPPৰ মাজত সংঘাতৰ সৃষ্টি হয়।

প্ৰথমে দুয়ো দলৰ সমৰ্থকৰ মাজত হতাহতি লাগে যদিও পিছত দুয়ো দলৰ সমৰ্থকৰ মাজত গুলীয়াগুলী লাগে। ফলত এজন লোকৰ মৃত্যু হয় আৰু প্ৰায় ৪ জন লোক আহত হয়।