ডিজিটেল ডেস্কঃ পুনৰ্বাৰ মাওঁবাদীৰ ভয়ংকৰ আক্ৰমণ সংঘটিত হ’ল ছট্টিছগড়ত৷ আজি ৰাজ্যখনৰ সুকমা অঞ্চলত মাওবাদীৰ আক্ৰমনত ২৬ গৰাকী চিআৰপিএফ জোৱান নিহত হৈছে৷

আক্ৰমণত কেবাগৰাকী জোৱান আহত হৈছে৷  চিআৰপিএফৰ দলটোৱে সুকমা অঞ্চলৰ চিতাগুফাত এক পথ নিৰ্মাণ কাৰ্যৰ সুৰক্ষাত ব্যস্ত থাকোতেই সংঘটিত হয় এই ঘটনা৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আইইডি বোমাৰে এই আক্ৰমণ সংঘটিত কৰে আক্ৰমণকাৰীয়ে৷ হেলিকপ্তাৰৰে আহতসকলক উদ্ধাৰ কৰা হয় বুলি প্ৰকাশ কৰে এগৰাকী আৰক্ষী বিষয়াই৷

উল্লেখযোগ্য যে বিগত মাহতো ৰাজ্যখনৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল৷ উক্ত আক্ৰমণৰ পিছতে আৰক্ষী আৰু মাওবাদীৰ মাজৰ সংঘৰ্ষত ৬ জন উগ্ৰপন্থী নিহত হৈছিল৷